--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এনে ৩ জন বেটছমেন আছে যিয়ে এদিনীয়া দলত অ’পেনাৰ হিচাপে ৰোহিত শৰ্মাৰ স্থান কাঢ়ি নিব পাৰে। ৩৮ বছৰীয়া ৰোহিত শৰ্মাৰ বাবে ভাৰতৰ এদিনীয়া দলত অধিনায়ক আৰু অ’পেনাৰ হিচাপে থকাটো এতিয়া অতি কঠিন হৈ পৰিছে।

ডিজিটেল ডেস্ক : ভাৰতত বৰ্তমান প্ৰতিভাৱান বেটছমেনৰ ভঁৰাল চহকী হৈ আছে। প্ৰতিযোগিতা অহৰহ বাঢ়িছে আৰু আই পি এলৰ জৰিয়তে ইজনৰ পিছত সিজন বিস্ফোৰক বেটছমেনে টিম ইণ্ডিয়াৰ দুৱাৰত টোকৰ মাৰিছে।


ইয়াৰ মাজতে এনে ৩ জন বেটছমেন আছে যিয়ে এদিনীয়া দলত অ’পেনাৰ হিচাপে ৰোহিত শৰ্মাৰ স্থান কাঢ়ি নিব পাৰে। ৩৮ বছৰীয়া ৰোহিত শৰ্মাৰ বাবে ভাৰতৰ এদিনীয়া দলত অধিনায়ক আৰু অ’পেনাৰ হিচাপে থকাটো এতিয়া অতি কঠিন হৈ পৰিছে। ভাৰতত এনে ৩ জন বেটছমেন আছে যিয়ে এদিনীয়া দলত অ’পেনাৰ হিচাপে ৰোহিত শৰ্মাৰ স্থান কাঢ়ি লোৱাই নহয়, ভাৰতৰ হৈ ২০২৭ চনৰ বিশ্বকাপ খেলিবও পাৰে।


১) অভিষেক শৰ্মা


২৪ বছৰীয়া অভিষেক শৰ্মাক ভাৰতৰ বিস্ফোৰক অ’পেনিং বেটছমেনৰ ভিতৰত গণ্য কৰা হৈছে। অভিষেক শৰ্মাই টিম ইণ্ডিয়াৰ হৈ এতিয়ালৈকে মাত্ৰ ১৭খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচহে খেলিছে, য’ত তেওঁ ১৯৩.৮৫ ষ্ট্ৰাইক ৰেটত ৫৩৫ ৰান আৰু গড়ে ৩৩.৪৪ ৰান সংগ্ৰহ কৰিছে। অভিষেক শৰ্মাই টি-২০ ইণ্টাৰনেশ্যনেলত ২টা শতক আৰু ২টা অৰ্ধশতক অৰ্জন কৰিছে।


অভিষেক শৰ্মাৰ আই পি এলৰ অভিলেখো অতি আকৰ্ষণীয়। অভিষেক শৰ্মাই আই পি এলৰ ৭৭খন খেলত ১৬২.৯৩ ষ্ট্ৰাইক ৰেট আৰু ২৭.০৯ গড়ে ১৮১৫ ৰান সংগ্ৰহ কৰিছে। অভিষেক শৰ্মাই আই পি এলত ১ শতক আৰু ৯টা অৰ্ধশতক অৰ্জন কৰিছে। এদিনীয়া খেলত ভাৰতৰ স্থায়ী অ’পেনাৰ হোৱাৰ সম্পূৰ্ণ সামৰ্থ্য আছে অভিষেক শৰ্মাৰ।


২) প্ৰিয়ংশ আৰ্য্য


এদিনীয়া দলৰ হৈ বিস্ফোৰক অ’পেনাৰ লাভ কৰিছে টিম ইণ্ডিয়াই। এইগৰাকী বেটছমেনে নিজৰ উৎকৃষ্ট প্ৰদৰ্শনৰ ভিত্তিত অহৰহ টিম ইণ্ডিয়াৰ দুৱাৰত টোকৰ মাৰি থাকে। ভাৰতৰ ২৪ বছৰীয়া যুৱ বেটছমেন প্ৰিয়ংশ আৰ্য্য এদিনীয়াত ভাৰতৰ স্থায়ী অ’পেনাৰ হোৱাৰ প্ৰতিদ্বন্দ্বী।


প্ৰিয়ংশ আৰ্য্যই এই পৰ্যন্ত আই পি এলৰ ১৭খন মেচত গড়ে ২৭.৯৪ আৰু ১৭৯.২৫ ষ্ট্ৰাইক ৰেটত ৪৭৫ ৰান সংগ্ৰহ কৰিছে। আই পি এলৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰ হিচাপে প্ৰমাণিত হৈছে প্ৰিয়ংশ আৰ্য্য। আই পি এলত এটা শতক আৰু ২টা অৰ্ধশতক অৰ্জন কৰিছে প্ৰিয়ংশ আৰ্য্যই। বাওঁহাতেৰে বিস্ফোৰক বেটিং কৰাৰ উপৰিও প্ৰিয়ংশ আৰ্য্যই সোঁহাতেৰে অফ ব্ৰেক বল কৰে। টিম ইণ্ডিয়াৰ হৈ তিনিওটা ফৰ্মেটতে অভিষেক ঘটোৱাৰ ক্ষমতা আছে প্ৰিয়ংশ আৰ্য্যৰ।


৩) বৈভৱ সূৰ্য্যবংশী


মাত্ৰ ১৪ বছৰ বয়সতে এইবাৰ আই পি এলত অভিষেক ঘটাই বৈভৱ সূৰ্যবংশীয়ে এক চাঞ্চল্যৰ সৃষ্টি কৰিছিল।২০২৫ চনৰ ২৮ এপ্ৰিলত গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলা আই পি এল মেচখনত বৈভৱ সূৰ্য্যবংশীয়ে মাত্ৰ ৩৫টা বলত শতক অৰ্জন কৰিছিল।


বৈভৱ সূৰ্যবংশী হৈছে আই পি এলৰ ইতিহাসত শতক অৰ্জন কৰা ভাৰতীয় বেটছমেন। বৈভৱ সূৰ্য্যবংশী বাওঁহাতৰ বেটছমেন। তেওঁ বাওঁহাতৰ স্পিনতো বল কৰে।


আই পি এল ২০২৫ৰ মেগা নিলামত ১.১০ কোটি টকাত ক্ৰয় কৰিছিল ৰাজস্থান ৰয়েলছে বৈভৱ সূৰ্য্যবংশীক। আই পি এলৰ নিলামত নিৰ্বাচিত হোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ বৈভৱ সূৰ্য্যবংশী। এদিনীয়া মেচত ভাৰতৰ স্থায়ী অ’পেনাৰ হোৱাৰ প্ৰতিদ্বন্দ্বী বৈভৱ সূৰ্য্যবংশী।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু