--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এনে ৩ জন বেটছমেন আছে যিয়ে এদিনীয়া দলত অ’পেনাৰ হিচাপে ৰোহিত শৰ্মাৰ স্থান কাঢ়ি নিব পাৰে। ৩৮ বছৰীয়া ৰোহিত শৰ্মাৰ বাবে ভাৰতৰ এদিনীয়া দলত অধিনায়ক আৰু অ’পেনাৰ হিচাপে থকাটো এতিয়া অতি কঠিন হৈ পৰিছে।

ডিজিটেল ডেস্ক : ভাৰতত বৰ্তমান প্ৰতিভাৱান বেটছমেনৰ ভঁৰাল চহকী হৈ আছে। প্ৰতিযোগিতা অহৰহ বাঢ়িছে আৰু আই পি এলৰ জৰিয়তে ইজনৰ পিছত সিজন বিস্ফোৰক বেটছমেনে টিম ইণ্ডিয়াৰ দুৱাৰত টোকৰ মাৰিছে।


ইয়াৰ মাজতে এনে ৩ জন বেটছমেন আছে যিয়ে এদিনীয়া দলত অ’পেনাৰ হিচাপে ৰোহিত শৰ্মাৰ স্থান কাঢ়ি নিব পাৰে। ৩৮ বছৰীয়া ৰোহিত শৰ্মাৰ বাবে ভাৰতৰ এদিনীয়া দলত অধিনায়ক আৰু অ’পেনাৰ হিচাপে থকাটো এতিয়া অতি কঠিন হৈ পৰিছে। ভাৰতত এনে ৩ জন বেটছমেন আছে যিয়ে এদিনীয়া দলত অ’পেনাৰ হিচাপে ৰোহিত শৰ্মাৰ স্থান কাঢ়ি লোৱাই নহয়, ভাৰতৰ হৈ ২০২৭ চনৰ বিশ্বকাপ খেলিবও পাৰে।


১) অভিষেক শৰ্মা


২৪ বছৰীয়া অভিষেক শৰ্মাক ভাৰতৰ বিস্ফোৰক অ’পেনিং বেটছমেনৰ ভিতৰত গণ্য কৰা হৈছে। অভিষেক শৰ্মাই টিম ইণ্ডিয়াৰ হৈ এতিয়ালৈকে মাত্ৰ ১৭খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচহে খেলিছে, য’ত তেওঁ ১৯৩.৮৫ ষ্ট্ৰাইক ৰেটত ৫৩৫ ৰান আৰু গড়ে ৩৩.৪৪ ৰান সংগ্ৰহ কৰিছে। অভিষেক শৰ্মাই টি-২০ ইণ্টাৰনেশ্যনেলত ২টা শতক আৰু ২টা অৰ্ধশতক অৰ্জন কৰিছে।


অভিষেক শৰ্মাৰ আই পি এলৰ অভিলেখো অতি আকৰ্ষণীয়। অভিষেক শৰ্মাই আই পি এলৰ ৭৭খন খেলত ১৬২.৯৩ ষ্ট্ৰাইক ৰেট আৰু ২৭.০৯ গড়ে ১৮১৫ ৰান সংগ্ৰহ কৰিছে। অভিষেক শৰ্মাই আই পি এলত ১ শতক আৰু ৯টা অৰ্ধশতক অৰ্জন কৰিছে। এদিনীয়া খেলত ভাৰতৰ স্থায়ী অ’পেনাৰ হোৱাৰ সম্পূৰ্ণ সামৰ্থ্য আছে অভিষেক শৰ্মাৰ।


২) প্ৰিয়ংশ আৰ্য্য


এদিনীয়া দলৰ হৈ বিস্ফোৰক অ’পেনাৰ লাভ কৰিছে টিম ইণ্ডিয়াই। এইগৰাকী বেটছমেনে নিজৰ উৎকৃষ্ট প্ৰদৰ্শনৰ ভিত্তিত অহৰহ টিম ইণ্ডিয়াৰ দুৱাৰত টোকৰ মাৰি থাকে। ভাৰতৰ ২৪ বছৰীয়া যুৱ বেটছমেন প্ৰিয়ংশ আৰ্য্য এদিনীয়াত ভাৰতৰ স্থায়ী অ’পেনাৰ হোৱাৰ প্ৰতিদ্বন্দ্বী।


প্ৰিয়ংশ আৰ্য্যই এই পৰ্যন্ত আই পি এলৰ ১৭খন মেচত গড়ে ২৭.৯৪ আৰু ১৭৯.২৫ ষ্ট্ৰাইক ৰেটত ৪৭৫ ৰান সংগ্ৰহ কৰিছে। আই পি এলৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰ হিচাপে প্ৰমাণিত হৈছে প্ৰিয়ংশ আৰ্য্য। আই পি এলত এটা শতক আৰু ২টা অৰ্ধশতক অৰ্জন কৰিছে প্ৰিয়ংশ আৰ্য্যই। বাওঁহাতেৰে বিস্ফোৰক বেটিং কৰাৰ উপৰিও প্ৰিয়ংশ আৰ্য্যই সোঁহাতেৰে অফ ব্ৰেক বল কৰে। টিম ইণ্ডিয়াৰ হৈ তিনিওটা ফৰ্মেটতে অভিষেক ঘটোৱাৰ ক্ষমতা আছে প্ৰিয়ংশ আৰ্য্যৰ।


৩) বৈভৱ সূৰ্য্যবংশী


মাত্ৰ ১৪ বছৰ বয়সতে এইবাৰ আই পি এলত অভিষেক ঘটাই বৈভৱ সূৰ্যবংশীয়ে এক চাঞ্চল্যৰ সৃষ্টি কৰিছিল।২০২৫ চনৰ ২৮ এপ্ৰিলত গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলা আই পি এল মেচখনত বৈভৱ সূৰ্য্যবংশীয়ে মাত্ৰ ৩৫টা বলত শতক অৰ্জন কৰিছিল।


বৈভৱ সূৰ্যবংশী হৈছে আই পি এলৰ ইতিহাসত শতক অৰ্জন কৰা ভাৰতীয় বেটছমেন। বৈভৱ সূৰ্য্যবংশী বাওঁহাতৰ বেটছমেন। তেওঁ বাওঁহাতৰ স্পিনতো বল কৰে।


আই পি এল ২০২৫ৰ মেগা নিলামত ১.১০ কোটি টকাত ক্ৰয় কৰিছিল ৰাজস্থান ৰয়েলছে বৈভৱ সূৰ্য্যবংশীক। আই পি এলৰ নিলামত নিৰ্বাচিত হোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ বৈভৱ সূৰ্য্যবংশী। এদিনীয়া মেচত ভাৰতৰ স্থায়ী অ’পেনাৰ হোৱাৰ প্ৰতিদ্বন্দ্বী বৈভৱ সূৰ্য্যবংশী।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ