--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দুয়োগৰাকী তাৰকা ক্রিকেটাৰে ২০২৭ চনৰ এদিনীয়া বিশ্ব কাপত খেলিব খোজে। সেই ইচ্ছা তেওঁলোকে গোপনে ৰখা নাই। পিছে সাম্প্রতিক পৰিস্থিতিয়ে ভাৰতীয় ক্ৰিকেটৰ এই দুই মহান খেলুৱৈক ২০২৭ বিশ্ব কাপত আচলতে দেখা পোৱা যাবনে, সেই লৈ সন্দেহৰ সৃষ্টি কৰিছে।

ডিজিটেল ডেস্ক : কাগজে-কলমে এই পর্যন্ত ভাৰতীয় এদিনীয়া দলৰ অধিনায়ক ৰোহিত শর্মা। বিৰাট কোহলী এই পর্যন্ত দলৰ সবাতোকৈ সফল তাৰকা।


দুয়োগৰাকী তাৰকা ক্রিকেটাৰে ২০২৭ চনৰ এদিনীয়া বিশ্ব কাপত খেলিব খোজে। সেই ইচ্ছা তেওঁলোকে গোপনে ৰখা নাই। পিছে সাম্প্রতিক পৰিস্থিতিয়ে ভাৰতীয় ক্ৰিকেটৰ এই দুই মহান খেলুৱৈক ২০২৭ বিশ্ব কাপত আচলতে দেখা পোৱা যাবনে, সেই লৈ সন্দেহৰ সৃষ্টি কৰিছে।


সূত্র অনুসৰি বি চি চি আয়ে ছিনিয়ৰ তাৰকা দুগৰাকীৰ স্থানত নতুন খেলুৱৈক সুযোগ দিব বিচাৰিছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এটা সূত্রই দাবী কৰিছে যে ৰোহিত আৰু কোহলী অবিহনেই ২০২৭ চনৰ এদিনীয়া কাপ খেলাৰ পৰিকল্পনা কৰিছে ব'র্ডে। বি চি চি আইৰ এগৰাকী কৰ্মকৰ্তাই জনোৱা খবৰ অনুসৰি, এদিনীয়া বিশ্ব কাপৰ বাবে কোহলী আৰু ৰোহিত তেওঁলোকৰ পৰিকল্পনাত নাই। আসন্ন অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়তে দুয়োগৰাকী তাৰকাই কেৰিয়াৰ সামৰিবলগীয়া হ'ব পাৰে। সদ্য সমাপ্ত ইংলেণ্ড ভ্রমণৰ পূৰ্বেই ৰঙা বলৰ ক্ৰিকেটৰ পৰা অৱসৰ লয় ৰোহিত আৰু কোহলীয়ে। তাৰ আগেয়ে ৰোহিত আৰু কোহলীয়ে টি-২০ বিশ্ব কাপ জয় কৰি ক্ৰিকেটৰ চুটি সংস্কৰণৰ খেলবিধক বিদায় জনাইছিল। এই মুহূৰ্তত তাৰকা ক্রিকেটাৰ দুগৰাকীয়ে এদিনীয়াৰ বাহিৰে আন কোনো ফর্মেটত খেলা নাই। একেদৰে ঘৰুৱা ক্রিকেটতো তেওঁলোক সক্রিয় নহয়। ফলত উভয়ৰ ফিটনেছক লৈ প্রশ্ন উত্থাপন হৈছে।


বছৰত মাথোঁ কেইখনমান এদিনীয়া মেচ খেলি তেওঁলোকে নিজকে ফিট কৰি ৰাখিব নোৱাৰিব বুলি নির্বাচকে অনুভৱ কৰিছে। অৱশ্যে ব'ৰ্ডৰ একাংশই বৰ্তমান দুয়োগৰাকী তাৰকা ক্রিকেটাৰক বাদ দিব বিচৰা নাই। নিজৰ ফৰ্ম আৰু ফিটনেছ প্ৰমাণ কৰিব পাৰিলে দুয়োগৰাকীয়েই ২০২৭এদিনীয়া বিশ্ব কাপত সুযোগ পাব বুলি ক'ব খোজে ব'ৰ্ডৰ একাংশই। সেই ক্ষেত্রত কোহলী আৰু ৰোহিতে বিজয় হাজাৰে ট্ৰফীত খেলিব লাগিব। বিজয় হাজাৰেত নেখেলিলে জাতীয় দলৰ দৰ্জা বন্ধ হৈ যাব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু