--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দুয়োগৰাকী তাৰকা ক্রিকেটাৰে ২০২৭ চনৰ এদিনীয়া বিশ্ব কাপত খেলিব খোজে। সেই ইচ্ছা তেওঁলোকে গোপনে ৰখা নাই। পিছে সাম্প্রতিক পৰিস্থিতিয়ে ভাৰতীয় ক্ৰিকেটৰ এই দুই মহান খেলুৱৈক ২০২৭ বিশ্ব কাপত আচলতে দেখা পোৱা যাবনে, সেই লৈ সন্দেহৰ সৃষ্টি কৰিছে।

ডিজিটেল ডেস্ক : কাগজে-কলমে এই পর্যন্ত ভাৰতীয় এদিনীয়া দলৰ অধিনায়ক ৰোহিত শর্মা। বিৰাট কোহলী এই পর্যন্ত দলৰ সবাতোকৈ সফল তাৰকা।


দুয়োগৰাকী তাৰকা ক্রিকেটাৰে ২০২৭ চনৰ এদিনীয়া বিশ্ব কাপত খেলিব খোজে। সেই ইচ্ছা তেওঁলোকে গোপনে ৰখা নাই। পিছে সাম্প্রতিক পৰিস্থিতিয়ে ভাৰতীয় ক্ৰিকেটৰ এই দুই মহান খেলুৱৈক ২০২৭ বিশ্ব কাপত আচলতে দেখা পোৱা যাবনে, সেই লৈ সন্দেহৰ সৃষ্টি কৰিছে।


সূত্র অনুসৰি বি চি চি আয়ে ছিনিয়ৰ তাৰকা দুগৰাকীৰ স্থানত নতুন খেলুৱৈক সুযোগ দিব বিচাৰিছে। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এটা সূত্রই দাবী কৰিছে যে ৰোহিত আৰু কোহলী অবিহনেই ২০২৭ চনৰ এদিনীয়া কাপ খেলাৰ পৰিকল্পনা কৰিছে ব'র্ডে। বি চি চি আইৰ এগৰাকী কৰ্মকৰ্তাই জনোৱা খবৰ অনুসৰি, এদিনীয়া বিশ্ব কাপৰ বাবে কোহলী আৰু ৰোহিত তেওঁলোকৰ পৰিকল্পনাত নাই। আসন্ন অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়তে দুয়োগৰাকী তাৰকাই কেৰিয়াৰ সামৰিবলগীয়া হ'ব পাৰে। সদ্য সমাপ্ত ইংলেণ্ড ভ্রমণৰ পূৰ্বেই ৰঙা বলৰ ক্ৰিকেটৰ পৰা অৱসৰ লয় ৰোহিত আৰু কোহলীয়ে। তাৰ আগেয়ে ৰোহিত আৰু কোহলীয়ে টি-২০ বিশ্ব কাপ জয় কৰি ক্ৰিকেটৰ চুটি সংস্কৰণৰ খেলবিধক বিদায় জনাইছিল। এই মুহূৰ্তত তাৰকা ক্রিকেটাৰ দুগৰাকীয়ে এদিনীয়াৰ বাহিৰে আন কোনো ফর্মেটত খেলা নাই। একেদৰে ঘৰুৱা ক্রিকেটতো তেওঁলোক সক্রিয় নহয়। ফলত উভয়ৰ ফিটনেছক লৈ প্রশ্ন উত্থাপন হৈছে।


বছৰত মাথোঁ কেইখনমান এদিনীয়া মেচ খেলি তেওঁলোকে নিজকে ফিট কৰি ৰাখিব নোৱাৰিব বুলি নির্বাচকে অনুভৱ কৰিছে। অৱশ্যে ব'ৰ্ডৰ একাংশই বৰ্তমান দুয়োগৰাকী তাৰকা ক্রিকেটাৰক বাদ দিব বিচৰা নাই। নিজৰ ফৰ্ম আৰু ফিটনেছ প্ৰমাণ কৰিব পাৰিলে দুয়োগৰাকীয়েই ২০২৭এদিনীয়া বিশ্ব কাপত সুযোগ পাব বুলি ক'ব খোজে ব'ৰ্ডৰ একাংশই। সেই ক্ষেত্রত কোহলী আৰু ৰোহিতে বিজয় হাজাৰে ট্ৰফীত খেলিব লাগিব। বিজয় হাজাৰেত নেখেলিলে জাতীয় দলৰ দৰ্জা বন্ধ হৈ যাব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ