--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ চন্দ্ৰযান-৩-এ চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰাৰ পিছতে ৩০ আগষ্টৰ নিশা আকাশত চন্দ্ৰটো অতি উজ্জ্বল ৰূপত দেখা যাব।  আকাশত সচৰাচৰ দেখা চন্দ্ৰটোতকৈ কাইলৈ দেখিবলগীয়া চন্দ্ৰটোৰ আকাৰ বহু খিনি ডাঙৰ দেখা যাব।  কেৱল সেয়াই নহয়, কাইলৈ চন্দ্ৰটোৰ উজ্জলতাও বহু খিনি বৃদ্ধি পাব।উল্লেখ্য চলিত বৰ্ষৰ  আগষ্ট মাহত দুটাকৈ পূৰ্ণিমাৰ দিন আছিল। সেই পূৰ্ণিমাৰ দিনতে ব্লু মুন বা নীলা চন্দ্ৰ দেখা যায়। প্ৰথম পূৰ্ণিমা ১ আগষ্টত আছিল আৰু দ্বিতীয় পূৰ্ণিমা ৩০ আগষ্টত হ'ব। সমগ্ৰ বিশ্বই এই জ্যোতিৰ্বৈজ্ঞানিক ঘটনাটো চাবলৈ অধীৰ আগ্ৰহেৰে ৰৈ আছে। কাইলৈ  চন্দ্ৰৰ আকাৰ সচৰাচৰ দেখাতকৈ  ১৪ শতাংশ ডাঙৰ হ'ব। 

এই দৃশ্য প্ৰতি ২ বা ৩ বছৰৰ মূৰতহে  দেখা যায়। মহাকাশত কিছুমান জ্যোতিৰ্বৈজ্ঞানিক পৰিঘটনাৰ ফলত আকাশত নতুন চন্দ্ৰ, পূৰ্ণিমা, চুপাৰ মুন আৰু নীলা চন্দ্ৰ বা ব্লু মুন আদি  দেখা যায়। ব্লু মুন হৈছে এনে এক জ্যোতিৰ্বৈজ্ঞানিক পৰিঘটনা, যাক প্ৰতি ২ ৰ পৰা ৩ বছৰত দেখা যায়। যেতিয়া এমাহত দুটা পূৰ্ণিমা থাকে, দ্বিতীয় পূৰ্ণিমাক ব্লু মুন  বুলি কোৱা হয়। সেইদিনা চন্দ্ৰটো  আকাৰত অলপ ডাঙৰ হয় , লগতে ইয়াৰ ৰঙো অলপ বেলেগ হয়। যদি বছৰৰ দুই বা তাতোকৈ বেছি  মাহত দুটা পূৰ্ণিমা থাকে তেন্তে সেই বছৰটোক চন্দ্ৰ বৰ্ষ বুলি কোৱা হয়। এনে ঘটনা ২০১৮ চনত দেখা গৈছিল। সেই চনটো চন্দ্ৰ বৰ্ষ আছিল। কিয়নো ২০১৮  বৰ্ষৰ  জানুৱাৰী আৰু মাৰ্চত দুটাকৈ পূৰ্ণিমা আছিল।

চন্দ্ৰই এবছৰত পৃথিৱীৰ চাৰিওফালে ১২,২৭ বাৰ ঘূৰে। পৃথিৱীত এবছৰত ১২ মাহ থাকে আৰু প্ৰতি মাহে পূৰ্ণিমা হয়। এনেদৰে প্ৰতিটো কেলেণ্ডাৰ বৰ্ষত চন্দ্ৰই পৃথিৱীক ১২ বাৰ সম্পূৰ্ণৰূপে প্ৰদক্ষিণ কৰাৰ পাছতো  ১১ দিন বাকী ৰৈ যায়।   যদি এই অতিৰিক্ত দিনবোৰ প্ৰতি বছৰে যোগ কৰা হয়, তেন্তে এই সংখ্যা দুবছৰত ২২ আৰু তিনি বছৰত ৩৩ দিন হয়। ইয়াৰ বাবে প্ৰতি ২ বা ৩ বছৰত এনে এক পৰিবেশৰ  সৃষ্টি হয়, য'ত অতিৰিক্ত পূৰ্ণিমা পৰে। এই পৰিস্থিতিটোক ব্লু মুন বুলি কোৱা হয়। ৩০ আগষ্টত দেখিবলগীয়া  ব্লু মুন বছৰটোৰ আটাইতকৈ ডাঙৰ আৰু উজ্জ্বল চন্দ্ৰ হ'ব।

 নীলা ৰঙৰ অৰ্থ এয়া  নহয় যে চন্দ্ৰক নীলা দেখাব, কিন্তু কেতিয়াবা বায়ুমণ্ডলীয় কাৰকৰ  বাবে চন্দ্ৰৰ ৰং নীলা দেখা যাব পাৰে।   

সূৰ্য অস্ত যোৱাৰ লগে লগে ব্লু মুন  চালে অতি ধুনীয়া ৰূপত চন্দ্ৰটো দেখা যাব।  ৩০ আগষ্টৰ নিশা ৮.৩৭  বজাত  চন্দ্ৰটো  আটাইতকৈ বেছি উজ্জ্বল হৈ পৰিব।  ইয়াৰ পিছত ব্লু মুন তিনি বছৰ পিছত ২০২৬  চনত দেখা যাব।এই জ্যোতিৰ্বৈজ্ঞানিক ঘটনা এনে এটা সময়ত ঘটিবলৈ গৈ আছে যেতিয়া ভাৰতৰ অভিযান চন্দ্ৰযান-৩ চন্দ্ৰত অৱতৰণ  কৰিছে।  ২৩ আগষ্টত চন্দ্ৰযান-৩-এ  চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিছিল। ১৪ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা চন্দ্ৰযান উৎক্ষেপণ কৰা হৈছিল। ৪০ দিন ভ্ৰমণ কৰাৰ পিছত, চন্দ্ৰযান খনে ২৩  আগষ্টৰ সন্ধিয়া ৬.০৪ বজাত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিছিল। চন্দ্ৰযানৰ তিনিটা মুখ্য অংশ আছে, প্ৰপালচন মডিউল, লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞান।  ১৭ আগষ্টত লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞান প্ৰপালচন মডিউলৰ পৰা পৃথক হৈছিল। ইয়াৰ  পিছতে বিক্ৰম আৰু ৰোভাৰে  চন্দ্ৰত অৱতৰণ কৰিছিল। বিক্ৰম আৰু প্ৰজ্ঞানে ২৩ আগষ্টৰ পৰা ১৪ দিনৰ বাবে চন্দ্ৰপৃষ্ঠত অধ্যয়ন চলাই যাব। 

এই ১৪ দিনৰ বাবে চন্দ্ৰত সূৰ্যৰ পোহৰ থাকিব। চন্দ্ৰৰ এটা দিন পৃথিৱীৰ ২৯ দিনৰ সমান, ১৪ দিন ৰাতি আৰু দিন হয় ১৪ দিন। ২৩ আগষ্টত সূৰ্য চন্দ্ৰত দেখা গৈছিল  আৰু একেদিনাই চন্দ্ৰযানে চন্দ্ৰত ভৰি দিছিল। আজিলৈকে কোনো দেশৰ মহাকাশযানে চন্দ্ৰৰ দক্ষিণ মেৰুত উপস্থিত হোৱা নাই, সেয়েহে সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলে ভাৰতৰ অভিযানৰ বিষয়ে চৰ্চা কৰিছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ