--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰলতা মানুহৰ প্ৰধান অলংকাৰ। সহজ-সৰল, বিনয়ী মানুহে সহজতে মানুহৰ হৃদয়ত স্থান দখল কৰে। সহজ-সৰল আৰু বিনয়ী মনোভাৱেৰে মানুহৰ মনত স্থান দখল কৰা এগৰাকী নাৰী হ’ল সুধা মূৰ্তি। সুধা মূৰ্তি হৈছে 'Infosys'ৰ সংস্থাপক। বিশ্বখ্যাত নাৰায়ণ মূৰ্তি তেওঁৰ স্বামী। সুধা মূৰ্তিৰ জোঁৱাই ঋষি সুনক ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।

সুধা মূৰ্তি বহু প্ৰতিভাসম্পন্ন মহিলা আৰু বিশ্বৰ শক্তিশালী নাৰীসকলৰ ভিতৰত অন্যতম হিচাপে পৰিচিত। কিন্তু সুধা মূৰ্তি যিটোৰ বাবে আটাইতকৈ বেছি পৰিচিত সেয়া হ’ল তেওঁৰ নম্ৰতা আৰু বিনয়। 

ৰাজ্যসভাৰ সাংসদ তথা অভিযন্তা সুধা মূৰ্তিয়ে এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে তেওঁ ৩০ বছৰে এখনো শাৰী ক্ৰয় কৰা নাই। ইয়াৰ কাৰণ হৈছে কাশী ভ্ৰমণ। সুধা মূৰ্তিয়ে কয়, "কোৱা হয় যে কাশীলৈ গ'লে নিজৰ ভাললগা কিবা ত্যাগ কৰিব লাগে। শ্বপিং কৰি মই ভাল পাইছিলোঁ, সেয়ে গংগা মাক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই গোটেই জীৱন শ্বপিং নকৰো। উল্লেখ্য যে ৩০ বছৰৰো অধিক সময় ধৰি উপহাৰ হিচাপে পোৱা শাৰীকেইখন পিন্ধি আহিছে সুধাই।

সুধা মূৰ্তি প্ৰায় ৩ হাজাৰ কোটি টকা সম্পত্তিৰ গৰাকী। 'পদ্মশ্ৰী','পদ্মভূষণ' সন্মানেৰে জীৱন মহীয়ান হোৱা সুধা মূৰ্তি এগৰাকী অভিযান্ত্ৰিক শিক্ষক, সমাজকৰ্মী, লেখিকা আৰু চিন্তাবিদো। এনে এগৰাকী মহিলাৰ এই ত্যাগে সকলোতে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
উপ-ৰাষ্ট্ৰপতি কোন? আজি নির্বাচন, ৰাধাকৃষ্ণণ বনাম সুদর্শন ৰেড্ডী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল