--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ত্ৰিপুৰাত এতিয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বৃদ্ধি পাইছে  এইচ আই ভি সংক্ৰমণৰ ঘটনা। শেহতীয়াকৈ এইচ আই ভি সংক্ৰমণৰ বলি  হৈ ৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু ঘটিছে।  ৰাজ্য খনত  এতিয়ালৈকে ইয়াত ৮২৮ গৰাকী এইচ আই ভি পজিটিভ ছাত্ৰ-ছাত্ৰী পোৱা গৈছে। এই তথ্য ত্ৰিপুৰা ৰাজ্যিক এইডছ কণ্ট্ৰল ছ’চাইটি (TSACS)ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰিছে । তেওঁ কয় যে এইচ আই ভি পজিটিভ ৮২৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৫৭২ গৰাকী এতিয়াও জীয়াই আছে। 

প্ৰায় প্ৰতিদিনে ত্ৰিপুৰাত পাঁচৰ পৰা সাতগৰাকী যুৱক-যুৱতী নতুনকৈ এইচ আই ভিত সংক্ৰমিত হৈছে।  উল্লেখ্য ত্ৰিপুৰাত এইচ আই ভিত আক্ৰান্ত হোৱা ছাত্ৰ-ছাত্ৰীৰ অধিকাংশই ধনী পৰিয়ালৰ সন্তান।  আক্ৰান্ত বহু ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানত উচ্চ শিক্ষাৰ লাভৰ বাবে ত্ৰিপুৰাৰ বাহিৰলৈ গুচি গৈছে বুলিও জানিব পৰা গৈছে। ত্ৰিপুৰা এইডছ কণ্ট্ৰল ছ’চাইটিয়ে ২২০খন বিদ্যালয় আৰু ২৪খন কলেজ আৰু বিশ্ববিদ্যালয়ৰ পৰা ড্ৰাগছ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীক চিনাক্ত কৰিছে। ত্ৰিপুৰা সাংবাদিক সংঘ, ৱেব মিডিয়া ফ’ৰাম আৰু টি এছ এ চি এছৰ যৌথ উদ্যোগত আয়োজিত সংবাদ মাধ্যমৰ কৰ্মশালাত ভাষণ দি টি এছ এ চি এছৰ যুটীয়া সঞ্চালকে ত্ৰিপুৰাত এইচ আই ভিৰ সামগ্ৰিক পৰিস্থিতিৰ পৰিসংখ্যাগত তথ্য উপস্থাপন কৰে। তেওঁ জনোৱা মতে, সমগ্ৰ ৰাজ্যৰ মুঠ ১৬৪ খন  স্বাস্থ্য কেন্দ্ৰৰ  পৰা তথ্য সংগ্ৰহ কৰা হৈছে।

ৰাজ্যখনত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা সন্দৰ্ভত টি এছ এ চি এছৰ  জ্যেষ্ঠ বিষয়াগৰাকীয়ে কয় যে ২০২৪ চনৰ মে’ মাহলৈকে আমি এ আৰ টি (এন্টিৰেট্ৰ’ভাইৰেল থেৰাপী) কেন্দ্ৰত ৮,৭২৯ গৰাকী লোকৰ নাম পঞ্জীয়ন কৰা হৈছে। ত্ৰিপুৰাত এতিয়া  এইচ আই ভি ৰোগত আক্ৰান্ত লোকৰ মুঠ সংখ্যা হৈছে ৫,৬৭৪ জন। ইয়াৰে ৪৫৭০ জন পুৰুষ, আনহাতে ১১০৩ জন মহিলা। ইয়াৰে মাত্ৰ এজন ৰোগী তৃতীয় লিংগৰ। বিষয়াগৰাকীয়ে কয় যে ছাত্ৰ-ছাত্ৰীৰ মাজত এইচ আই ভি ৰোগী বৃদ্ধিৰ বাবে দায়ী ড্ৰাগছ।এইচ আই ভিৰ সংখ্যা বৃদ্ধিৰ বাবে ড্ৰাগছ সেৱনকে  দোষাৰোপ কৰে বিষয়াগৰাকীয়ে।  তেওঁ কয় যে বেছিভাগ ক্ষেত্ৰতে ধনী পৰিয়ালৰ সন্তান  এইচ আই ভি সংক্ৰমিত হোৱা দেখা গৈছে। একেটা বেজীৰেই বহুজনে   ড্ৰাগছ গ্ৰহণ কৰাৰ বাবেই বহুতেই এই মাৰাত্মক ভাইৰাছ বিধৰ  চিকাৰ হৈছে বুলি তেওঁ কয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন