--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ত্ৰিপুৰাত এতিয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বৃদ্ধি পাইছে  এইচ আই ভি সংক্ৰমণৰ ঘটনা। শেহতীয়াকৈ এইচ আই ভি সংক্ৰমণৰ বলি  হৈ ৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মৃত্যু ঘটিছে।  ৰাজ্য খনত  এতিয়ালৈকে ইয়াত ৮২৮ গৰাকী এইচ আই ভি পজিটিভ ছাত্ৰ-ছাত্ৰী পোৱা গৈছে। এই তথ্য ত্ৰিপুৰা ৰাজ্যিক এইডছ কণ্ট্ৰল ছ’চাইটি (TSACS)ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰিছে । তেওঁ কয় যে এইচ আই ভি পজিটিভ ৮২৮ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৫৭২ গৰাকী এতিয়াও জীয়াই আছে। 

প্ৰায় প্ৰতিদিনে ত্ৰিপুৰাত পাঁচৰ পৰা সাতগৰাকী যুৱক-যুৱতী নতুনকৈ এইচ আই ভিত সংক্ৰমিত হৈছে।  উল্লেখ্য ত্ৰিপুৰাত এইচ আই ভিত আক্ৰান্ত হোৱা ছাত্ৰ-ছাত্ৰীৰ অধিকাংশই ধনী পৰিয়ালৰ সন্তান।  আক্ৰান্ত বহু ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিষ্ঠিত শিক্ষানুষ্ঠানত উচ্চ শিক্ষাৰ লাভৰ বাবে ত্ৰিপুৰাৰ বাহিৰলৈ গুচি গৈছে বুলিও জানিব পৰা গৈছে। ত্ৰিপুৰা এইডছ কণ্ট্ৰল ছ’চাইটিয়ে ২২০খন বিদ্যালয় আৰু ২৪খন কলেজ আৰু বিশ্ববিদ্যালয়ৰ পৰা ড্ৰাগছ গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীক চিনাক্ত কৰিছে। ত্ৰিপুৰা সাংবাদিক সংঘ, ৱেব মিডিয়া ফ’ৰাম আৰু টি এছ এ চি এছৰ যৌথ উদ্যোগত আয়োজিত সংবাদ মাধ্যমৰ কৰ্মশালাত ভাষণ দি টি এছ এ চি এছৰ যুটীয়া সঞ্চালকে ত্ৰিপুৰাত এইচ আই ভিৰ সামগ্ৰিক পৰিস্থিতিৰ পৰিসংখ্যাগত তথ্য উপস্থাপন কৰে। তেওঁ জনোৱা মতে, সমগ্ৰ ৰাজ্যৰ মুঠ ১৬৪ খন  স্বাস্থ্য কেন্দ্ৰৰ  পৰা তথ্য সংগ্ৰহ কৰা হৈছে।

ৰাজ্যখনত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা সন্দৰ্ভত টি এছ এ চি এছৰ  জ্যেষ্ঠ বিষয়াগৰাকীয়ে কয় যে ২০২৪ চনৰ মে’ মাহলৈকে আমি এ আৰ টি (এন্টিৰেট্ৰ’ভাইৰেল থেৰাপী) কেন্দ্ৰত ৮,৭২৯ গৰাকী লোকৰ নাম পঞ্জীয়ন কৰা হৈছে। ত্ৰিপুৰাত এতিয়া  এইচ আই ভি ৰোগত আক্ৰান্ত লোকৰ মুঠ সংখ্যা হৈছে ৫,৬৭৪ জন। ইয়াৰে ৪৫৭০ জন পুৰুষ, আনহাতে ১১০৩ জন মহিলা। ইয়াৰে মাত্ৰ এজন ৰোগী তৃতীয় লিংগৰ। বিষয়াগৰাকীয়ে কয় যে ছাত্ৰ-ছাত্ৰীৰ মাজত এইচ আই ভি ৰোগী বৃদ্ধিৰ বাবে দায়ী ড্ৰাগছ।এইচ আই ভিৰ সংখ্যা বৃদ্ধিৰ বাবে ড্ৰাগছ সেৱনকে  দোষাৰোপ কৰে বিষয়াগৰাকীয়ে।  তেওঁ কয় যে বেছিভাগ ক্ষেত্ৰতে ধনী পৰিয়ালৰ সন্তান  এইচ আই ভি সংক্ৰমিত হোৱা দেখা গৈছে। একেটা বেজীৰেই বহুজনে   ড্ৰাগছ গ্ৰহণ কৰাৰ বাবেই বহুতেই এই মাৰাত্মক ভাইৰাছ বিধৰ  চিকাৰ হৈছে বুলি তেওঁ কয়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
বিশ্ব কাপলৈ ভাৰতৰ যোগ্যতা অর্জন
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ