--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন হৈছে।  মোদীৰ চৰকাৰত এইবাৰো বিত্তমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে নিৰ্মলা সীতাৰমণেই।  সীতাৰমণে প্ৰথম সম্পূৰ্ণ বাজেট উপস্থাপন কৰিব  ২৩ জুলাইত । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এই সিদ্ধান্তত অনুমোদন জনাইছে।  সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ  ৰিজিজুৱে শনিবাৰে বাজেট অধিৱেশনৰ সময়সূচী ঘোষণা কৰে। শনিবাৰে এক্স-হেণ্ডলত ৰিজিজুৱে কয় যে ১৮ সংখ্যক লোকসভাৰ প্ৰথম বাজেট অধিবেশন ২২ জুলাইৰ পৰা আৰম্ভ হ’ব। 

সেইদিনা উভয় সদনৰে  অধিৱেশন অনুষ্ঠিত হ’ব। অহা ২৩ জুলাইত লোকসভাত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বাজেট সন্দৰ্ভত আলোচনা ১২ আগষ্টলৈকে চলিব। বিত্তমন্ত্ৰীয়ে যোৱা ফেব্ৰুৱাৰী মাহত  অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিছিল। এইবাৰ তেওঁ গোটেই বছৰৰ সম্পূৰ্ণ বাজেট (ইউনিয়ন বাজেট) দাখিল কৰিব। এইবাৰকে ধৰি একেৰাহে সাতবাৰ বাজেট দাখিল কৰিব নিৰ্মলা সীতাৰমণে । প্ৰথম বিত্তমন্ত্ৰী হিচাপে তেওঁ এই বিৰল কৃতিত্ব অৰ্জন কৰিবলৈ ওলাইছে। ইয়াৰ পূৰ্বে মোৰাৰজী দেশাইয়ে একেৰাহে ৬ বাৰ বাজেট দাখিল কৰিছিল।

 

এই পৰ্যন্ত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে মূলতঃ সংস্কাৰমুখী বাজেট দাখিল কৰি আহিছে। তৃতীয় মোদী  চৰকাৰৰ প্ৰথমখন বাজেট কেনে হ’ব পাৰে, এতিয়া সেই বিষয়ত চৰ্চা আৰম্ভ হৈছে। সূত্ৰ অনুসৰি চৰকাৰে পৰৱৰ্তী বাজেটত কিছুমান বিশেষ ক্ষেত্ৰত ব্যক্তিগত আয়কৰৰ হাৰ হ্ৰাস কৰাৰ কথা চিন্তা কৰিছে। এইবাৰ কেন্দ্ৰই কম আয়ৰ ব্যক্তিৰ আয়কৰ হ্ৰাস কৰি তেওঁলোকক সকাহ দিবলৈ চেষ্টা কৰিব বুলি ধাৰণা কৰা হৈছে।

জানিব পৰা মতে বিত্ত মন্ত্ৰালয়ৰ বিষয়াসকলে গ্ৰাহকৰ ক্ৰয় ক্ষমতা বৃদ্ধিৰ বাবে কৰ হ্ৰাস কৰাৰ প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰি আছে। এই প্ৰস্তাৱ কাৰ্যকৰী হ’লে ৫-২০ শতাংশ আয়কৰ আদায় দিয়া ৫ লাখৰ পৰা ১৫ লাখ টকাৰ বাৰ্ষিক আয়ৰ লোকসকলক  লাভৱান হ’ব। চৰকাৰে আয়কৰৰ নতুন স্লেবৰ কথাও বিবেচনা কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক