--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত চৰকাৰ গঠন হৈছে।  মোদীৰ চৰকাৰত এইবাৰো বিত্তমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছে নিৰ্মলা সীতাৰমণেই।  সীতাৰমণে প্ৰথম সম্পূৰ্ণ বাজেট উপস্থাপন কৰিব  ২৩ জুলাইত । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এই সিদ্ধান্তত অনুমোদন জনাইছে।  সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ  ৰিজিজুৱে শনিবাৰে বাজেট অধিৱেশনৰ সময়সূচী ঘোষণা কৰে। শনিবাৰে এক্স-হেণ্ডলত ৰিজিজুৱে কয় যে ১৮ সংখ্যক লোকসভাৰ প্ৰথম বাজেট অধিবেশন ২২ জুলাইৰ পৰা আৰম্ভ হ’ব। 

সেইদিনা উভয় সদনৰে  অধিৱেশন অনুষ্ঠিত হ’ব। অহা ২৩ জুলাইত লোকসভাত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বাজেট সন্দৰ্ভত আলোচনা ১২ আগষ্টলৈকে চলিব। বিত্তমন্ত্ৰীয়ে যোৱা ফেব্ৰুৱাৰী মাহত  অন্তৱৰ্তীকালীন বাজেট দাখিল কৰিছিল। এইবাৰ তেওঁ গোটেই বছৰৰ সম্পূৰ্ণ বাজেট (ইউনিয়ন বাজেট) দাখিল কৰিব। এইবাৰকে ধৰি একেৰাহে সাতবাৰ বাজেট দাখিল কৰিব নিৰ্মলা সীতাৰমণে । প্ৰথম বিত্তমন্ত্ৰী হিচাপে তেওঁ এই বিৰল কৃতিত্ব অৰ্জন কৰিবলৈ ওলাইছে। ইয়াৰ পূৰ্বে মোৰাৰজী দেশাইয়ে একেৰাহে ৬ বাৰ বাজেট দাখিল কৰিছিল।

 

এই পৰ্যন্ত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে মূলতঃ সংস্কাৰমুখী বাজেট দাখিল কৰি আহিছে। তৃতীয় মোদী  চৰকাৰৰ প্ৰথমখন বাজেট কেনে হ’ব পাৰে, এতিয়া সেই বিষয়ত চৰ্চা আৰম্ভ হৈছে। সূত্ৰ অনুসৰি চৰকাৰে পৰৱৰ্তী বাজেটত কিছুমান বিশেষ ক্ষেত্ৰত ব্যক্তিগত আয়কৰৰ হাৰ হ্ৰাস কৰাৰ কথা চিন্তা কৰিছে। এইবাৰ কেন্দ্ৰই কম আয়ৰ ব্যক্তিৰ আয়কৰ হ্ৰাস কৰি তেওঁলোকক সকাহ দিবলৈ চেষ্টা কৰিব বুলি ধাৰণা কৰা হৈছে।

জানিব পৰা মতে বিত্ত মন্ত্ৰালয়ৰ বিষয়াসকলে গ্ৰাহকৰ ক্ৰয় ক্ষমতা বৃদ্ধিৰ বাবে কৰ হ্ৰাস কৰাৰ প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰি আছে। এই প্ৰস্তাৱ কাৰ্যকৰী হ’লে ৫-২০ শতাংশ আয়কৰ আদায় দিয়া ৫ লাখৰ পৰা ১৫ লাখ টকাৰ বাৰ্ষিক আয়ৰ লোকসকলক  লাভৱান হ’ব। চৰকাৰে আয়কৰৰ নতুন স্লেবৰ কথাও বিবেচনা কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন