--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদীকলৈ ডকুমেণ্টৰী নিৰ্মাণৰ পিছতে ভাৰত চৰকাৰৰ ৰোষত পৰিছে বিবিচি। ভাৰত চৰকাৰে আনকি দিল্লী আৰু মুব্বাইত থকা বিবিচিৰ কাৰ্যালয়তো তালাচী চলাইছে। বিবিচিৰ দিল্লী আৰু মুম্বাই কাৰ্যালয়ত আয়কৰৰ অভিযান চলোৱাৰ বিষয়টোকলৈ  আন্তঃৰাষ্ট্ৰীয় মহলত ব্যাপক প্ৰতিক্ৰিয়া হৈছে । খবৰ অনুসৰি ব্ৰিটিছ  চৰকাৰে গোটেই বিষয়টো নিৰীক্ষণ কৰি আছিল। অৱশেষত  ব্ৰিটিছ প্ৰশাসনে এই বিষয়ত মুখ খুলিছে । সংসদত এক বিতৰ্কৰ সময়ত  ব্ৰিটেইনৰ চৰকাৰে  বিবিচিৰ কাষত আছে বুলি স্পষ্ট কৰি দিছে।  

সাংসদ ডেভিদ ৰাটলীয়ে এইদৰে কয়: "আমি বিবিচিৰ কাষত থিয় দিছোঁ। আমি বিবিচিক  টকা দিওঁ। আমি ভাবো বিবিচিৰ বিশ্বজোৰা  সেৱা অতি গুৰুত্বপূৰ্ণ, আমি বিচাৰো যে বিবিচিৰ সম্পাদকীয় স্বাধীনতা থাকিব লাগে।" সাংসদগৰাকীয়ে কয়  , "এই স্বাধীনতাই হৈছে সংবাদমাধ্যমৰ  প্ৰকৃত চাবিকাঠি।  আমি পৃথিৱীৰ সকলো বন্ধুকে  এই কথা ক'ব বিচাৰো,  ইয়াৰ ভিতৰত  ভাৰত চৰকাৰো আছে। কোনো ভয় নোহোৱাকৈ সংবাদ মাধ্যমক কাম কৰিবলৈ দিয়ক।" তেওঁৰ মন্তব্যৰ পৰা এইটো স্পষ্ট হৈছে যে ব্ৰিটিছ চৰকাৰে বিবিচি বিষয়ত সংবাদ মাধ্যমৰ কাষত থিয় দিছে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকলৈ  বিবিচিয়ে নিৰ্মাণ কৰা  তথ্যচিত্ৰক লৈ হোৱা বিতৰ্কৰ মাজতে আয়কৰ বিভাগে  দিল্লী আৰু মুম্বাইত বিবিচিৰ কাৰ্যালয়ত প্ৰায় ৫৯ ঘণ্টা ধৰি এটা 'জৰীপ' চলাইছিল। ইয়াৰ পিছত বিবিচিয়ে  এক বিবৃতি জাৰি কৰি কৈছিল  যে আয়কৰ অভিযানে  তেওঁলোকৰ বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত  কোনো প্ৰভাৱ পেলাব নোৱাৰে। আগৰ দৰে, সংগঠনটোৱে নিৰ্ভয়ে আৰু নিৰপেক্ষভাৱে বাতৰি প্ৰকাশ কৰি যাব।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা