--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মোদীকলৈ ডকুমেণ্টৰী নিৰ্মাণৰ পিছতে ভাৰত চৰকাৰৰ ৰোষত পৰিছে বিবিচি। ভাৰত চৰকাৰে আনকি দিল্লী আৰু মুব্বাইত থকা বিবিচিৰ কাৰ্যালয়তো তালাচী চলাইছে। বিবিচিৰ দিল্লী আৰু মুম্বাই কাৰ্যালয়ত আয়কৰৰ অভিযান চলোৱাৰ বিষয়টোকলৈ  আন্তঃৰাষ্ট্ৰীয় মহলত ব্যাপক প্ৰতিক্ৰিয়া হৈছে । খবৰ অনুসৰি ব্ৰিটিছ  চৰকাৰে গোটেই বিষয়টো নিৰীক্ষণ কৰি আছিল। অৱশেষত  ব্ৰিটিছ প্ৰশাসনে এই বিষয়ত মুখ খুলিছে । সংসদত এক বিতৰ্কৰ সময়ত  ব্ৰিটেইনৰ চৰকাৰে  বিবিচিৰ কাষত আছে বুলি স্পষ্ট কৰি দিছে।  

সাংসদ ডেভিদ ৰাটলীয়ে এইদৰে কয়: "আমি বিবিচিৰ কাষত থিয় দিছোঁ। আমি বিবিচিক  টকা দিওঁ। আমি ভাবো বিবিচিৰ বিশ্বজোৰা  সেৱা অতি গুৰুত্বপূৰ্ণ, আমি বিচাৰো যে বিবিচিৰ সম্পাদকীয় স্বাধীনতা থাকিব লাগে।" সাংসদগৰাকীয়ে কয়  , "এই স্বাধীনতাই হৈছে সংবাদমাধ্যমৰ  প্ৰকৃত চাবিকাঠি।  আমি পৃথিৱীৰ সকলো বন্ধুকে  এই কথা ক'ব বিচাৰো,  ইয়াৰ ভিতৰত  ভাৰত চৰকাৰো আছে। কোনো ভয় নোহোৱাকৈ সংবাদ মাধ্যমক কাম কৰিবলৈ দিয়ক।" তেওঁৰ মন্তব্যৰ পৰা এইটো স্পষ্ট হৈছে যে ব্ৰিটিছ চৰকাৰে বিবিচি বিষয়ত সংবাদ মাধ্যমৰ কাষত থিয় দিছে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকলৈ  বিবিচিয়ে নিৰ্মাণ কৰা  তথ্যচিত্ৰক লৈ হোৱা বিতৰ্কৰ মাজতে আয়কৰ বিভাগে  দিল্লী আৰু মুম্বাইত বিবিচিৰ কাৰ্যালয়ত প্ৰায় ৫৯ ঘণ্টা ধৰি এটা 'জৰীপ' চলাইছিল। ইয়াৰ পিছত বিবিচিয়ে  এক বিবৃতি জাৰি কৰি কৈছিল  যে আয়কৰ অভিযানে  তেওঁলোকৰ বাতৰি প্ৰচাৰৰ ক্ষেত্ৰত  কোনো প্ৰভাৱ পেলাব নোৱাৰে। আগৰ দৰে, সংগঠনটোৱে নিৰ্ভয়ে আৰু নিৰপেক্ষভাৱে বাতৰি প্ৰকাশ কৰি যাব।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ