--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আন্তঃৰাষ্ট্ৰীয় বজাৰত তাম, ষ্টিল, এলুমিনিয়াম আৰু খাৰুৱা তেল তথা প্রাকৃতিক গেছৰ সৈতে সম্পর্ক থকা কেঁচা মালৰ দাম দ্রুতগতিত বৃদ্ধি পোৱা তথা ডলাৰৰ তুলনাত টকাৰ মূল্য হ্রাস-বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কোম্পানীসমূহে এই সিদ্ধান্ত গ্ৰহণ কৰে।

ডিজিটেল ডেস্ক: উৎসৱৰ বতৰৰ আগে আগে দেশত টেলিভিছন, ৰেফ্ৰিজাৰেটৰ, এ চিকে আৰু ৱাশ্বিং মেচিনকে ধৰি বিভিন্ন সামগ্ৰীৰ দাম ১ অক্টোবৰৰ পৰা ৮ শতাংশ পর্যন্ত বৃদ্ধি পাব। আন্তঃৰাষ্ট্ৰীয় বজাৰত তাম, ষ্টিল, এলুমিনিয়াম আৰু খাৰুৱা তেল তথা প্রাকৃতিক গেছৰ সৈতে সম্পর্ক থকা কেঁচা মালৰ দাম দ্রুতগতিত বৃদ্ধি পোৱা তথা ডলাৰৰ তুলনাত টকাৰ মূল্য হ্রাস-বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কোম্পানীসমূহে এই সিদ্ধান্ত গ্ৰহণ কৰে। চলিত বছৰত দেশৰ কনজিউমাৰ ইলেকট্ৰ'নিক ইণ্ডাষ্ট্ৰীয়ে তৃতীয় বাৰলৈ দাম বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে। 


উল্লেখযোগ্য যে চলিত বছৰত উপভোক্তা ইলেক্ট্রনিক সামগ্ৰীৰ দাম প্রায় ২৩% বৃদ্ধি পাইছে। এই খণ্ডটোৰ সৈতি জড়িত বিশেষজ্ঞসকলৰ মতে, এ চিৰ দাম সৰ্বাধিক ৫-৮% বৃদ্ধি পাব। আনহাতে, এল ই ডি টিভি আৰু ৱাশ্বিং মেচিনৰ দাম ৩-৪% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ব্লুষ্টাৰ, গদৰেজ এপ্লায়েন্সেজ, হেয়াৰ ডাইকিন আৰু ছুপাৰ ইলেক্ট্রনিক্‌ৰ দৰে আগশাৰীৰ কোম্পানীসমূহে এই সামগ্ৰীসমূহৰ দাম ৪-১০% বৃদ্ধি পাব বুলি নিশ্চিত কৰিছে। 


ব্লুষ্টাৰৰ মতে, বিশ্বত চলি থকা অনিশ্চয়তাৰ ফলত তাম, ষ্টিল আৰু প্লাষ্টিকৰ দৰে সামগ্ৰীৰ দাম বৃদ্ধি পাইছে। ইয়াৰ ফলত যোৱা বছৰৰ উৎসৱৰ বতৰৰ তুলনাত এই বছৰ নিৰ্মাণ ব্যয় প্রায় ১৫% বৃদ্ধি পাইছে। অৱশ্যে জি এছ টিত ১০% ৰেহাই দিয়াৰ বাবে গ্ৰাহকৰ ওপৰত মাত্র ৫% বোজা বৃদ্ধি পাব। গদৰেজে প্ৰকাশ কৰা মতে, উৎপাদন ব্যয় ৮-১০% বৃদ্ধি পাইছে আৰু সেয়েহে এতিয়া দাম বৃদ্ধি কৰাটো নিশ্চিত। অৱশ্যে উৎসৱৰ বতৰত হোৱা বিক্ৰীত দাম বৃদ্ধিৰ প্ৰভাৱ সীমিত হ'ব বুলি কোম্পানীসমূহে আশা প্রকাশ কৰিছে।


উৎস: দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা