--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ মুম্বাইৰ মালাদ অঞ্চলৰ এগৰাকী মহিলাই অনলাইনত অৰ্ডাৰ কৰা আইচক্ৰীমৰ ভিতৰত মানুহৰ আঙুলিৰ টুকুৰা এটা উদ্ধাৰ কৰে। ইয়াৰ পিছতে মহিলাগৰাকী মালাড থানাত উপস্থিত হয়। মালাড আৰক্ষীয়ে য়ুম্মো আইচক্ৰীম কোম্পানীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্তৰ বাবে প্ৰেৰণ কৰিছে আইচক্ৰীম। আইচক্ৰীমত উদ্ধাৰ হোৱা মানৱ শৰীৰৰ অংশটো আৰক্ষীয়ে এফ এছ এল (ফৰেনছিক)লৈ প্ৰেৰণ কৰিছে। এই ঘটনা সন্দৰ্ভত মালাড আৰক্ষীয়ে তথ্য প্ৰদান কৰিছে।


মহিলাগৰাকীয়ে আইচক্ৰীমৰ আধাতকৈ অধিক খোৱা বুলি দাবী কৰিছে যদিও কিবা এটা ভুল হোৱা বুলি গম পোৱাৰ লগে লগে আইচক্ৰীমত দেখিলে যে মানুহৰ কটা আঙুলি এটা সোমাই আছে।  


মালাড আৰক্ষীয়ে য়ুম্মো আইচক্ৰীম কোম্পানীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আইচক্ৰীম পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আইচক্ৰীমত পোৱা মানুহৰ শৰীৰৰ অংশ এফ এছ এল (ফৰেনছিক)লৈ প্ৰেৰণ কৰিছে।

বুধবাৰে যেতিয়া অৰ্লেমৰ বাসিন্দা ব্ৰেণ্ডন চেৰাওৱে (২৭) অনলাইন ডেলিভাৰী এপৰ জৰিয়তে আইচক্ৰীমৰ কন অৰ্ডাৰ দিছিল, তেতিয়া তেওঁৰ কোনো ধাৰণা নাছিল যে তেওঁ যে ডাঙৰ শ্বক খাবলগীয়া হ'ব। মহিলাগৰাকীয়ে কয় যে আইচক্ৰীমৰ ভিতৰত প্ৰায় ২ চে.মি. দীঘল মানুহৰ আঙুলিৰ টুকুৰা এটা আছে। ব্ৰেণ্ডন চেৰাওৱে পেছাত এম বি বি এছৰ চিকিৎসক।

পুৱা অনলাইন ডেলিভাৰী এপৰ জৰিয়তে গেলামালৰ অৰ্ডাৰ দি থকাৰ সময়তে তেওঁ তালিকাত তিনিটা বাটাৰস্কচ কন আইচক্ৰীম যোগ কৰে। আইচক্ৰীম ডেলিভাৰী হোৱাৰ লগে লগে তেওঁ কনটো খুলিলে আৰু আঙুলিৰ টুকুৰা এটা ওলাই আহিল। এই সন্দৰ্ভত তেওঁ মালাদ আৰক্ষীক অৱগত কৰিছে। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, আইচক্ৰীম বনোৱা আৰু পেক কৰা ঠাইখনো তালাচী কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু