--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ মুম্বাইৰ মালাদ অঞ্চলৰ এগৰাকী মহিলাই অনলাইনত অৰ্ডাৰ কৰা আইচক্ৰীমৰ ভিতৰত মানুহৰ আঙুলিৰ টুকুৰা এটা উদ্ধাৰ কৰে। ইয়াৰ পিছতে মহিলাগৰাকী মালাড থানাত উপস্থিত হয়। মালাড আৰক্ষীয়ে য়ুম্মো আইচক্ৰীম কোম্পানীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্তৰ বাবে প্ৰেৰণ কৰিছে আইচক্ৰীম। আইচক্ৰীমত উদ্ধাৰ হোৱা মানৱ শৰীৰৰ অংশটো আৰক্ষীয়ে এফ এছ এল (ফৰেনছিক)লৈ প্ৰেৰণ কৰিছে। এই ঘটনা সন্দৰ্ভত মালাড আৰক্ষীয়ে তথ্য প্ৰদান কৰিছে।


মহিলাগৰাকীয়ে আইচক্ৰীমৰ আধাতকৈ অধিক খোৱা বুলি দাবী কৰিছে যদিও কিবা এটা ভুল হোৱা বুলি গম পোৱাৰ লগে লগে আইচক্ৰীমত দেখিলে যে মানুহৰ কটা আঙুলি এটা সোমাই আছে।  


মালাড আৰক্ষীয়ে য়ুম্মো আইচক্ৰীম কোম্পানীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আইচক্ৰীম পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আইচক্ৰীমত পোৱা মানুহৰ শৰীৰৰ অংশ এফ এছ এল (ফৰেনছিক)লৈ প্ৰেৰণ কৰিছে।

বুধবাৰে যেতিয়া অৰ্লেমৰ বাসিন্দা ব্ৰেণ্ডন চেৰাওৱে (২৭) অনলাইন ডেলিভাৰী এপৰ জৰিয়তে আইচক্ৰীমৰ কন অৰ্ডাৰ দিছিল, তেতিয়া তেওঁৰ কোনো ধাৰণা নাছিল যে তেওঁ যে ডাঙৰ শ্বক খাবলগীয়া হ'ব। মহিলাগৰাকীয়ে কয় যে আইচক্ৰীমৰ ভিতৰত প্ৰায় ২ চে.মি. দীঘল মানুহৰ আঙুলিৰ টুকুৰা এটা আছে। ব্ৰেণ্ডন চেৰাওৱে পেছাত এম বি বি এছৰ চিকিৎসক।

পুৱা অনলাইন ডেলিভাৰী এপৰ জৰিয়তে গেলামালৰ অৰ্ডাৰ দি থকাৰ সময়তে তেওঁ তালিকাত তিনিটা বাটাৰস্কচ কন আইচক্ৰীম যোগ কৰে। আইচক্ৰীম ডেলিভাৰী হোৱাৰ লগে লগে তেওঁ কনটো খুলিলে আৰু আঙুলিৰ টুকুৰা এটা ওলাই আহিল। এই সন্দৰ্ভত তেওঁ মালাদ আৰক্ষীক অৱগত কৰিছে। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, আইচক্ৰীম বনোৱা আৰু পেক কৰা ঠাইখনো তালাচী কৰা হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ