--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ পুলৱামা কাণ্ড সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰা জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকলৈ এক দুৰ্নীতিৰ গোচৰত  চমন জাৰি কৰিছে চিবিআইয়ে ৷ ৰিলায়েন্সৰ বীমা কেলেংকাৰীৰ ৩০০ কোটি টকাৰ উৎকোচ গ্ৰহণৰ গোচৰত সোধা-পোছাৰ বাবে তেওঁক মাতি পঠোৱা হৈছে। তেওঁক ২৮ এপ্ৰিলত চিবিআই কাৰ্যালয়ত হাজিৰ হ'বলৈ কোৱা হৈছে। 

সত্যপালে মালিকে সংবাদমাধ্যক কয়  যে তেওঁক দিল্লীৰ আকবৰ ৰোড গেষ্টহাউচত থকা কেন্দ্ৰীয় সংস্থাটোৰ কাৰ্যালয়লৈ মাতি পঠিওৱা হৈছে। চিবিআইৰ বিষয়াসকলে  কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁক ২৮ এপ্ৰিলত মাতি পঠোৱা হৈছে বুলিও মালিকে কয়। মালিকে বৰ্তমান ৰাজস্থানলৈ গৈ আছে। সেয়েহে, তেওঁ চিবিআইক ২৭ ৰ পৰা ২৯ তাৰিখৰ ভিতৰত দেৰাৰ বাবে সময় দিছিল। 

উল্লেখ্য ৰিলায়েন্সে জম্মু আৰু কাশ্মীৰত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এখন চিকিৎসা আঁচনি আৰম্ভ কৰিছিল। চিবিআইয়ে গোচৰটোত অনিল আম্বানীৰ ৰিলায়েন্স জেনেৰেল ইঞ্চিউৰেন্স আৰু ট্ৰিনিটি ৰিইঞ্চিউৰেন্স ব্ৰোকাৰৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। সত্যপালে ২০১৮ চনত চুক্তি বাতিল কৰিছিল ষ তেতিয়া  তেওঁ তাত ৰাজ্যপাল আছিল। তেওঁ বীমা আঁচনিত অনিয়মৰ অভিযোগ কৰিছিল। তেতিয়াই কেন্দ্ৰীয় সংস্থাটোৱে বিষয়টো সন্দৰ্ভত  ব্যৱস্থা গ্ৰহণ কৰিছিল।

সত্যপাল মালিকে শেহতীয়াকৈ এটা সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী আৰু সংঘ পৰিয়ালক লক্ষ্য কৰি কেইবাটাও বিস্ফোৰক তথ্য প্ৰকাশ কৰিছিল।  আৰ এছ এছ নেতা ৰাম মাধৱে তেওঁলৈ মানহানিৰ জাননীও প্ৰেৰণ কৰিছে। আৰ এছ এছ নেতাজনে অভিযোগ কৰিছে যে সত্যপাল মালিকে সংঘ আৰু তেওঁৰ নামত অপবাদ ৰটনা কৰিছে। তেওঁক এতিয়া অৱশ্যে  ৰিলায়েন্স বীমা কেলেংকাৰীৰ গোচৰত মাতি পঠোৱা হৈছে। 














FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে