--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ পুলৱামা কাণ্ড সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰা জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকলৈ এক দুৰ্নীতিৰ গোচৰত  চমন জাৰি কৰিছে চিবিআইয়ে ৷ ৰিলায়েন্সৰ বীমা কেলেংকাৰীৰ ৩০০ কোটি টকাৰ উৎকোচ গ্ৰহণৰ গোচৰত সোধা-পোছাৰ বাবে তেওঁক মাতি পঠোৱা হৈছে। তেওঁক ২৮ এপ্ৰিলত চিবিআই কাৰ্যালয়ত হাজিৰ হ'বলৈ কোৱা হৈছে। 

সত্যপালে মালিকে সংবাদমাধ্যক কয়  যে তেওঁক দিল্লীৰ আকবৰ ৰোড গেষ্টহাউচত থকা কেন্দ্ৰীয় সংস্থাটোৰ কাৰ্যালয়লৈ মাতি পঠিওৱা হৈছে। চিবিআইৰ বিষয়াসকলে  কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ তেওঁক ২৮ এপ্ৰিলত মাতি পঠোৱা হৈছে বুলিও মালিকে কয়। মালিকে বৰ্তমান ৰাজস্থানলৈ গৈ আছে। সেয়েহে, তেওঁ চিবিআইক ২৭ ৰ পৰা ২৯ তাৰিখৰ ভিতৰত দেৰাৰ বাবে সময় দিছিল। 

উল্লেখ্য ৰিলায়েন্সে জম্মু আৰু কাশ্মীৰত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এখন চিকিৎসা আঁচনি আৰম্ভ কৰিছিল। চিবিআইয়ে গোচৰটোত অনিল আম্বানীৰ ৰিলায়েন্স জেনেৰেল ইঞ্চিউৰেন্স আৰু ট্ৰিনিটি ৰিইঞ্চিউৰেন্স ব্ৰোকাৰৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল। সত্যপালে ২০১৮ চনত চুক্তি বাতিল কৰিছিল ষ তেতিয়া  তেওঁ তাত ৰাজ্যপাল আছিল। তেওঁ বীমা আঁচনিত অনিয়মৰ অভিযোগ কৰিছিল। তেতিয়াই কেন্দ্ৰীয় সংস্থাটোৱে বিষয়টো সন্দৰ্ভত  ব্যৱস্থা গ্ৰহণ কৰিছিল।

সত্যপাল মালিকে শেহতীয়াকৈ এটা সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী আৰু সংঘ পৰিয়ালক লক্ষ্য কৰি কেইবাটাও বিস্ফোৰক তথ্য প্ৰকাশ কৰিছিল।  আৰ এছ এছ নেতা ৰাম মাধৱে তেওঁলৈ মানহানিৰ জাননীও প্ৰেৰণ কৰিছে। আৰ এছ এছ নেতাজনে অভিযোগ কৰিছে যে সত্যপাল মালিকে সংঘ আৰু তেওঁৰ নামত অপবাদ ৰটনা কৰিছে। তেওঁক এতিয়া অৱশ্যে  ৰিলায়েন্স বীমা কেলেংকাৰীৰ গোচৰত মাতি পঠোৱা হৈছে। 














FOLLOW US F
POPULAR
FEATURE
TRENDY
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী