--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী বৃদ্ধাৰ  শেহতীয়াকৈ ভাইৰেল হৈ পৰা এক ভিডিঅ’ই দেশক জোকাৰি গৈছে৷  ভিডিঅ’টো চাই আনকি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে খোদ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও৷ এগৰাকী বৃদ্ধাই  পেঞ্চনৰ   আশাতে কেইবা কিলোমিটাৰ পথ  খালী ভৰিৰে প্ৰচণ্ড  ৰ’দৰ মাজৰে  যাত্ৰা কৰিবলগীয়া হোৱা কথাই বহুতকে চিন্তিত কৰি তুলিছে৷ 

৭০ বছৰীয়া বৃদ্ধাগৰাকীয়ে খালী ভৰিৰে কেইবা কিলোমিটাৰ খোজ কাঢ়ি যোৱাৰ ভিডিঅ' বৰ্তমান ভাইৰেল হৈ পৰিছে। মহিলাগৰাকীয়ে পেঞ্চনৰ বাবেই এনেদৰে খোজকাঢ়ি বেংকলৈ গৈছে। ঘৰৰ পৰা কেইবা কিলোমিটাৰ দূৰত আছে তেওঁৰ নিদিষ্ট বেংকটো, বেংকলৈ যাবলৈ ভঙা চকীখনেই সূৰ্য হৰিজন নামৰ মহিলাগৰাকীৰ একমাত্ৰ সহায়।

 ভঙা চকী এখনৰ সহায় লৈ কেইবা কিলোমিটাৰ খালী ভৰিৰে খোজ কাঢ়িব লগা হৈছে এই উৎকট ৰ’দত।ঘটনাটো ঘটিছে ওড়িশাৰ নবাৰংপুৰ জিলাৰ ঝাৰিগাঁৱত৷সূৰ্য্য হৰিজন নামৰ এগৰাকী বৃদ্ধা বৰ দৰিদ্ৰ। তেওঁৰ ডাঙৰ পুত্ৰই আন এখন ৰাজ্যত প্ৰব্ৰজিত শ্ৰমিক হিচাপে কাম কৰি আছে। যদিও  মহিলাগৰাকীয়ে পেঞ্চন সংগ্ৰহ কৰিবলৈ বেংকলৈ গৈছিল। ইফালে তেওঁৰ আঙুলিৰ ছাপ বেংকৰ ৰেকৰ্ডৰ সৈতে মিল নাই বুলি বেংকত কোৱা হৈছিল, আৰু সেয়ে তেওঁ ঘৰলৈ উভতি যাবলৈ বাধ্য হৈছিল।

এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে টুইটাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ বিত্ত মন্ত্ৰী সীতাৰমণে টুইটাৰত ওড়িশাৰ বৃদ্ধাগৰাকীৰ ভিডিঅ' শ্বেয়াৰ কৰি লিখিছে, "ভাৰতীয় ষ্টেট বেংকৰ (এছবিআই) মেনেজাৰে এই ক্ষেত্ৰত সঁহাৰি জনাইছে, কিন্তু তথাপিও বিত্তীয় সেৱা বিভাগ (ডিএফএছ) আৰু এছবিআইয়ে এনে ধৰণৰ ঘটনা দ্ৰুত বিবেচনা কৰিব আৰু মানৱীয় ভাৱে কাম কৰিব বুলি আশা কৰিছো।" শেহতীয়াকৈ জানিব পৰা মতে মহিলাগৰাকীক বেংকৰ পৰা  ৩ হাজাৰ টকা দিয়া হৈছে। বৃদ্ধাগৰাকীৰ কৰুণ কাহিনীৰ বিষয়ে প্ৰাগ ডিজিটেলৰ ফেচ অব দ্য ডেত শিতানএক বিশেষ খবৰো প্ৰকাশ  কৰা হৈছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী