--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী বৃদ্ধাৰ  শেহতীয়াকৈ ভাইৰেল হৈ পৰা এক ভিডিঅ’ই দেশক জোকাৰি গৈছে৷  ভিডিঅ’টো চাই আনকি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে খোদ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও৷ এগৰাকী বৃদ্ধাই  পেঞ্চনৰ   আশাতে কেইবা কিলোমিটাৰ পথ  খালী ভৰিৰে প্ৰচণ্ড  ৰ’দৰ মাজৰে  যাত্ৰা কৰিবলগীয়া হোৱা কথাই বহুতকে চিন্তিত কৰি তুলিছে৷ 

৭০ বছৰীয়া বৃদ্ধাগৰাকীয়ে খালী ভৰিৰে কেইবা কিলোমিটাৰ খোজ কাঢ়ি যোৱাৰ ভিডিঅ' বৰ্তমান ভাইৰেল হৈ পৰিছে। মহিলাগৰাকীয়ে পেঞ্চনৰ বাবেই এনেদৰে খোজকাঢ়ি বেংকলৈ গৈছে। ঘৰৰ পৰা কেইবা কিলোমিটাৰ দূৰত আছে তেওঁৰ নিদিষ্ট বেংকটো, বেংকলৈ যাবলৈ ভঙা চকীখনেই সূৰ্য হৰিজন নামৰ মহিলাগৰাকীৰ একমাত্ৰ সহায়।

 ভঙা চকী এখনৰ সহায় লৈ কেইবা কিলোমিটাৰ খালী ভৰিৰে খোজ কাঢ়িব লগা হৈছে এই উৎকট ৰ’দত।ঘটনাটো ঘটিছে ওড়িশাৰ নবাৰংপুৰ জিলাৰ ঝাৰিগাঁৱত৷সূৰ্য্য হৰিজন নামৰ এগৰাকী বৃদ্ধা বৰ দৰিদ্ৰ। তেওঁৰ ডাঙৰ পুত্ৰই আন এখন ৰাজ্যত প্ৰব্ৰজিত শ্ৰমিক হিচাপে কাম কৰি আছে। যদিও  মহিলাগৰাকীয়ে পেঞ্চন সংগ্ৰহ কৰিবলৈ বেংকলৈ গৈছিল। ইফালে তেওঁৰ আঙুলিৰ ছাপ বেংকৰ ৰেকৰ্ডৰ সৈতে মিল নাই বুলি বেংকত কোৱা হৈছিল, আৰু সেয়ে তেওঁ ঘৰলৈ উভতি যাবলৈ বাধ্য হৈছিল।

এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে টুইটাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ বিত্ত মন্ত্ৰী সীতাৰমণে টুইটাৰত ওড়িশাৰ বৃদ্ধাগৰাকীৰ ভিডিঅ' শ্বেয়াৰ কৰি লিখিছে, "ভাৰতীয় ষ্টেট বেংকৰ (এছবিআই) মেনেজাৰে এই ক্ষেত্ৰত সঁহাৰি জনাইছে, কিন্তু তথাপিও বিত্তীয় সেৱা বিভাগ (ডিএফএছ) আৰু এছবিআইয়ে এনে ধৰণৰ ঘটনা দ্ৰুত বিবেচনা কৰিব আৰু মানৱীয় ভাৱে কাম কৰিব বুলি আশা কৰিছো।" শেহতীয়াকৈ জানিব পৰা মতে মহিলাগৰাকীক বেংকৰ পৰা  ৩ হাজাৰ টকা দিয়া হৈছে। বৃদ্ধাগৰাকীৰ কৰুণ কাহিনীৰ বিষয়ে প্ৰাগ ডিজিটেলৰ ফেচ অব দ্য ডেত শিতানএক বিশেষ খবৰো প্ৰকাশ  কৰা হৈছে৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement