--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন ৰাজকীয় যুদ্ধ জাহাজ। ৩৪০ বছৰ পূৰ্বে ইংলেণ্ডৰ পূব উপকূলত ডুব গৈছিল এই ৰাজকীয় জাহাজখন। শেহতীয়াকৈ, গৱেষকসকলে জাহাজখনৰ বিষয়ে কিছুমান তথ্য প্ৰকাশ কৰিছে। জাহাজখন ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ ১৫ বছৰতকৈ অধিক সময় এই তথ্য গোপনে ৰখা হৈছিল। জাহাজখনৰ নাম ‘দ্য গ্লুচেষ্টাৰ’।

১৬৮২ চনত ডিউক জেমছ ইয়ৰ্কৰ সৈতে গ্লুচেষ্টাৰ জাহাজখনে যাত্ৰা আৰম্ভ কৰিছিল। ইংলেণ্ডৰ পূব উপকূলৰ ওচৰৰ বালিৰ টিলাত ডুব গৈছিল জাহাজখন। ‘দ্য গ্লুচেষ্টাৰ’ জাহাজখন দ্ৰুতগতিত ডুব গৈছিল বাবে সেই সময়ত একো উদ্ধাৰ কৰিব পৰা হোৱা নাছিল। ইষ্ট এংলিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে অনুমান কৰিছে যে, এই দুৰ্ঘটনাত প্ৰায় ১৩০-২৫০ জন লোকৰ মৃত্যু হৈছে। অৱশ্যে, অলপৰ বাবে ৰক্ষা পৰিছিল ডিউক অৱ ইয়ৰ্ক। তেওঁ ইংলেণ্ডৰ ৰজা আছিল।
 
ইষ্ট এংলিয়া বিশ্ববিদ্যালয়ৰ আৰলি মডাৰ্ণ কালচাৰেল হিষ্ট্ৰীৰ অধ্যাপিকা ক্লেয়াৰ জোভিটে কয়, ‘এই আৱিষ্কাৰ ১৭ শতিকাৰ সামাজিক, সামুদ্ৰিক আৰু ৰাজনৈতিক ইতিহাসৰ ধাৰণাটোক মৌলিকভাৱে সলনি কৰাৰ প্ৰতিশ্ৰুতি প্ৰতিপন্ন কৰে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গুৰুত্বৰ ক্ষেত্ৰতো ই অনন্য।

শেহতীয়াকৈ, ইংলেণ্ডৰ পূব উপকূলৰ গ্ৰেট ইয়াৰমাউথৰ পৰা ৪৫ কিলোমিটাৰ দূৰত উদ্ধাৰ কৰা হৈছে জাহাজখন। জুলিয়ান আৰু লিংকন বাৰ্নৱেল - দুয়োজন ভাতৃয়ে চাৰি বছৰ ধৰি চলোৱা অনুসন্ধানৰ অন্তত ২০০৭ চনত জাহাজখন আৱিষ্কাৰ কৰে। এই তথ্য লুকুৱাই ৰাখিছিল তেওঁলোকে। জাহাজখনৰ ধ্বংসাৱশেষৰ পৰা বিভিন্ন ঐতিহাসিক ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে। জাহাজখনৰ পৰা উদ্ধাৰ হোৱা আন আন সামগ্ৰীসমূহৰ ভিতৰত আছে নেভিগেছন সঁজুলি, ব্যক্তিগত সামগ্ৰী, কাপোৰ-কানি আৰু সুৰাৰ বটল। কিছুমান বস্তু এতিয়াও অক্ষত অৱস্থাতে আছে বুলি জানিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র