--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন ৰাজকীয় যুদ্ধ জাহাজ। ৩৪০ বছৰ পূৰ্বে ইংলেণ্ডৰ পূব উপকূলত ডুব গৈছিল এই ৰাজকীয় জাহাজখন। শেহতীয়াকৈ, গৱেষকসকলে জাহাজখনৰ বিষয়ে কিছুমান তথ্য প্ৰকাশ কৰিছে। জাহাজখন ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ ১৫ বছৰতকৈ অধিক সময় এই তথ্য গোপনে ৰখা হৈছিল। জাহাজখনৰ নাম ‘দ্য গ্লুচেষ্টাৰ’।

১৬৮২ চনত ডিউক জেমছ ইয়ৰ্কৰ সৈতে গ্লুচেষ্টাৰ জাহাজখনে যাত্ৰা আৰম্ভ কৰিছিল। ইংলেণ্ডৰ পূব উপকূলৰ ওচৰৰ বালিৰ টিলাত ডুব গৈছিল জাহাজখন। ‘দ্য গ্লুচেষ্টাৰ’ জাহাজখন দ্ৰুতগতিত ডুব গৈছিল বাবে সেই সময়ত একো উদ্ধাৰ কৰিব পৰা হোৱা নাছিল। ইষ্ট এংলিয়া বিশ্ববিদ্যালয়ৰ গৱেষকসকলে অনুমান কৰিছে যে, এই দুৰ্ঘটনাত প্ৰায় ১৩০-২৫০ জন লোকৰ মৃত্যু হৈছে। অৱশ্যে, অলপৰ বাবে ৰক্ষা পৰিছিল ডিউক অৱ ইয়ৰ্ক। তেওঁ ইংলেণ্ডৰ ৰজা আছিল।
 
ইষ্ট এংলিয়া বিশ্ববিদ্যালয়ৰ আৰলি মডাৰ্ণ কালচাৰেল হিষ্ট্ৰীৰ অধ্যাপিকা ক্লেয়াৰ জোভিটে কয়, ‘এই আৱিষ্কাৰ ১৭ শতিকাৰ সামাজিক, সামুদ্ৰিক আৰু ৰাজনৈতিক ইতিহাসৰ ধাৰণাটোক মৌলিকভাৱে সলনি কৰাৰ প্ৰতিশ্ৰুতি প্ৰতিপন্ন কৰে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গুৰুত্বৰ ক্ষেত্ৰতো ই অনন্য।

শেহতীয়াকৈ, ইংলেণ্ডৰ পূব উপকূলৰ গ্ৰেট ইয়াৰমাউথৰ পৰা ৪৫ কিলোমিটাৰ দূৰত উদ্ধাৰ কৰা হৈছে জাহাজখন। জুলিয়ান আৰু লিংকন বাৰ্নৱেল - দুয়োজন ভাতৃয়ে চাৰি বছৰ ধৰি চলোৱা অনুসন্ধানৰ অন্তত ২০০৭ চনত জাহাজখন আৱিষ্কাৰ কৰে। এই তথ্য লুকুৱাই ৰাখিছিল তেওঁলোকে। জাহাজখনৰ ধ্বংসাৱশেষৰ পৰা বিভিন্ন ঐতিহাসিক ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে। জাহাজখনৰ পৰা উদ্ধাৰ হোৱা আন আন সামগ্ৰীসমূহৰ ভিতৰত আছে নেভিগেছন সঁজুলি, ব্যক্তিগত সামগ্ৰী, কাপোৰ-কানি আৰু সুৰাৰ বটল। কিছুমান বস্তু এতিয়াও অক্ষত অৱস্থাতে আছে বুলি জানিবলৈ পোৱা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি