--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ বাবে যেন দিনটোৰ আৰম্ভনিয়েই বেয়া আছিল। সেইবাবেই পুৱাই এক দুৰ্ঘটনাত পতিত হয় বাইডেন। অৱশ্যে সৌভাগ্যক্ৰমে বিশেষ কোনো গুৰুতৰ আঘাত পোৱাৰ পৰা ৰক্ষা পৰিল বাইডেন।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৭৯ বছৰীয়া ৰাষ্ট্ৰপতি জো বাইডেন চাইকেল চলাই থাকোতে ৰাস্তাত বাগৰি পৰে। ঘটনাটো আমেৰিকাৰ সময় অনুসৰি শনিবাৰে পুৱা ঘটিছে । আমেৰিকাৰ ডেলাৱেৰত ঘৰৰ কাষতে  চাইকেল চলাই আছিল বাইডেন।স্বাস্থ্য সচেতন বাইডেনে ইয়াৰ আগতেও বহুবাৰ চাইকেল চলাইছে। কিন্তু কোনো দিনেই এনে অঘটনৰ সন্মুখীন হোৱা নাছিল।

 কিন্তু শনিবাৰে কি যে শনি লাগিল সেয়া হয়তো বাইডেনেও ক’ব নোৱাৰে। চাইকেল চলাই থাকোতেই বাইডেন চিৎ আফাল খাই মাটিত পৰি গ’ল। এই দৃশ্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ লগে লগে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীৰ স্বাস্থ্যকলৈ বহুতে উদ্বিগ্নতা ব্যক্ত কৰিছে। 

অৱশ্যে চাইকেলৰ পৰা  বাগৰি পৰাৰ পিছতে বাইডেনে লগে লগে কৈ উঠিল , "মই ভালে আছো। 
জানিব পৰা মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ পত্নী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম মহিলা জিল বিডেনৰ সৈতে ৰেহোবট সাগৰৰ পাৰত চাইকেল চলাই আছিল। সেই সময়ত বাইডেনে ৰাস্তাৰ কাষত থিয় হৈ থকা কাৰোবাৰ সৈতে কথা পাতিবলৈ ৰৈছিল। তেতিয়াই তেওঁ পৰি গৈছিল। 

বিডেন চাইকেলৰ পৰা পৰা বুলি জনাৰ পিছতে  হোৱাইট হাউচে এক বিবৃতি জাৰি কৰি কৈছে যে বাইডেনে বিশেষ দুখ পোৱা নাই আৰু  চিকিৎসা অথবা পৰীক্ষাৰো প্ৰয়োজন নাই। তেওঁ বাকী দিনটো তেওঁৰ পৰিয়ালৰ সৈতে কটাব। উল্লেখ্য  ইয়াৰ আগতে ২০২০ চনত ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ কিছুদিন পিছতে জো বাইডেনে তেওঁৰ পোহনীয়া কুকুৰটোৰ সৈতে খেলি থাকোতে পৰি ভৰি ভাঙিছিল।

 বয়স হ’লেও তেওঁ ডেকা ল’ৰাই কৰাৰ দৰেই বহু কাম কৰি ভালপায়।৭৯ বছৰীয়া ৰাষ্ট্ৰপতিগৰাকীয়ে দ্বিতীয় বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নে নাই তাক লৈ জল্পনা-কল্পনা চলি আছে। এই পৰিৱেশত সাংবাদিকৰ পৰা দেশৰ ৰাজনৈতিক বিশ্লেষকলৈকে সকলোৱে বিডেনৰ শৰীৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি আহিছে। বাইডেন চাইকেলৰ পৰা পৰাৰ খবৰটোৱে সেয়ে আমেৰিকাত বিশেষ প্ৰাধান্য লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র