--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ বাবে যেন দিনটোৰ আৰম্ভনিয়েই বেয়া আছিল। সেইবাবেই পুৱাই এক দুৰ্ঘটনাত পতিত হয় বাইডেন। অৱশ্যে সৌভাগ্যক্ৰমে বিশেষ কোনো গুৰুতৰ আঘাত পোৱাৰ পৰা ৰক্ষা পৰিল বাইডেন।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৭৯ বছৰীয়া ৰাষ্ট্ৰপতি জো বাইডেন চাইকেল চলাই থাকোতে ৰাস্তাত বাগৰি পৰে। ঘটনাটো আমেৰিকাৰ সময় অনুসৰি শনিবাৰে পুৱা ঘটিছে । আমেৰিকাৰ ডেলাৱেৰত ঘৰৰ কাষতে  চাইকেল চলাই আছিল বাইডেন।স্বাস্থ্য সচেতন বাইডেনে ইয়াৰ আগতেও বহুবাৰ চাইকেল চলাইছে। কিন্তু কোনো দিনেই এনে অঘটনৰ সন্মুখীন হোৱা নাছিল।

 কিন্তু শনিবাৰে কি যে শনি লাগিল সেয়া হয়তো বাইডেনেও ক’ব নোৱাৰে। চাইকেল চলাই থাকোতেই বাইডেন চিৎ আফাল খাই মাটিত পৰি গ’ল। এই দৃশ্যৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ লগে লগে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীৰ স্বাস্থ্যকলৈ বহুতে উদ্বিগ্নতা ব্যক্ত কৰিছে। 

অৱশ্যে চাইকেলৰ পৰা  বাগৰি পৰাৰ পিছতে বাইডেনে লগে লগে কৈ উঠিল , "মই ভালে আছো। 
জানিব পৰা মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ পত্নী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম মহিলা জিল বিডেনৰ সৈতে ৰেহোবট সাগৰৰ পাৰত চাইকেল চলাই আছিল। সেই সময়ত বাইডেনে ৰাস্তাৰ কাষত থিয় হৈ থকা কাৰোবাৰ সৈতে কথা পাতিবলৈ ৰৈছিল। তেতিয়াই তেওঁ পৰি গৈছিল। 

বিডেন চাইকেলৰ পৰা পৰা বুলি জনাৰ পিছতে  হোৱাইট হাউচে এক বিবৃতি জাৰি কৰি কৈছে যে বাইডেনে বিশেষ দুখ পোৱা নাই আৰু  চিকিৎসা অথবা পৰীক্ষাৰো প্ৰয়োজন নাই। তেওঁ বাকী দিনটো তেওঁৰ পৰিয়ালৰ সৈতে কটাব। উল্লেখ্য  ইয়াৰ আগতে ২০২০ চনত ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ কিছুদিন পিছতে জো বাইডেনে তেওঁৰ পোহনীয়া কুকুৰটোৰ সৈতে খেলি থাকোতে পৰি ভৰি ভাঙিছিল।

 বয়স হ’লেও তেওঁ ডেকা ল’ৰাই কৰাৰ দৰেই বহু কাম কৰি ভালপায়।৭৯ বছৰীয়া ৰাষ্ট্ৰপতিগৰাকীয়ে দ্বিতীয় বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নে নাই তাক লৈ জল্পনা-কল্পনা চলি আছে। এই পৰিৱেশত সাংবাদিকৰ পৰা দেশৰ ৰাজনৈতিক বিশ্লেষকলৈকে সকলোৱে বিডেনৰ শৰীৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখি আহিছে। বাইডেন চাইকেলৰ পৰা পৰাৰ খবৰটোৱে সেয়ে আমেৰিকাত বিশেষ প্ৰাধান্য লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি