--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেতিয়া এজন পুৰুষৰ বয়সে ৩৫ বছৰ অতিক্ৰম কৰে, তেতিয়া শৰীৰৰ বহু পৰিৱৰ্তন হয়। বয়স বাঢ়ি যোৱাৰ লগে লগে শৰীৰৰ সমস্যাবোৰো বাঢ়ি যায়। অৱশ্যে বৰ্তমান যুগত কম বয়সৰ লোকসকলো ডায়েবেটিছ, মেদবহুলতা আৰু উচ্চ ৰক্তচাপত ভূগা দেখা যায়। অতি কম বয়সতে কেন্সাৰ আৰু হাৰ্ট এটেকৰ ফলত বহু মানুহে প্ৰাণ হেৰুৱাইছে। এনে ক্ষেত্ৰত মহিলাতকৈ পুৰুষৰ সংখ্যা অধিক। গতিকে বয়স বৃদ্ধিৰ লগে লগে পুৰুষে নিয়মীয়াকৈ কিছুমান পৰীক্ষা কৰাটো প্ৰয়োজনীয়।

১/দন্ত পৰীক্ষাঃ বয়স বৃদ্ধিৰ লগে লগে দাঁতৰ সমস্যা হোৱাটো অনিবাৰ্য, লগতে বহু সময়ত দাঁতৰ বিষ, মুখৰ গোন্ধ বাঢ়িবলৈ আৰম্ভ কৰে। এনে অৱস্থাত আপুনি এজন ভাল দন্ত চিকিৎসকৰ পৰা দাঁত পৰীক্ষা কৰাব লাগে যাতে পিছত সমস্যাৰ সন্মুখীন হ’ব নালাগে।

২/ বি এম আই পৰীক্ষাঃ বডি মাছ ইনডেক্স টেষ্ট, যাক BMI বুলিও কোৱা হয়, য’ত এজন ব্যক্তিৰ উচ্চতা আৰু তেওঁৰ ওজনৰ অনুপাত গণনা কৰা হয়, যাতে সেই ব্যক্তিজন কিমান ফিট সেই কথা জানিব পৰা যায়। ওজন বৃদ্ধি হোৱাটো বৰ্তমান যুগৰ এটা ডাঙৰ সমস্যা হৈ পৰিছে, গতিকে ওজনৰ ওপৰত চকু ৰখাটো গুৰুত্বপূৰ্ণ। ১৮.৫ৰ পৰা ২৪.৯ৰ ভিতৰত থকা বিএমআই সঠিক বুলি ধৰা হয়। যদি সঠিক নহয় তেন্তে ৱৰ্কআউট আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাত মনোনিৱেশ কৰক।

৩/ কলেষ্টেৰল পৰীক্ষাঃ যদি শৰীৰত বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পায়, তেন্তে উচ্চ ৰক্তচাপ, হাৰ্ট এটেক, ক’ৰ’নাৰী আৰ্টাৰী ডিজিজ, ট্ৰিপল ভেছেল ডিজিজ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়, যিটো মাৰাত্মক প্ৰমাণিত হ’ব পাৰে। গতিকে প্ৰায় ৬ মাহত এবাৰ হ’লেও কলেষ্টেৰলৰ মাত্ৰা পৰীক্ষা কৰি ল’ব লাগে।

৪/ ব্লাড ছুগাৰ পৰীক্ষাঃ বয়সৰ লগে লগে পুৰুষসকলৰ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি হ’বলৈ আৰম্ভ কৰে, এয়া এনেকুৱা এটা ৰোগ যে এবাৰ কাৰোবাৰ হ’লেই গোটেই জীৱনত ই পিছ নেৰে। সেইবাবেই নিয়মিতভাৱে ব্লাড চুগাৰ টেষ্ট কৰি থকাটো গুৰুত্বপূৰ্ণ, যাতে আৰু কোনো সমস্যাৰ সৃষ্টি নহয়।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক