--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দিল্লী-এনচিআৰৰ প্ৰদূষণৰ মাত্ৰা বিপজ্জনকভাৱে বৃদ্ধি পোৱাৰ সমান্তৰালকৈ বহু ধৰণৰ ৰোগ বিয়পি পৰাৰ আশংকা বাঢ়িছে। আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল উশাহ-নিশাহৰ সমস্যা। ইয়াৰ উপৰি ডায়েবেটিছ আৰু অন্যান্য দীৰ্ঘদিনীয়া সমস্যাৰ সম্ভাৱনাও বৃদ্ধি পাব ধৰিছে। বিশেষজ্ঞসকলে শেহতীয়াকৈ কৰা এক অধ্যয়নত দেখা গৈছে যে বায়ু প্ৰদূষণে হৃদযন্ত্ৰক অতি ক্ষতিগ্ৰস্ত কৰাৰ উপৰি ই হাৰ্টএটেক, ষ্ট্ৰোকৰ দৰে মাৰাত্মক অৱস্থাও সৃষ্টি কৰিব পাৰে। 
 
* হৃদযন্ত্ৰৰ বাবে বিপজ্জনক বায়ু প্ৰদূষণ-
হৃদ বিশেষজ্ঞসকলে কয় যে বায়ু প্ৰদূষণে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। বতাহত ভাহি ফুৰা সৰু সৰু কণা পিএম২.৫ হাওঁফাওঁ আৰু তেজ চলাচলত প্ৰৱেশ কৰে। যাৰ বাবে হৃদৰোগ, হাৰ্টএটেক, ষ্ট্ৰোক আৰু হাওঁফাওঁৰ লগত জড়িত সমস্যা হ’ব পাৰে। নাইট্ৰজেন-ডাই-অক্সাইড, ছালফাৰ-ডাই-অক্সাইড আৰু কাৰ্বন-মনোক্সাইড বায়ুৰ অণুবীক্ষণিক কণাত পোৱা যায়, যাৰ ফলত সময়ৰ লগে লগে এনে বিপজ্জনক ৰোগ বৃদ্ধি পাব পাৰে।
 
* বায়ু প্ৰদূষণৰ বাবে বাঢ়িছে হাৰ্টএটেকৰ আশংকা-
heart.orgৰ প্ৰতিবেদন অনুসৰি মৃদু মাত্ৰাৰ বায়ু প্ৰদূষণৰ সংস্পৰ্শলৈ আহিলে হাৰ্টএটেকৰ সম্ভাৱনা বৃদ্ধি পায়। প্ৰদূষিত বায়ুত এঘণ্টা থাকিলেও ইয়াৰ আশংকা বৃদ্ধি পায়।অধ্যয়ন অনুসৰি বায়ু প্ৰদূষক পদাৰ্থই ক্ৰনিক ক’ৰ’নাৰী চিনড্ৰমৰ সমস্যা বৃদ্ধি কৰিব পাৰে। ইয়াৰ বাবে হৃদযন্ত্ৰৰ পেশীলৈ তেজৰ যোগান ব্যাহত হ’ব পাৰে।
 
* কি কয় স্বাস্থ্য বিশেষজ্ঞই?
চাংহাই ফুডান বিশ্ববিদ্যালয়ৰ স্কুল অব পাব্লিক হেল্থৰ অধ্যাপক হাইডং কানে কয় যে বায়ু প্ৰদূষণৰ প্ৰতি সকলোৱে সাৱধান হোৱা উচিত অধ্যয়নত দেখা গৈছে যে বায়ু প্ৰদূষক যেনে-কণা পদাৰ্থ, নাইট্ৰজেন-ডাই-অক্সাইড, চালফাৰ-ডাই-অক্সাইড আৰু কাৰ্বন-মনোক্সাইডৰ সংস্পৰ্শলৈ আহিলে হাৰ্টএটেকৰ সম্ভাৱনা বহুগুণ বৃদ্ধি পাব পাৰে। এই অণুবীক্ষণিক কণাবোৰৰ সংস্পৰ্শলৈ আহিলে হৃদৰোগ, ষ্ট্ৰোক আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। কেৱল এইটোৱেই নহয়, ইয়াৰ বাবেই অকাল মৃত্যুৰ আশংকাও বৃদ্ধি পাব পাৰে। সেয়েহে প্ৰদূষণৰ প্ৰতি সদায় সজাগ হোৱা উচিত। বাহিৰলৈ ওলাই যাওঁতে মাস্ক পিন্ধিব লাগে, প্ৰদূষিত বতাহ কিছু পৰিমাণে হ’লেও নিজকে সুৰক্ষিত ৰাখিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক