--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দিল্লী-এনচিআৰৰ প্ৰদূষণৰ মাত্ৰা বিপজ্জনকভাৱে বৃদ্ধি পোৱাৰ সমান্তৰালকৈ বহু ধৰণৰ ৰোগ বিয়পি পৰাৰ আশংকা বাঢ়িছে। আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল উশাহ-নিশাহৰ সমস্যা। ইয়াৰ উপৰি ডায়েবেটিছ আৰু অন্যান্য দীৰ্ঘদিনীয়া সমস্যাৰ সম্ভাৱনাও বৃদ্ধি পাব ধৰিছে। বিশেষজ্ঞসকলে শেহতীয়াকৈ কৰা এক অধ্যয়নত দেখা গৈছে যে বায়ু প্ৰদূষণে হৃদযন্ত্ৰক অতি ক্ষতিগ্ৰস্ত কৰাৰ উপৰি ই হাৰ্টএটেক, ষ্ট্ৰোকৰ দৰে মাৰাত্মক অৱস্থাও সৃষ্টি কৰিব পাৰে। 
 
* হৃদযন্ত্ৰৰ বাবে বিপজ্জনক বায়ু প্ৰদূষণ-
হৃদ বিশেষজ্ঞসকলে কয় যে বায়ু প্ৰদূষণে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। বতাহত ভাহি ফুৰা সৰু সৰু কণা পিএম২.৫ হাওঁফাওঁ আৰু তেজ চলাচলত প্ৰৱেশ কৰে। যাৰ বাবে হৃদৰোগ, হাৰ্টএটেক, ষ্ট্ৰোক আৰু হাওঁফাওঁৰ লগত জড়িত সমস্যা হ’ব পাৰে। নাইট্ৰজেন-ডাই-অক্সাইড, ছালফাৰ-ডাই-অক্সাইড আৰু কাৰ্বন-মনোক্সাইড বায়ুৰ অণুবীক্ষণিক কণাত পোৱা যায়, যাৰ ফলত সময়ৰ লগে লগে এনে বিপজ্জনক ৰোগ বৃদ্ধি পাব পাৰে।
 
* বায়ু প্ৰদূষণৰ বাবে বাঢ়িছে হাৰ্টএটেকৰ আশংকা-
heart.orgৰ প্ৰতিবেদন অনুসৰি মৃদু মাত্ৰাৰ বায়ু প্ৰদূষণৰ সংস্পৰ্শলৈ আহিলে হাৰ্টএটেকৰ সম্ভাৱনা বৃদ্ধি পায়। প্ৰদূষিত বায়ুত এঘণ্টা থাকিলেও ইয়াৰ আশংকা বৃদ্ধি পায়।অধ্যয়ন অনুসৰি বায়ু প্ৰদূষক পদাৰ্থই ক্ৰনিক ক’ৰ’নাৰী চিনড্ৰমৰ সমস্যা বৃদ্ধি কৰিব পাৰে। ইয়াৰ বাবে হৃদযন্ত্ৰৰ পেশীলৈ তেজৰ যোগান ব্যাহত হ’ব পাৰে।
 
* কি কয় স্বাস্থ্য বিশেষজ্ঞই?
চাংহাই ফুডান বিশ্ববিদ্যালয়ৰ স্কুল অব পাব্লিক হেল্থৰ অধ্যাপক হাইডং কানে কয় যে বায়ু প্ৰদূষণৰ প্ৰতি সকলোৱে সাৱধান হোৱা উচিত অধ্যয়নত দেখা গৈছে যে বায়ু প্ৰদূষক যেনে-কণা পদাৰ্থ, নাইট্ৰজেন-ডাই-অক্সাইড, চালফাৰ-ডাই-অক্সাইড আৰু কাৰ্বন-মনোক্সাইডৰ সংস্পৰ্শলৈ আহিলে হাৰ্টএটেকৰ সম্ভাৱনা বহুগুণ বৃদ্ধি পাব পাৰে। এই অণুবীক্ষণিক কণাবোৰৰ সংস্পৰ্শলৈ আহিলে হৃদৰোগ, ষ্ট্ৰোক আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। কেৱল এইটোৱেই নহয়, ইয়াৰ বাবেই অকাল মৃত্যুৰ আশংকাও বৃদ্ধি পাব পাৰে। সেয়েহে প্ৰদূষণৰ প্ৰতি সদায় সজাগ হোৱা উচিত। বাহিৰলৈ ওলাই যাওঁতে মাস্ক পিন্ধিব লাগে, প্ৰদূষিত বতাহ কিছু পৰিমাণে হ’লেও নিজকে সুৰক্ষিত ৰাখিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ