--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'নব্য-ভাৰত'ক ন-ৰূপত সজাবৰ বাবে অংগীকাৰবদ্ধ মুকেশ আম্বানী৷ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীয়ে কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰতক ৩৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হোৱাৰ পৰা একোৱেই বাধা দিব নোৱাৰে আৰু কেৱল গুজৰাটেই ৩ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি হ’ব বুলি আম্বানী আত্মবিশ্বাসী বুলি দাবী কৰে।

২০২৪ চনৰ ভাইব্ৰেণ্ট গুজৰাট শীৰ্ষ সন্মিলনত এই মন্তব্য কৰে ৬৬ বছৰীয়া কোটিপতি উদ্যোগপতিগৰাকীয়ে।

আম্বানীয়ে গুজৰাটৰ বিকাশৰ দিশত ৰিলায়েন্সৰ অৱদানৰ ওপৰত আলোকপাত কৰে।আম্বানীয়ে কয় যে সমগ্ৰ ভাৰততে বিশ্বমানৰ সম্পত্তি আৰু সামৰ্থ সৃষ্টিৰ ক্ষেত্ৰত সংঘবদ্ধ সংস্থাটোৱে ১২ লাখ কোটি টকাৰ বিনিয়োগৰ এক তৃতীয়াংশ গুজৰাটত হৈছে।

ৰিলায়েন্সৰ মুৰব্বীগৰাকীয়ে গুজৰাট সন্দৰ্ভত কেইবাটাও প্ৰতিশ্ৰুতিৰ ৰূপৰেখা দাঙি ধৰি কয় যে সংঘবদ্ধ সংস্থাটোৱে “অহা দহ বছৰত উল্লেখযোগ্য বিনিয়োগেৰে গুজৰাটৰ বিকাশৰ কাহিনীত অগ্ৰণী ভূমিকা পালন কৰি যাব”।

আম্বানীয়ে আৰু কয় যে ৰিলায়েন্সে গুজৰাটক সেউজ শক্তিৰ বৃদ্ধিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাত অৰিহণা যোগাব।আম্বানীয়ে কয়, ‘২০৩০ চনৰ ভিতৰত আমি গুজৰাটৰ শক্তিৰ প্ৰয়োজনীয়তাৰ আধা অংশ নবীকৰণযোগ্য শক্তিৰ জৰিয়তে পূৰণ কৰাত সহায় কৰিম।’

উল্লেখ্য যে, মুকেশ আম্বানীৰ উপৰিও অসংখ্য বিশ্বৰ বিশিষ্ট উদ্যোগপতি, আৰু শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াই গুজৰাট ভাইব্ৰেণ্ট ছামিট ২০২৪ত শোভা বঢ়াইছিল।অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰ্থনৈতিক বিকাশৰ প্ৰতি নিজৰ সমৰ্পণ পুনৰ দৃঢ় কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু