--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  আৰম্ভণিতে উজুতি খালে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে৷ ৰাহুলে মণিপুৰত পৰা  ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰাৰ কথা আছিল ৷ কিন্তি মণিপুৰ চৰকাৰে ৰাহুল গান্ধীক ৰাজ্য খনৰ পৰা  ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিবলৈ  অনুমতি দিয়া নহ’ব বুলি ঘোষণা কৰিছে। কংগ্ৰেছে মণিপুৰ চৰকাৰৰ ওচৰত  মেইটেইৰ আধিপত্য থকা পূব ইম্ফলৰ  পৰা যাত্ৰা আৰম্ভ কৰাৰ অনুমতি বিচাৰিছিল। কিন্তু চৰকাৰে সেই অনুমতি দিবলৈ অস্বীকাৰ কৰিছে৷   অৱশ্যে, কংগ্ৰেছে স্পষ্ট কৰি দিছে যে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ যাত্ৰা মণিপুৰৰ পৰাই হ'ব।

প্ৰাৰম্ভিক পৰিকল্পনা অনুসৰি  ৰাহুল গান্ধীৰ যাত্ৰা ১৪ জানুৱাৰীত ইম্ফল পূবৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল। কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰথম দিনাই মণিপুৰৰ পৰা নাগালেণ্ডত উপস্থিত হোৱাৰ কথা আছে। অৱশ্যে মণিপুৰৰ বীৰেন সিং চৰকাৰে মেইটেই অধ্যুষিত ইম্ফল পূবত  সভা অনুষ্ঠিত কৰি  যাত্ৰা আৰম্ভ কৰিবলৈ অনুমতি দিবলৈ অস্বীকাৰ কৰিছে৷ মণিপুৰ  চৰকাৰে দাবী কৰিছে যে আইন-শৃংখলা পৰিস্থিতিৰ কথা বিবেচনা কৰিয়েই ৰাহুলৰ যাত্ৰাৰ  অনুমতি দিয়া হোৱা নাই। 

অৱশ্যে কংগ্ৰেছে নিজৰ দাবীত অটল হৈ আছে। কংগ্ৰেছে স্পষ্ট কৰি দিছে যে মণিপুৰৰ বাহিৰে আন কোনো ঠাইৰ পৰাই যাত্ৰা আৰম্ভ কৰাৰ কোনো প্ৰশ্নই নাই। ন্যায় যাত্ৰা ইম্ফলৰ পৰাই আৰম্ভ হ'ব।কংগ্ৰেছৰ সূত্ৰ অনুসৰি যদি ৰাহুল গান্ধীৰ যাত্ৰা ইম্ফল পূবৰ পৰা আৰম্ভ কৰিব নোৱাৰে, তেন্তে ৰাহুল গান্ধীৰ যাত্ৰা ইম্ফলৰ আন কোনো খেলপথাৰৰ পৰা আৰম্ভ কৰা হ’ব ।  মণিপুৰ চৰকাৰৰ সৈতে বিষয়টো সন্দৰ্ভত  নিয়মীয়া যোগাযোগত আছে বুলিও কংগ্ৰেছে কৈছে।এনে পৰিস্থিতিত ৰাহুল গান্ধীৰ  যাত্ৰা থাওবলৰ পৰা আৰম্ভ হ'ব পাৰে বুলি বহুতে ধাৰণা কৰিছে।

 থাওবল ইম্ফলৰ পৰা ২৪  কিলোমিটাৰ দূৰৈত অৱস্থিত। থাওবল কুকি অধ্যুষিত এলেকা। কংগ্ৰেছৰ মতে যাত্ৰাৰ অনুমতি কেন্দ্ৰীয় চৰকাৰে দিছে। গতিকে মণিপুৰে আপত্তি কৰিব নোৱাৰে৷ নহয়। জয়ৰাম ৰমেশ আৰু কেচি বেণুগোপালে বুধবাৰে দলৰ মুখ্য কাৰ্যালয়ত ভাৰত ন্যায় যাত্ৰাৰ সম্ভাৱ্য পথ মানচিত্ৰৰ বিষয়ে আলোচনা কৰিবলৈ এখন সংবাদমেল অনুষ্ঠিত কৰে। মণিপুৰ চৰকাৰে  যাত্ৰাৰ অনুমতি নিদিয়াৰ বাবে কংগ্ৰেছে চৰকাৰ খনক ক্ষুৰধাৰ  সমালোচনা কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু