--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ বিজ্ঞানীসকলে নৱজাত এন্দুৰৰ মূৰত মানুহৰ মগজুৰ কোষ ৰোপণ কৰিবলৈ সক্ষম হৈছে। হঠাৎ কিয় এই পদক্ষেপ? বিজ্ঞানীসকলে দাবী কৰিছে যে এই পদাৰ্থ মগজুৰ বিভিন্ন ৰোগৰ গৱেষণাত উপযোগী হ’ব পাৰে। বিজ্ঞানীসকলে আশা কৰিছে যে এন্দুৰৰ সহায়ত স্কিজ’ফ্ৰেনিয়া বা অটিজিম আদি ৰোগৰ ঔষধ বিচাৰি উলিয়াব পাৰি। নেচাৰ নামৰ আলোচনীখনত প্ৰকাশ পাইছে এই গৱেষণাৰ তথ্য।

মগজুৰ বিভিন্ন ৰোগৰ ওপৰত গৱেষণা কৰাটো অতি কঠিন। কাৰণ মানুহৰ মগজু এটা জটিল গঠন। মানুহৰ স্নায়ুকোষ বা নিউৰনৰ গঠনো মৌলিক। গতিকে আন প্ৰাণীৰ মগজুৰ ওপৰত কৰা গৱেষণা সদায় মানুহৰ মগজুৰ লগত মিল নাথাকে। শৰীৰৰ বাহিৰত কৃত্ৰিমভাৱে কোষবোৰ তৈয়াৰ কৰিলেও ইহঁতৰ বৃদ্ধি স্বাভাৱিক নহয়। 

এই সকলোবোৰ বাধা দূৰ কৰিবলৈ বিজ্ঞানীসকলে নৱজাত এন্দুৰৰ মগজুত মানুহৰ মগজুৰ কিছুমান কোষ প্ৰতিস্থাপন কৰিছিল। এন্দুৰৰ মূৰত সংস্থাপন কৰা কোষেৰে গঠিত ‘মিনি ব্ৰেইন’ক বৈজ্ঞানিকভাৱে ‘অৰ্গেন’ইড’ বুলি কোৱা হয়। কিন্তু বিজ্ঞানীসকলে দাবী কৰিছে যে মগজুটো পূৰ্ণাংগ মানুহৰ দৰে গঠিত নহয়।

এই গৱেষণাৰ নেতৃত্ব দিছে আমেৰিকাৰ কেলিফৰ্ণিয়াৰ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ অধ্যাপক চাৰ্জিঅ’ প’স্কাৰে। এন্দুৰৰ শাৰীৰিক বিকাশৰ লগে লগে মগজুৰ কোষবোৰো স্বাভাৱিকভাৱে বৃদ্ধি পাব বুলি তেওঁ দাবী কৰে। কিন্তু আন এটা শাখাৰ বিজ্ঞানীয়ে নিশ্চিত নহয় যে গোটেই কামটো কিমান কামত আহিব। কোৱা হৈছে যে মানুহৰ মানসিক বিকাৰ কেৱল স্নায়ুজনিত সমস্যা নহয়। গতিকে এই পদ্ধতি কিমান ফলপ্ৰসূ হ’ব তাক লৈ সন্দেহ আছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক