--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘ডিম্পল কুইন’ৰ আজি জন্মদিন৷ ইনষ্টাগ্ৰাম, টুইটাৰত ভৰিছে শুভেচ্ছাৰ দীঘলীয়া শাৰী৷ বহু যুৱকৰ হৃদয়ত খলকনি তোলা বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনৰ আজি ৩৬ বছৰত সম্পূৰ্ণ হ’ল৷ মাজনিশাৰেপৰা দীপিকাক শুভেচ্ছাৰে উপচাই পেলাইছে বহু তাৰকা-অনুৰাগীয়ে৷ বলীউড জগতৰ এগৰাকী কঠোৰ পৰিশ্ৰমী তথা অসাধাৰণ দীপিকাই অশেষ কষ্টৰে আজিৰ শীৰ্ষ স্থানীয় মহিলা অভিনেত্ৰীৰ শাৰীত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷

May be a close-up of 1 person and jewellery

চলচ্চিত্ৰ উদ্যোগত দীপিকাৰ ১৪ বছৰীয়া কেৰিয়াৰত ওম শান্তি ওম, বাজিৰাও মস্তানি, য়ে জাৱানী হে দিৱানী, পিকু, তামাচা, ছপাক, পদ্মাৱত, চেন্নাই এক্সপ্ৰেছকে ধৰি শেহতীয়াকৈ মুক্তি লাভ কৰা ৮৩টো অভিনয়েৰে মোহিত কৰিছে লাখ লাখ অনুৰাগীক৷

Deepika Padukone and Ranveer Singh twin in red on Christmas and wish their  fans; See Pic | PINKVILLA

কেৱল অভিনয়ৰ ক্ষেত্ৰতে নহয় দীপিকাক বহু সময়ত দেখা যায় এগৰাকী দায়িত্বশীল নাৰীৰ ৰূপতো৷ যিসময়ত দিল্লীত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে নিশা প্ৰতিবাদ সাব্যস্ত কৰিছিল, সেই সময়ত দীপিকাত অত্যন্ত দায়িত্বশীল এগৰাকী নাৰীৰ ৰূপত ছাত্ৰ-ছাত্ৰীৰ কাষত থিয় হোৱা দেখা গৈছিল৷ সদায় এক ব্যতিক্ৰমী ৰূপত দেখা পোৱা বলীউড অভিনেতা ৰণবীৰ সিঙৰ পত্নী দীপিকাক প্ৰায়ে ছ’চিয়েল মিডিয়াত এক সুখী জীৱন-যাপনৰ অৱস্থাত দেখিবলৈ পোৱা যায়৷ শেহতীয়াকৈ মুক্তিলাভ কৰা ‘৮৩’ ছবিখনতো দুয়োকে একেলগে দেখিবলৈ পোৱা গৈছিল জনপ্ৰিয় যুটিটোক৷ তেওঁলোকে অভিনয় কৰা কেইবাখনো ছবিয়ে ইতিমধ্যে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে৷

May be an image of 1 person, playing tennis, standing and indoor

এগৰাকী টেনিছ খেলুৱৈ হিচাপেও ভাল প্ৰদৰ্শন দেখুওৱাবলৈ সক্ষম হৈছিল অভিনেত্ৰীগৰাকীয়ে৷ 

তেওঁৰ ৩৫সংখ্যক জন্মদিনত, দীপিকা পাডুকনে তেওঁৰ অনুৰাগীসকলৰ বাবে দিয়ে এক বিশেষ পোষ্ট৷ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ আহিবলগীয়া ছবি ‘গেহৰিয়ান’ৰ পৰা কিছু নতুন পোষ্টাৰ শ্বেয়াৰ কৰিছিল। এখন পোষ্টাৰত দীপিকা পাডুকনক সিদ্ধান্ত চতুৰ্বেদীৰ সৈতে দেখা গৈছে। ইয়াৰ উপৰি দীপিকাই প্ৰচাৰ কৰা আন পোষ্টাৰসমূহতো অনন্যা পাণ্ডে আৰু ধৈৰ্য কাৰৱাকো দেখা গৈছে৷ পোষ্টাৰ শ্বেয়াৰ কৰি বাৰ্থডে গাৰ্লে লিখে, “আপুনি আমাক দিয়া সকলো প্ৰেমৰ বাবে জন্মদিনৰ অলপ উপহাৰ।” অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ সংশোধিত মুক্তিৰ দিনো ঘোষণা কৰিছিল।

আগতে ২৫ জানুৱাৰীত মুক্তি পাবলগীয়া ছবিখন এতিয়া ১১ ফেব্ৰুৱাৰীত অ’টিটি প্লেটফৰ্ম এমাজন প্ৰাইম ভিডিঅ’ত প্ৰদৰ্শিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ