--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কৰ’নাই ৰুধিব নোৱাৰে ছলমানৰ বাট। অতিমাৰী কৰ’নাৰ বৰ্ধিত সংক্ৰমণৰ মাজতো যেন অলৰ-অচৰ-অবিচল ভাইজান । কৰ’না মহামাৰীৰ বৰ্ধিত সংক্ৰমণে ভীতি-সন্ত্ৰস্ত কৰি তুলিলেও বলীউড ছুপাৰষ্টাৰ ছলমান খানৰ যাত্ৰা অব্যাহত আছে। এক অনিৰুদ্ধ যাত্ৰা। অ'মিক্ৰনৰ সংক্ৰমণ আৰু বিশ্বজুৰি চৰম অস্বাভাৱিক পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সময়তে টাইগাৰ-৩ চলচ্চিত্ৰৰ কামত হাত দিছে ভাইজানে। নিজকে সুস্থ শৰীৰে ৰাখিবলৈ ভাইজানে অতিৰিক্ত সাৱধানতাও অৱলম্বন কৰা বুলি জানিবলৈ পোৱা গৈছে।

বলীউডৰ খবৰ অনুসৰি, এটা নিৰ্দিষ্ট দৃশ্যৰ দৃশ্যগ্ৰহণৰ বাবে প্ৰয়োজনীয় কলা-কুশলীকহে শ্বুটিং স্থলীত উপস্থিত থকাৰ পৰামৰ্শ দিছে ছলমানে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশাল সমাগম বিচৰা নাই বলীউড ভাইজান ছলমানে। অভিনেতাজনে প্ৰযোজনা প্ৰতিষ্ঠানৰ সদস্যসকলক ক’ভিড বিধি অনুসৰণ কৰিবলৈও পৰামৰ্শ দিছে।


ছলমান খানে ইমৰান হাছমীৰ সৈতে এটা একশ্যন দৃশ্যৰ দৃশ্যগ্ৰহণ কৰিবলৈ সাজু হৈছে। দৃশ্যটো সম্পূৰ্ণৰূপে বন্দী কৰিবলৈ এজন ফাইট ক’ৰ্ডিনেটৰ আৰু এটা বৃহত দল ছেটত উপস্থিত থাকিব। চলচ্চিত্ৰখনৰ এগৰাকী সদস্যই সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে, ‘কোনেও বিপদক আকোৱালি ল'ব বিচৰা নাই। ছলমানে নিজেই দৃশ্যগ্ৰহণৰ ব্যৱস্থাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। সকলো ধৰণৰ সাৱধানতা আখৰে আখৰে পালন কৰি কাম কৰিব বিচাৰে তেওঁ।’ উল্লেখ্য যে, তুৰ্কী, ৰাছিয়াৰ দৰে দেশত টাইগাৰ-৩ ৰ দৃশ্যগ্ৰহণ কৰা হৈছে। ছলমানৰ এইখন চলচ্চিত্ৰত অতিথি অভিনেতাৰূপে শ্বাহৰূখ খানকো দেখিবলৈ পাব অনুৰাগীয়ে। অধীৰ অপেক্ষাৰে টাইগাৰ-৩ৰ মুক্তিৰ বাবে বাট চাইছে ছলমান অনুৰাগী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু