--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ কৰ’নাই ৰুধিব নোৱাৰে ছলমানৰ বাট। অতিমাৰী কৰ’নাৰ বৰ্ধিত সংক্ৰমণৰ মাজতো যেন অলৰ-অচৰ-অবিচল ভাইজান । কৰ’না মহামাৰীৰ বৰ্ধিত সংক্ৰমণে ভীতি-সন্ত্ৰস্ত কৰি তুলিলেও বলীউড ছুপাৰষ্টাৰ ছলমান খানৰ যাত্ৰা অব্যাহত আছে। এক অনিৰুদ্ধ যাত্ৰা। অ'মিক্ৰনৰ সংক্ৰমণ আৰু বিশ্বজুৰি চৰম অস্বাভাৱিক পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ সময়তে টাইগাৰ-৩ চলচ্চিত্ৰৰ কামত হাত দিছে ভাইজানে। নিজকে সুস্থ শৰীৰে ৰাখিবলৈ ভাইজানে অতিৰিক্ত সাৱধানতাও অৱলম্বন কৰা বুলি জানিবলৈ পোৱা গৈছে।

বলীউডৰ খবৰ অনুসৰি, এটা নিৰ্দিষ্ট দৃশ্যৰ দৃশ্যগ্ৰহণৰ বাবে প্ৰয়োজনীয় কলা-কুশলীকহে শ্বুটিং স্থলীত উপস্থিত থকাৰ পৰামৰ্শ দিছে ছলমানে। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিশাল সমাগম বিচৰা নাই বলীউড ভাইজান ছলমানে। অভিনেতাজনে প্ৰযোজনা প্ৰতিষ্ঠানৰ সদস্যসকলক ক’ভিড বিধি অনুসৰণ কৰিবলৈও পৰামৰ্শ দিছে।


ছলমান খানে ইমৰান হাছমীৰ সৈতে এটা একশ্যন দৃশ্যৰ দৃশ্যগ্ৰহণ কৰিবলৈ সাজু হৈছে। দৃশ্যটো সম্পূৰ্ণৰূপে বন্দী কৰিবলৈ এজন ফাইট ক’ৰ্ডিনেটৰ আৰু এটা বৃহত দল ছেটত উপস্থিত থাকিব। চলচ্চিত্ৰখনৰ এগৰাকী সদস্যই সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে, ‘কোনেও বিপদক আকোৱালি ল'ব বিচৰা নাই। ছলমানে নিজেই দৃশ্যগ্ৰহণৰ ব্যৱস্থাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। সকলো ধৰণৰ সাৱধানতা আখৰে আখৰে পালন কৰি কাম কৰিব বিচাৰে তেওঁ।’ উল্লেখ্য যে, তুৰ্কী, ৰাছিয়াৰ দৰে দেশত টাইগাৰ-৩ ৰ দৃশ্যগ্ৰহণ কৰা হৈছে। ছলমানৰ এইখন চলচ্চিত্ৰত অতিথি অভিনেতাৰূপে শ্বাহৰূখ খানকো দেখিবলৈ পাব অনুৰাগীয়ে। অধীৰ অপেক্ষাৰে টাইগাৰ-৩ৰ মুক্তিৰ বাবে বাট চাইছে ছলমান অনুৰাগী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ