--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ কিং খান শ্বাহৰুখ খান কিমান জনপ্ৰিয় সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। শ্বাহৰুখৰ জনপ্ৰিয়তা কেৱল দেশতে সীমাবদ্ধ নহয়। দেশ-বিদেশৰ পৰিধি ভাঙি বিয়পি আছে কিং খানৰ জনপ্ৰিয়তা। শ্বাহৰুখ খানৰ চিনেমাসমূহ ভাৰত, ইউৰোপ, উপসাগৰীয় আৰু মধ্য প্ৰাচ্যৰ দেশসমূহতো বহুলভাৱে চোৱা হয়। উপসাগৰীয় আৰু মধ্য প্ৰাচ্যৰ দেশসমূহত বলীউড বাদশ্বাহ শ্বাহৰুখৰ বহু অনুৰাগী আছে। শেহতীয়াকৈ পুনৰ প্ৰমাণ পোৱা গ'ল বাহিৰৰ দেশত শ্বাহৰুখ খান কিমান জনপ্ৰিয়। বিপদত পৰা এগৰাকী ভাৰতীয় মহিলাক ৰক্ষা কৰিলে শ্বাহৰুখ খানৰ নামটোৱে।

অশোক বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপক অশ্বিনী দেশপাণ্ডেই টুইটাৰত টুইট কৰি লিখিছে যে তেওঁক ইজিপ্তত শ্বাহৰুখৰ নামটোৱে বৰ ডাঙৰ সহায় কৰিছিল। ইজিপ্তৰ এজন ট্ৰেভেল এজেণ্টে মহিলাগৰাকী বলীউড বাদশ্বাহ শ্বাহৰুখৰ দেশৰ পৰা অহা বুলি জানি তেওঁক সহায় কৰিছিল। ইজিপ্ত ভ্ৰমণ কৰিবৰ বাবে এগৰাকী ট্ৰেভেল এজেণ্টক দিবলগীয়া পইচা ট্ৰেন্সফাৰ কৰাত অসুবিধা পাইছিল মহিলাগৰাকীয়ে। ট্ৰেভেল এজেণ্টেগৰাকীয়ে মহিলাগৰাকীক কৈছিল ''আপুনি শ্বাহৰুখ খানৰ দেশৰ পৰা আহিছে। মই আপোনাক বিশ্বাস কৰিছোঁ।মই আপোনাৰ নামত সকলো বুকিং কৰি দিম, চিন্তা নকৰিব। আপুনি মোক পাছত টকা পৰিশোধ কৰিলেও হ'ব। এনেকুৱা কাম মই আগতে কাৰো লগত কৰা নাই। কিন্তু আপোনাক কৰিছো কেৱলমাত্ৰ আপুনি শ্বাহৰুখ খান বাস কৰা একেখন দেশৰ মানুহ কাৰণে। মই শ্বাহৰুখ খানক বৰ ভালপাওঁ।''

অশ্বিনী দেশপাণ্ডেৰ এই টুইটটোত বহু লোকে মন্তব্য কৰিছিল যে বাহিৰৰ দেশত বহুতেই কিং খানৰ বিষয়ে বহুত ভালদৰে কয়। ভাৰতৰ পৰা অহা বুলি ক'লে তেওঁলোকে বহু উৎসাহিতবোধ কৰে। এজনে কৈছিল মই ফ্ৰান্সলৈ যাওঁতে বহু লোকেই কৈছিল ভাৰত বুলি ক'লে আমি কেৱল শ্বাহৰুখ খানকে জানোঁ। অশ্বিনী দেশপাণ্ডেৰ টুইটটোত সকলোৱে শ্বাহৰুখৰ জনপ্ৰিয়তা এনেদৰে অটুট থকাটো কামনা কৰিছে। একাংশই কৈছে শ্বাহৰুখ খান সঁচাকৈয়ে বলীউড কিং।

আৰু পঢ়কঃ বৰ জীয়ৰীয়ে পালে নতুন চাকৰি; মন্দিৰলৈ গৈ পথ দুৰ্ঘটনাত নিঃশেষ হ’ল এটা পৰিয়াল


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ