--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউডৰ কিং খান শ্বাহৰুখ খান কিমান জনপ্ৰিয় সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। শ্বাহৰুখৰ জনপ্ৰিয়তা কেৱল দেশতে সীমাবদ্ধ নহয়। দেশ-বিদেশৰ পৰিধি ভাঙি বিয়পি আছে কিং খানৰ জনপ্ৰিয়তা। শ্বাহৰুখ খানৰ চিনেমাসমূহ ভাৰত, ইউৰোপ, উপসাগৰীয় আৰু মধ্য প্ৰাচ্যৰ দেশসমূহতো বহুলভাৱে চোৱা হয়। উপসাগৰীয় আৰু মধ্য প্ৰাচ্যৰ দেশসমূহত বলীউড বাদশ্বাহ শ্বাহৰুখৰ বহু অনুৰাগী আছে। শেহতীয়াকৈ পুনৰ প্ৰমাণ পোৱা গ'ল বাহিৰৰ দেশত শ্বাহৰুখ খান কিমান জনপ্ৰিয়। বিপদত পৰা এগৰাকী ভাৰতীয় মহিলাক ৰক্ষা কৰিলে শ্বাহৰুখ খানৰ নামটোৱে।

অশোক বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপক অশ্বিনী দেশপাণ্ডেই টুইটাৰত টুইট কৰি লিখিছে যে তেওঁক ইজিপ্তত শ্বাহৰুখৰ নামটোৱে বৰ ডাঙৰ সহায় কৰিছিল। ইজিপ্তৰ এজন ট্ৰেভেল এজেণ্টে মহিলাগৰাকী বলীউড বাদশ্বাহ শ্বাহৰুখৰ দেশৰ পৰা অহা বুলি জানি তেওঁক সহায় কৰিছিল। ইজিপ্ত ভ্ৰমণ কৰিবৰ বাবে এগৰাকী ট্ৰেভেল এজেণ্টক দিবলগীয়া পইচা ট্ৰেন্সফাৰ কৰাত অসুবিধা পাইছিল মহিলাগৰাকীয়ে। ট্ৰেভেল এজেণ্টেগৰাকীয়ে মহিলাগৰাকীক কৈছিল ''আপুনি শ্বাহৰুখ খানৰ দেশৰ পৰা আহিছে। মই আপোনাক বিশ্বাস কৰিছোঁ।মই আপোনাৰ নামত সকলো বুকিং কৰি দিম, চিন্তা নকৰিব। আপুনি মোক পাছত টকা পৰিশোধ কৰিলেও হ'ব। এনেকুৱা কাম মই আগতে কাৰো লগত কৰা নাই। কিন্তু আপোনাক কৰিছো কেৱলমাত্ৰ আপুনি শ্বাহৰুখ খান বাস কৰা একেখন দেশৰ মানুহ কাৰণে। মই শ্বাহৰুখ খানক বৰ ভালপাওঁ।''

অশ্বিনী দেশপাণ্ডেৰ এই টুইটটোত বহু লোকে মন্তব্য কৰিছিল যে বাহিৰৰ দেশত বহুতেই কিং খানৰ বিষয়ে বহুত ভালদৰে কয়। ভাৰতৰ পৰা অহা বুলি ক'লে তেওঁলোকে বহু উৎসাহিতবোধ কৰে। এজনে কৈছিল মই ফ্ৰান্সলৈ যাওঁতে বহু লোকেই কৈছিল ভাৰত বুলি ক'লে আমি কেৱল শ্বাহৰুখ খানকে জানোঁ। অশ্বিনী দেশপাণ্ডেৰ টুইটটোত সকলোৱে শ্বাহৰুখৰ জনপ্ৰিয়তা এনেদৰে অটুট থকাটো কামনা কৰিছে। একাংশই কৈছে শ্বাহৰুখ খান সঁচাকৈয়ে বলীউড কিং।

আৰু পঢ়কঃ বৰ জীয়ৰীয়ে পালে নতুন চাকৰি; মন্দিৰলৈ গৈ পথ দুৰ্ঘটনাত নিঃশেষ হ’ল এটা পৰিয়াল


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু