--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত পূৰ্ণগতিত দুৰ্গাপূজাৰ প্ৰস্তুতি চলি আছে আৰু নৱৰাত্ৰিৰ সমান্তৰালভাৱে ভক্তসকলে মাদুৰ্গা পূজাত ব্যস্ত হৈ পৰিছে। সকলোৱে নিজ নিজ পদ্ধতিৰে পূৰ্ণ প্ৰস্তুতি চলাইছে পূজাৰ। এনে সময়তে ওড়িশাৰ এজন মুছলমান লোক চৰ্চালৈ আহিছে, জানিব পৰা মতে তেওঁ বিগত ৩৭ বছৰ ধৰি দুৰ্গাপূজাৰ আয়োজন কৰি আহিছে। এই ব্যক্তিজনক হিন্দু-মুছলমান ঐক্যৰ উদাহৰণ বুলি আখ্যা দিয়া হৈছে।

 দৰাচলতে এই ব্যক্তিজন নাম কোহিনুৰ ইছলাম। সংবাদ মাধ্যমৰ খবৰ অনুসৰি তেওঁ ওড়িশাৰ গংৰাজৰ বাসিন্দা কোহিনুৰ ইছলামে বিগত কেইবাবছৰ ধৰি দুৰ্গাপূজাৰ মেলা আয়োজন কৰি আহিছে। কোৱা হয় যে ৭৪ বছৰীয়া কোহিনুৰ ইছলামে ৩৭ বছৰ ধৰি নিজৰ গাঁৱত দুৰ্গাপূজা উৎসৱৰ আয়োজন কৰি এই সমগ্ৰ অঞ্চলটোত তেওঁ জনপ্ৰিয়তা লাভ কৰিছে।

 প্ৰায় ৩৭ বছৰ ধৰি গাঁওখনতেই দুৰ্গাপূজা উদযাপন কৰি আহিছে। জানিব পৰা মতে কোহিনুৰ ইছলামৰ নিজ গাঁৱত তেওঁ প্ৰথমবাৰৰ বাবে দুৰ্গাপূজা আৰম্ভ কৰিছিল, তেতিয়াৰ পৰা আজিলৈকে তেওঁৰ গাঁৱতে দুৰ্গাপূজাৰ নেতৃত্ব দি আহিছে। কোৱা হৈছে যে তেওঁ এখন দুৰ্গাপূজা কমিটী গঠন কৰিছিল আৰু সেই কমিটীত প্ৰায় ৫০০জন সদস্য আছে। সেই গাঁৱৰ বাসিন্দাই দূৰ্গাপূজা চাবলৈ ওলাই আহে আৰু বিগত প্ৰায় ৩৭ বছৰ ধৰি এই পৰম্পৰা অব্যাহত আছে।

 তথ্য অনুসৰি প্ৰতি বছৰৰ দৰেই তেওঁৰ গাঁৱত পূৰ্ণ আড়ম্বৰে এইবাৰো দুৰ্গাপূজাৰ প্ৰস্তুতি চলি আছে। এই কামত তেওঁৰ দুগৰাকী কন্যাও সহায় কৰে। ইয়াৰ সমান্তৰালকৈ ওচৰ-চুবুৰীয়াই কমিটীখন চলাবলৈ আৰ্থিক বৰঙনি আগবঢ়ায় আৰু সকলোৱে একেলগে দুৰ্গোৎসৱ পালন কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক