--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশত পূৰ্ণগতিত দুৰ্গাপূজাৰ প্ৰস্তুতি চলি আছে আৰু নৱৰাত্ৰিৰ সমান্তৰালভাৱে ভক্তসকলে মাদুৰ্গা পূজাত ব্যস্ত হৈ পৰিছে। সকলোৱে নিজ নিজ পদ্ধতিৰে পূৰ্ণ প্ৰস্তুতি চলাইছে পূজাৰ। এনে সময়তে ওড়িশাৰ এজন মুছলমান লোক চৰ্চালৈ আহিছে, জানিব পৰা মতে তেওঁ বিগত ৩৭ বছৰ ধৰি দুৰ্গাপূজাৰ আয়োজন কৰি আহিছে। এই ব্যক্তিজনক হিন্দু-মুছলমান ঐক্যৰ উদাহৰণ বুলি আখ্যা দিয়া হৈছে।

 দৰাচলতে এই ব্যক্তিজন নাম কোহিনুৰ ইছলাম। সংবাদ মাধ্যমৰ খবৰ অনুসৰি তেওঁ ওড়িশাৰ গংৰাজৰ বাসিন্দা কোহিনুৰ ইছলামে বিগত কেইবাবছৰ ধৰি দুৰ্গাপূজাৰ মেলা আয়োজন কৰি আহিছে। কোৱা হয় যে ৭৪ বছৰীয়া কোহিনুৰ ইছলামে ৩৭ বছৰ ধৰি নিজৰ গাঁৱত দুৰ্গাপূজা উৎসৱৰ আয়োজন কৰি এই সমগ্ৰ অঞ্চলটোত তেওঁ জনপ্ৰিয়তা লাভ কৰিছে।

 প্ৰায় ৩৭ বছৰ ধৰি গাঁওখনতেই দুৰ্গাপূজা উদযাপন কৰি আহিছে। জানিব পৰা মতে কোহিনুৰ ইছলামৰ নিজ গাঁৱত তেওঁ প্ৰথমবাৰৰ বাবে দুৰ্গাপূজা আৰম্ভ কৰিছিল, তেতিয়াৰ পৰা আজিলৈকে তেওঁৰ গাঁৱতে দুৰ্গাপূজাৰ নেতৃত্ব দি আহিছে। কোৱা হৈছে যে তেওঁ এখন দুৰ্গাপূজা কমিটী গঠন কৰিছিল আৰু সেই কমিটীত প্ৰায় ৫০০জন সদস্য আছে। সেই গাঁৱৰ বাসিন্দাই দূৰ্গাপূজা চাবলৈ ওলাই আহে আৰু বিগত প্ৰায় ৩৭ বছৰ ধৰি এই পৰম্পৰা অব্যাহত আছে।

 তথ্য অনুসৰি প্ৰতি বছৰৰ দৰেই তেওঁৰ গাঁৱত পূৰ্ণ আড়ম্বৰে এইবাৰো দুৰ্গাপূজাৰ প্ৰস্তুতি চলি আছে। এই কামত তেওঁৰ দুগৰাকী কন্যাও সহায় কৰে। ইয়াৰ সমান্তৰালকৈ ওচৰ-চুবুৰীয়াই কমিটীখন চলাবলৈ আৰ্থিক বৰঙনি আগবঢ়ায় আৰু সকলোৱে একেলগে দুৰ্গোৎসৱ পালন কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু