--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অতি মৰ্মান্তিক! হস্পিতালৰ মৃতদেহ ঘৰলৈ নিবলৈ এম্বুলেন্স নোপোৱাত ককায়েকে হাততে লৈ গ’ল মৃতদেহ। এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশত।

জানিব পৰা মতে শুকুবাৰে মাতৃয়ে খং উঠাত তেওঁৰ পুত্ৰক ৰাস্তালৈ দলিয়াই দিছিল। সেই সময়তে অহা এখন গাড়ীয়ে দুবছৰীয়া শিশুটিক মহতিয়াই থৈ যায়। ফলত শিশুটি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। শিশুটিক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসালয়ত মৃত্যু হয়। শনিবাৰে শিশুটিৰ মৰণোত্তৰ পৰীক্ষা কৰি মৃতদেহ পিতৃক চমজাই দিয়ে।

কিন্তু পিতৃয়ে মৃতদেহ ঘৰলৈ নিবলৈ স্বাস্থ্যকৰ্মীৰ পৰা এম্বুলেন্স বিচৰাত কোনোৱে যাবলৈ মান্তি নহ’ল। কাৰণ মৃতদেহ নিবলৈ এম্বুলেন্সচালকসকলে তেওঁৰ পৰা ১০০০ টকা বিচাৰিছিল। কিন্তু পিতৃৰ হাতত ১০০০ টকা নাছিল বাবে শিশুটিৰ মৃতদেহ অৱশেষত ভাতৃয়ে কোলাত কৰি নিবলৈ বাধ্য হয়। কিন্তু কিছুদূৰ গৈ ভাগৰ লগাত তেওঁৰ জ্যেষ্ঠ পুত্ৰৰ হাতত শিশুটিৰ মৃতদেহটো তুলি দিয়ে। ব্যক্তগৰাকীয়ে জ্যেষ্ঠ পুত্ৰই কনিষ্ঠ পুত্ৰৰ মৃতদেহ কোলাত লৈ যোৱাৰ সময়তে কোনো লোকে এটা ভিডিঅ’ কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।

ভিডিঅ’টো চাই সকলোৱে আচৰিত হৈ প্ৰশ্ন কৰিছে যে এখন চৰকাৰী হাস্পতালত এম্বুলেন্বৰ বাবে পইচা কিয় দিব লাগে? অৱেশ্য এঘণ্টাৰ পাছত তেওঁলোকক এখন মৃতদেহ কঢ়িওৱা ভান যোগাৰ কৰি দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু