--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অতি মৰ্মান্তিক! হস্পিতালৰ মৃতদেহ ঘৰলৈ নিবলৈ এম্বুলেন্স নোপোৱাত ককায়েকে হাততে লৈ গ’ল মৃতদেহ। এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশত।

জানিব পৰা মতে শুকুবাৰে মাতৃয়ে খং উঠাত তেওঁৰ পুত্ৰক ৰাস্তালৈ দলিয়াই দিছিল। সেই সময়তে অহা এখন গাড়ীয়ে দুবছৰীয়া শিশুটিক মহতিয়াই থৈ যায়। ফলত শিশুটি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। শিশুটিক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসালয়ত মৃত্যু হয়। শনিবাৰে শিশুটিৰ মৰণোত্তৰ পৰীক্ষা কৰি মৃতদেহ পিতৃক চমজাই দিয়ে।

কিন্তু পিতৃয়ে মৃতদেহ ঘৰলৈ নিবলৈ স্বাস্থ্যকৰ্মীৰ পৰা এম্বুলেন্স বিচৰাত কোনোৱে যাবলৈ মান্তি নহ’ল। কাৰণ মৃতদেহ নিবলৈ এম্বুলেন্সচালকসকলে তেওঁৰ পৰা ১০০০ টকা বিচাৰিছিল। কিন্তু পিতৃৰ হাতত ১০০০ টকা নাছিল বাবে শিশুটিৰ মৃতদেহ অৱশেষত ভাতৃয়ে কোলাত কৰি নিবলৈ বাধ্য হয়। কিন্তু কিছুদূৰ গৈ ভাগৰ লগাত তেওঁৰ জ্যেষ্ঠ পুত্ৰৰ হাতত শিশুটিৰ মৃতদেহটো তুলি দিয়ে। ব্যক্তগৰাকীয়ে জ্যেষ্ঠ পুত্ৰই কনিষ্ঠ পুত্ৰৰ মৃতদেহ কোলাত লৈ যোৱাৰ সময়তে কোনো লোকে এটা ভিডিঅ’ কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰে।

ভিডিঅ’টো চাই সকলোৱে আচৰিত হৈ প্ৰশ্ন কৰিছে যে এখন চৰকাৰী হাস্পতালত এম্বুলেন্বৰ বাবে পইচা কিয় দিব লাগে? অৱেশ্য এঘণ্টাৰ পাছত তেওঁলোকক এখন মৃতদেহ কঢ়িওৱা ভান যোগাৰ কৰি দিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী