--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী কলা পৰিচালক নীতিন চন্দ্ৰকান্ত দেশাইৰ আত্মহত্যা। বুধবাৰে পুৱা মহাৰাষ্ট্ৰৰ কাৰ্জাতস্থিত তেওঁৰ ষ্টুডিঅ’ত আৰক্ষীয়ে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে চন্দ্ৰকান্ত দেশাইৰ মৃতদেহ। ৰায়গড়ৰ আৰক্ষী অধীক্ষক পি সোমনাথ ঘৰে কয় যে আৰক্ষীয়ে বিষয়টো সকলো দিশৰ পৰা তদন্ত কৰি আছে।  মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৭ বছৰ।

মহাৰাষ্ট্ৰৰ ডাপোলি চহৰৰ পৰা অহা নীতিন দেশাইয়ে কেইবাখনো মাৰাঠী আৰু হিন্দী ছবিৰ আৰ্ট ডাইৰেক্টৰ আৰু প্ৰডাকচন ডিজাইনাৰ হিচাপে কাম কৰিছিল। হম দিল দে চুকে ছানম (১৯৯৯), লগান (২০০১), দেৱদাস (২০০২), জোধা আকবৰ (২০০৮) আৰু প্ৰেম ৰতন ধন পায়ো (২০১৫) আদি ছবিত নীতিন দেশাইয়ে ছেট ডিজাইন কৰিছিল। ২০১৬ চনত দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব সাংস্কৃতিক মহোৎসৱৰ সৈতেও তেওঁ জড়িত আছিল।

কলা পৰিচালনাৰ বাবে দেশাইয়ে চাৰিবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ৯ বাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ২০০৫ চনত তেওঁ নৱী মুম্বাইৰ কাৰ্জাটত ৫২ একৰ মাটিত বিস্তৃত এন ডি ষ্টুডিঅ’ মুকলি কৰে, য’ত তাৰ পিছৰ পৰা জোধা আকবৰ (২০০৮), ট্ৰেফিক চিগনেল (২০০৭) আৰু কালাৰ্ছ টিভিৰ ৰিয়েলিটি শ্ব’ ‘বিগ বছ’ৰ দৰে শ্ব’ৰ আয়োজন কৰা হয়।

আৰ্থিক সমস্যাৰ বাবেই নীতিন চন্দ্ৰকান্ত দেশাইয়ে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ পাইছে। 

নীতিন দেশাইয়ে হঠাতে এই পৃথিৱীৰ পৰা বিদায় লোৱাৰ পাছতে বহু চলচ্চিত্ৰ তাৰকাৰ মাজত শোকৰ ঢৌ উঠিছে। ২০ বছৰীয়া কেৰিয়াৰত দেশাইয়ে আশুতোষ গোৱাৰিকাৰ, বিধু বিনোদ চোপ্ৰা, ৰাজকুমাৰ হিৰানী, সঞ্জয় লীলা ভাঞ্চালীৰ দৰে প্ৰখ্যাত ছবি পৰিচালকৰ সৈতে কাম কৰিছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ