--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী কলা পৰিচালক নীতিন চন্দ্ৰকান্ত দেশাইৰ আত্মহত্যা। বুধবাৰে পুৱা মহাৰাষ্ট্ৰৰ কাৰ্জাতস্থিত তেওঁৰ ষ্টুডিঅ’ত আৰক্ষীয়ে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে চন্দ্ৰকান্ত দেশাইৰ মৃতদেহ। ৰায়গড়ৰ আৰক্ষী অধীক্ষক পি সোমনাথ ঘৰে কয় যে আৰক্ষীয়ে বিষয়টো সকলো দিশৰ পৰা তদন্ত কৰি আছে।  মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৭ বছৰ।

মহাৰাষ্ট্ৰৰ ডাপোলি চহৰৰ পৰা অহা নীতিন দেশাইয়ে কেইবাখনো মাৰাঠী আৰু হিন্দী ছবিৰ আৰ্ট ডাইৰেক্টৰ আৰু প্ৰডাকচন ডিজাইনাৰ হিচাপে কাম কৰিছিল। হম দিল দে চুকে ছানম (১৯৯৯), লগান (২০০১), দেৱদাস (২০০২), জোধা আকবৰ (২০০৮) আৰু প্ৰেম ৰতন ধন পায়ো (২০১৫) আদি ছবিত নীতিন দেশাইয়ে ছেট ডিজাইন কৰিছিল। ২০১৬ চনত দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব সাংস্কৃতিক মহোৎসৱৰ সৈতেও তেওঁ জড়িত আছিল।

কলা পৰিচালনাৰ বাবে দেশাইয়ে চাৰিবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু ৯ বাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ২০০৫ চনত তেওঁ নৱী মুম্বাইৰ কাৰ্জাটত ৫২ একৰ মাটিত বিস্তৃত এন ডি ষ্টুডিঅ’ মুকলি কৰে, য’ত তাৰ পিছৰ পৰা জোধা আকবৰ (২০০৮), ট্ৰেফিক চিগনেল (২০০৭) আৰু কালাৰ্ছ টিভিৰ ৰিয়েলিটি শ্ব’ ‘বিগ বছ’ৰ দৰে শ্ব’ৰ আয়োজন কৰা হয়।

আৰ্থিক সমস্যাৰ বাবেই নীতিন চন্দ্ৰকান্ত দেশাইয়ে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ পাইছে। 

নীতিন দেশাইয়ে হঠাতে এই পৃথিৱীৰ পৰা বিদায় লোৱাৰ পাছতে বহু চলচ্চিত্ৰ তাৰকাৰ মাজত শোকৰ ঢৌ উঠিছে। ২০ বছৰীয়া কেৰিয়াৰত দেশাইয়ে আশুতোষ গোৱাৰিকাৰ, বিধু বিনোদ চোপ্ৰা, ৰাজকুমাৰ হিৰানী, সঞ্জয় লীলা ভাঞ্চালীৰ দৰে প্ৰখ্যাত ছবি পৰিচালকৰ সৈতে কাম কৰিছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস