--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ মেৱাট জিলাত সংঘটিত হোৱা নুহ সাম্প্ৰদায়িক সংঘৰ্ষৰ পাছত ইয়াৰ প্ৰভাৱ এতিয়া দেশৰ ৰাজধানী দিল্লীতো দেখা গৈছে। নুহ হিংসাৰ বিৰুদ্ধে আজি দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে বিশ্ব হিন্দু পৰিষদে। আনহাতে, দিল্লীৰ ২৩টা স্থানত ভিএইচপি আৰু বজৰং দল প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা কৰিছে। ভি এইচ পিৰ তথ্য অনুসৰি বজৰং দলে এই প্ৰতিবাদৰ আয়োজন কৰিছে। আনহাতে, দিল্লী আৰক্ষীয়েও হাৰিয়ানাৰ সৈতে দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ কেন্দ্ৰীয় সংস্থাসমূহৰ তথ্যৰ পিছতে সতৰ্কতা বৃদ্ধি কৰিছে। ইয়াৰ সমান্তৰালকৈ আৰক্ষীক সজাগ হৈ থাকিবলৈ কোৱা হৈছে।

নুহত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিবাদত বজৰং দলে দিল্লীৰ ২৩টা স্থানত প্ৰতিবাদৰ আয়োজন কৰিছে। বিশ্ব হিন্দু পৰিষদে দাবী কৰিছে যে নুহ হিংসাত্মক ঘটনাত বজৰং দলৰ দুজন কৰ্মীৰ মৃত্যু হৈছে।বিশ্ব হিন্দু পৰিষদে নিহতসকলৰ পৰিয়ালক এক কোটি টকাকৈ ধন দিবলৈ দাবী জনাইছে।

আচলতে দিল্লীৰ গাতে লাগি থকা হাৰিয়ানাৰ নুহত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পাছত উত্তেজনাৰ এই পৰিৱেশে বিৰাজ কৰিছে। নুহ কাণ্ডৰ সন্দৰ্ভত কোৱা হৈছে যে হাৰিয়ানা আৰক্ষীৰ ভুলৰ বাবেই এনে হৈছিল। এই বিষয়টোৱে এতিয়া ৰাজনৈতিক পৰ্যায়ত গতি লাভ কৰিছে। বিশ্ব হিন্দু পৰিষদৰ সাধাৰণ সম্পাদক সুৰেন্দ্ৰ জৈনে কংগ্ৰেছে এইবোৰ বিষয়ত গতি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ অভিযোগ যে যেতিয়ালৈকে হিন্দু সমাজখন মৌন হৈ থাকিব, যেতিয়ালৈকে সমাজৰ জনসাধাৰণে ক্ষতিগ্ৰস্ত হ’ব। তেওঁ কয় যে মেৱাটত মহাভাৰত যুগৰ মন্দিৰ আছে। ধৰ্মীয় দৃষ্টিকোণৰ পৰা এই মন্দিৰসমূহ অতি গুৰুত্বপূৰ্ণ। ইয়াত শাওণমাহৰ সময়ত জলাভিষেক কৰা হয়। তালৈ যোৱাটো সৌভাগ্যৰ কথা।

উল্লেখ্য যে এই পৰ্যন্ত হাৰিয়ানাৰ মেৱাট জিলাত নুহ হিংসাত ৫ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত আছে ৩ জন নাগৰিক। এই ঘটনাত হাৰিয়ানা আৰক্ষীৰ দুজন জোৱানৰো মৃত্যু হৈছে। হাৰিয়ানা আৰক্ষীয়ে আটক কৰিছে নুহ হিছানত ৭০জন লোকক। নুহত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰিছে। তেওঁ কয় যে নুহত যি ঘটনা সংঘটিত হৈছে সেয়া দুৰ্ভাগ্যজনক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ