--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ মেৱাট জিলাত সংঘটিত হোৱা নুহ সাম্প্ৰদায়িক সংঘৰ্ষৰ পাছত ইয়াৰ প্ৰভাৱ এতিয়া দেশৰ ৰাজধানী দিল্লীতো দেখা গৈছে। নুহ হিংসাৰ বিৰুদ্ধে আজি দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে বিশ্ব হিন্দু পৰিষদে। আনহাতে, দিল্লীৰ ২৩টা স্থানত ভিএইচপি আৰু বজৰং দল প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা কৰিছে। ভি এইচ পিৰ তথ্য অনুসৰি বজৰং দলে এই প্ৰতিবাদৰ আয়োজন কৰিছে। আনহাতে, দিল্লী আৰক্ষীয়েও হাৰিয়ানাৰ সৈতে দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ কেন্দ্ৰীয় সংস্থাসমূহৰ তথ্যৰ পিছতে সতৰ্কতা বৃদ্ধি কৰিছে। ইয়াৰ সমান্তৰালকৈ আৰক্ষীক সজাগ হৈ থাকিবলৈ কোৱা হৈছে।

নুহত সংঘটিত হিংসাত্মক ঘটনাৰ প্ৰতিবাদত বজৰং দলে দিল্লীৰ ২৩টা স্থানত প্ৰতিবাদৰ আয়োজন কৰিছে। বিশ্ব হিন্দু পৰিষদে দাবী কৰিছে যে নুহ হিংসাত্মক ঘটনাত বজৰং দলৰ দুজন কৰ্মীৰ মৃত্যু হৈছে।বিশ্ব হিন্দু পৰিষদে নিহতসকলৰ পৰিয়ালক এক কোটি টকাকৈ ধন দিবলৈ দাবী জনাইছে।

আচলতে দিল্লীৰ গাতে লাগি থকা হাৰিয়ানাৰ নুহত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পাছত উত্তেজনাৰ এই পৰিৱেশে বিৰাজ কৰিছে। নুহ কাণ্ডৰ সন্দৰ্ভত কোৱা হৈছে যে হাৰিয়ানা আৰক্ষীৰ ভুলৰ বাবেই এনে হৈছিল। এই বিষয়টোৱে এতিয়া ৰাজনৈতিক পৰ্যায়ত গতি লাভ কৰিছে। বিশ্ব হিন্দু পৰিষদৰ সাধাৰণ সম্পাদক সুৰেন্দ্ৰ জৈনে কংগ্ৰেছে এইবোৰ বিষয়ত গতি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁলোকৰ অভিযোগ যে যেতিয়ালৈকে হিন্দু সমাজখন মৌন হৈ থাকিব, যেতিয়ালৈকে সমাজৰ জনসাধাৰণে ক্ষতিগ্ৰস্ত হ’ব। তেওঁ কয় যে মেৱাটত মহাভাৰত যুগৰ মন্দিৰ আছে। ধৰ্মীয় দৃষ্টিকোণৰ পৰা এই মন্দিৰসমূহ অতি গুৰুত্বপূৰ্ণ। ইয়াত শাওণমাহৰ সময়ত জলাভিষেক কৰা হয়। তালৈ যোৱাটো সৌভাগ্যৰ কথা।

উল্লেখ্য যে এই পৰ্যন্ত হাৰিয়ানাৰ মেৱাট জিলাত নুহ হিংসাত ৫ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত আছে ৩ জন নাগৰিক। এই ঘটনাত হাৰিয়ানা আৰক্ষীৰ দুজন জোৱানৰো মৃত্যু হৈছে। হাৰিয়ানা আৰক্ষীয়ে আটক কৰিছে নুহ হিছানত ৭০জন লোকক। নুহত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰিছে। তেওঁ কয় যে নুহত যি ঘটনা সংঘটিত হৈছে সেয়া দুৰ্ভাগ্যজনক।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস