--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ ঘটনাকলৈ অটল হৈ আছে বিৰোধী।  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ পৰা মণিপুৰৰ পৰিস্থিতিকলৈ বিবৃতি দাবী কৰি অহা বিৰোধী মিত্ৰ জোঁট ইণ্ডিয়াই আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ইণ্ডিয়াৰ প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰপতি মুৰ্মুক মণিপুৰৰ প্ৰসংগত হস্তক্ষেপ কৰিবলৈ দাবী জনায়।  বিৰোধী  মিত্ৰজোঁটৰ প্ৰতিনিধিসকলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি  এখন স্মাৰকপত্ৰ প্ৰদান কৰে। 

জ্যেষ্ঠ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে ৰাষ্ট্ৰপতিক  স্মাৰকপত্ৰখন প্ৰদান কৰে। শাৰদ পাৱাৰ, সুদীপ বন্দোপাধ্যায়, ডেৰেক অ'ব্ৰাইন, সঞ্জয় ৰাউত আৰু অন্যান্যসকলেও ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি মণিপুৰৰ প্ৰসংগত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনায়।

স্মাৰকপত্ৰখনত ৰাষ্ট্ৰপতিক মণিপুৰৰ বিষয়ত হস্তক্ষেপ কৰিবলৈ আহ্বান জনোৱাৰ লগতে ৰাজ্য খনত  উদ্ভৱ হোৱা অস্বাভাৱিক পৰিস্থিতি দূৰ কৰি অতি সোনকালে স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ অনুৰোধ জনোৱা হৈছে। ইণ্ডিয়াৰ এগৰাকী প্ৰতিনিধি ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে  ৰাষ্ট্ৰপতিক আহ্বান জনাই কয় যে মণিপুৰৰ দুটা ভিন্ন সম্প্ৰদায়ৰ দুগৰাকী সাহসী মহিলাক ৰাজ্যসভালৈ মনোনীত কৰা হওঁক। সেই মহিলা দুগৰাকী ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত মহিলা হ’ব লাগে বুলিও দেৱে কয়।তেওঁ কয় যে মণিপুৰত মহিলাসকলক শক্তিশালী  কৰিবলৈয়ে  এনে  পদক্ষেপ  এটা সামান্য পদক্ষেপ হ’ব পাৰে।

ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ পূৰ্বে  কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই  কয়, "মণিপুৰৰ পৰিস্থিতি অতি গুৰুতৰ। আৰু তেওঁ ভাবে যে মুৰ্মু নিজেই জানজাতীয়  সম্প্ৰদায়ৰ প্ৰতিনিধি হোৱা বাবে বিষয়টোৰ গুৰুত্ব বুজি পাব।

উত্তৰ-পূবৰ এখন  গুৰুত্বপূৰ্ণ ৰাজ্য মণিপুৰত তিনি মাহৰো অধিক সময় ধৰি জাতিগত হিংসাই গা কৰি উঠিছে।   কুকি আৰু মেইটেই জনগোষ্টীৰ  মাজত সংঘৰ্ষ ইমানেই  ভয়াৱহ হৈ উঠিছে যে  ই দিল্লীকো কঁপাই তুলিছে। বিশেষকৈ উলংগ মহিলাক পেৰেড কৰোৱাৰ ভাইৰেল ভিডিঅ'ই বিতৰ্কৰ সৃষ্টি কৰিছে ।বিৰোধীয়ে দাবী কৰি আহিছে যে প্ৰধানমন্ত্ৰীয়ে মণিপুৰ বিষয়ত সংসদত এটা বিবৃতি দিব লাগে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ