--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ ঘটনাকলৈ অটল হৈ আছে বিৰোধী।  প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ পৰা মণিপুৰৰ পৰিস্থিতিকলৈ বিবৃতি দাবী কৰি অহা বিৰোধী মিত্ৰ জোঁট ইণ্ডিয়াই আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ইণ্ডিয়াৰ প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰপতি মুৰ্মুক মণিপুৰৰ প্ৰসংগত হস্তক্ষেপ কৰিবলৈ দাবী জনায়।  বিৰোধী  মিত্ৰজোঁটৰ প্ৰতিনিধিসকলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি  এখন স্মাৰকপত্ৰ প্ৰদান কৰে। 

জ্যেষ্ঠ কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে ৰাষ্ট্ৰপতিক  স্মাৰকপত্ৰখন প্ৰদান কৰে। শাৰদ পাৱাৰ, সুদীপ বন্দোপাধ্যায়, ডেৰেক অ'ব্ৰাইন, সঞ্জয় ৰাউত আৰু অন্যান্যসকলেও ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি মণিপুৰৰ প্ৰসংগত হস্তক্ষেপ কৰিবলৈ অনুৰোধ জনায়।

স্মাৰকপত্ৰখনত ৰাষ্ট্ৰপতিক মণিপুৰৰ বিষয়ত হস্তক্ষেপ কৰিবলৈ আহ্বান জনোৱাৰ লগতে ৰাজ্য খনত  উদ্ভৱ হোৱা অস্বাভাৱিক পৰিস্থিতি দূৰ কৰি অতি সোনকালে স্বাভাৱিক অৱস্থা ঘূৰাই আনিবলৈ অনুৰোধ জনোৱা হৈছে। ইণ্ডিয়াৰ এগৰাকী প্ৰতিনিধি ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে  ৰাষ্ট্ৰপতিক আহ্বান জনাই কয় যে মণিপুৰৰ দুটা ভিন্ন সম্প্ৰদায়ৰ দুগৰাকী সাহসী মহিলাক ৰাজ্যসভালৈ মনোনীত কৰা হওঁক। সেই মহিলা দুগৰাকী ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত মহিলা হ’ব লাগে বুলিও দেৱে কয়।তেওঁ কয় যে মণিপুৰত মহিলাসকলক শক্তিশালী  কৰিবলৈয়ে  এনে  পদক্ষেপ  এটা সামান্য পদক্ষেপ হ’ব পাৰে।

ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ পূৰ্বে  কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই  কয়, "মণিপুৰৰ পৰিস্থিতি অতি গুৰুতৰ। আৰু তেওঁ ভাবে যে মুৰ্মু নিজেই জানজাতীয়  সম্প্ৰদায়ৰ প্ৰতিনিধি হোৱা বাবে বিষয়টোৰ গুৰুত্ব বুজি পাব।

উত্তৰ-পূবৰ এখন  গুৰুত্বপূৰ্ণ ৰাজ্য মণিপুৰত তিনি মাহৰো অধিক সময় ধৰি জাতিগত হিংসাই গা কৰি উঠিছে।   কুকি আৰু মেইটেই জনগোষ্টীৰ  মাজত সংঘৰ্ষ ইমানেই  ভয়াৱহ হৈ উঠিছে যে  ই দিল্লীকো কঁপাই তুলিছে। বিশেষকৈ উলংগ মহিলাক পেৰেড কৰোৱাৰ ভাইৰেল ভিডিঅ'ই বিতৰ্কৰ সৃষ্টি কৰিছে ।বিৰোধীয়ে দাবী কৰি আহিছে যে প্ৰধানমন্ত্ৰীয়ে মণিপুৰ বিষয়ত সংসদত এটা বিবৃতি দিব লাগে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস