--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশ আৰক্ষীত এজন কণমানি কনিষ্টবলৰ প্ৰৱেশ ঘটিছে, যাৰ বয়স মাত্ৰ ৪ বছৰ। কনিষ্টবল পদত নিযুক্তি হোৱা পত্ৰখন নিজ হাতে কণমানিটিৰ হাতত তুৃলি দিয়ে এছএছপি সুনীল জৈনে। এতিয়া আপুনি নিশ্চয় ভাবিছে যে এয়া কেনেকৈ সম্ভৱ? কেনেদৰে মাত্ৰ ৪ বছৰ বয়সতে মধ্য প্ৰদেশ আৰক্ষীত নিযুক্তি পালে শিশুটিয়ে? ৪ বছৰীয়া শিশুটিৰ নাম গজেন্দ্ৰ মাৰকাম। গজেন্দ্ৰৰ পিতৃ শ্যাম সিং মাৰকাম মধ্য প্ৰদেশৰ নৰসিংপুৰত হেড কনিষ্টবল পদত নিযুক্ত আছিল আৰু কৰ্তব্যৰত অৱস্থাতে হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু ঘটিছিল। ইয়াৰ পাছতেই শ্যাম সিং মাৰকামৰ পৰিয়ালত দুখৰ পাহাৰ ভাগি পৰিছিল। এফালে পৰিয়ালটোৰ মুৰব্বীৰ মৃত্যু আনফালে আৰ্থিক সমস্যা। মধ্য প্ৰদেশ চৰকাৰে শ্যাম সিং মাৰকামৰ পত্নী সবিতা মাৰকামক স্বামীৰ পদটোত অনুকম্পামূলক নিযুক্তি দিব বিচাৰিছিল কিন্তু তেওঁ নিজে চাকৰিটো গ্ৰহণ নকৰি তেওঁৰ ৪ বছৰীয়া পুত্ৰ গজেন্দ্ৰ মাৰকামক নিযুক্তি দিয়াৰ বাবে আবেদন কৰে। সকলো গুৰুত্বপূৰ্ণ নথিপত্ৰৰ সৈতে শপতনামা দিছিল সবিতা মাৰকামে। সকলো দিশ পৰীক্ষা কৰাৰ অন্তত ৪ বছৰীয়া শিশুটোক কাটনিত শিশু ৰক্ষক হিচাপে যোগদান পত্ৰ প্ৰদান কৰা হয়। এছএছপি সুনীল জৈনে কয় যে ''গজেন্দ্ৰ মাৰকামক আমি শিশু কনিষ্টবল হিচাপে নিযুক্তি দিলোঁ। তেওঁৰ পিতৃ হেড কনিষ্টবল আছিল কিন্তু কৰ্তব্যৰত অৱস্থাত তেওঁৰ আকস্মিক মৃত্যু হয় গতিকে তেওঁৰ পৰিয়ালৰ সদস্যক আমি অনুকম্পামূলক চাকৰি দিব বিচাৰিছিলোঁ। সেয়ে গজেন্দ্ৰ মাৰকামক আজিৰে পৰা আৰক্ষী বিভাগত শিশু কনিষ্টবল হিচাপে নিযুক্তি দিয়া হয়। তেওঁৰ বয়স এতিয়া মাত্ৰ ৪ বছৰ। এতিয়া তেওঁ পঢ়া-শুনা কৰক। যেতিয়া গজেন্দ্ৰৰ ১৮ বছৰ হ'ব তেতিয়া তেওঁ এজন কনিষ্টবল হিচাপে দায়িত্ব ল'বলৈ সক্ষম হ'ব।'' উল্লেখ্য যে শ্যাম সিং মাৰকামৰ পত্নী সবিতাক পেঞ্চন দিয়াৰ লগতে শিশু কনিষ্টবল গজেন্দ্ৰ মাৰকামক আধা দৰমহা চৰকাৰে প্ৰদান কৰিব। আৰু পঢ়কঃ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ বিনোদ কাম্বলীক গ্ৰেপ্তাৰ! কি অপৰাধ?

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন