--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশ আৰক্ষীত এজন কণমানি কনিষ্টবলৰ প্ৰৱেশ ঘটিছে, যাৰ বয়স মাত্ৰ ৪ বছৰ। কনিষ্টবল পদত নিযুক্তি হোৱা পত্ৰখন নিজ হাতে কণমানিটিৰ হাতত তুৃলি দিয়ে এছএছপি সুনীল জৈনে। এতিয়া আপুনি নিশ্চয় ভাবিছে যে এয়া কেনেকৈ সম্ভৱ? কেনেদৰে মাত্ৰ ৪ বছৰ বয়সতে মধ্য প্ৰদেশ আৰক্ষীত নিযুক্তি পালে শিশুটিয়ে? ৪ বছৰীয়া শিশুটিৰ নাম গজেন্দ্ৰ মাৰকাম। গজেন্দ্ৰৰ পিতৃ শ্যাম সিং মাৰকাম মধ্য প্ৰদেশৰ নৰসিংপুৰত হেড কনিষ্টবল পদত নিযুক্ত আছিল আৰু কৰ্তব্যৰত অৱস্থাতে হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু ঘটিছিল। ইয়াৰ পাছতেই শ্যাম সিং মাৰকামৰ পৰিয়ালত দুখৰ পাহাৰ ভাগি পৰিছিল। এফালে পৰিয়ালটোৰ মুৰব্বীৰ মৃত্যু আনফালে আৰ্থিক সমস্যা। মধ্য প্ৰদেশ চৰকাৰে শ্যাম সিং মাৰকামৰ পত্নী সবিতা মাৰকামক স্বামীৰ পদটোত অনুকম্পামূলক নিযুক্তি দিব বিচাৰিছিল কিন্তু তেওঁ নিজে চাকৰিটো গ্ৰহণ নকৰি তেওঁৰ ৪ বছৰীয়া পুত্ৰ গজেন্দ্ৰ মাৰকামক নিযুক্তি দিয়াৰ বাবে আবেদন কৰে। সকলো গুৰুত্বপূৰ্ণ নথিপত্ৰৰ সৈতে শপতনামা দিছিল সবিতা মাৰকামে। সকলো দিশ পৰীক্ষা কৰাৰ অন্তত ৪ বছৰীয়া শিশুটোক কাটনিত শিশু ৰক্ষক হিচাপে যোগদান পত্ৰ প্ৰদান কৰা হয়। এছএছপি সুনীল জৈনে কয় যে ''গজেন্দ্ৰ মাৰকামক আমি শিশু কনিষ্টবল হিচাপে নিযুক্তি দিলোঁ। তেওঁৰ পিতৃ হেড কনিষ্টবল আছিল কিন্তু কৰ্তব্যৰত অৱস্থাত তেওঁৰ আকস্মিক মৃত্যু হয় গতিকে তেওঁৰ পৰিয়ালৰ সদস্যক আমি অনুকম্পামূলক চাকৰি দিব বিচাৰিছিলোঁ। সেয়ে গজেন্দ্ৰ মাৰকামক আজিৰে পৰা আৰক্ষী বিভাগত শিশু কনিষ্টবল হিচাপে নিযুক্তি দিয়া হয়। তেওঁৰ বয়স এতিয়া মাত্ৰ ৪ বছৰ। এতিয়া তেওঁ পঢ়া-শুনা কৰক। যেতিয়া গজেন্দ্ৰৰ ১৮ বছৰ হ'ব তেতিয়া তেওঁ এজন কনিষ্টবল হিচাপে দায়িত্ব ল'বলৈ সক্ষম হ'ব।'' উল্লেখ্য যে শ্যাম সিং মাৰকামৰ পত্নী সবিতাক পেঞ্চন দিয়াৰ লগতে শিশু কনিষ্টবল গজেন্দ্ৰ মাৰকামক আধা দৰমহা চৰকাৰে প্ৰদান কৰিব। আৰু পঢ়কঃ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ বিনোদ কাম্বলীক গ্ৰেপ্তাৰ! কি অপৰাধ?

FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত