--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মণিপুৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱা ৭ বজাৰ আৰম্ভ হয়৷ মণিপুৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ আজি পাঁচখন জিলাত অনুষ্ঠিত হয়-ইম্ফল পূব, ইম্ফল পশ্চিম, বিষ্ণুপুৰ, চুৰাচান্দপুৰ আৰু কাংপোকপি। নিৰ্বাচনৰ ফলাফলসমূহ ১০ মাৰ্চত ঘোষণা কৰা হ'ব। ক'ভিড পজিটিভ আৰু কোৱাৰেন্টাইনত থকা ভোটাৰসকলক অন্তিম ঘণ্টাত তেওঁলোকৰ ভোটদান কৰাৰ অনুমতি দিয়া হয়। ৰাজ্যিক নিৰ্বাচন আয়োগৰ মতে ৩৮টা বিধানসভা সমষ্টিৰ বাবে মুঠ ১৭৩জন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। মুঠ প্ৰাৰ্থীৰ ভিতৰত ১৫গৰাকী মহিলা আৰু ৩৯জন প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ আছে। ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) ৩৮জন, কংগ্ৰেছে ৩৫জন আৰু জনতা দল ইউনাইটেডে (জেডিইউ) ২৮জন প্ৰাৰ্থী প্ৰদান কৰিছে নিৰ্বাচনত। ইপিনে চামুলামলান গাঁৱৰ উপ-বিভাগীয় কাৰ্যালয় চৌহদত এছ বক্সাৰ মেৰীকমৰ স্বামী কাৰোং ওনখোলাৰে আজি ভোটদান কৰে। অনখোলাৰে ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাৰ চাইকোট (এছটি) বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। ওনখোলাৰে তেওঁৰ সমৰ্থকসকলৰ সৈতে পুৱা ৭ বজাত ভোটকেন্দ্ৰত উপস্থিত হৈছিল৷ কিন্তু ইভিএমৰ কিছু কাৰিকৰী বিজুতিৰ বাবে পলমকৈ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ বাবে ভোটদান কৰিবলৈ প্ৰায় ৩০ মিনিট অপেক্ষা কৰিবলগা হয়। ভোটকেন্দ্ৰত ভোটদান কৰা তেওঁ প্ৰথমজন ভোটাৰ আছিল। ভোট দানৰ পিছত অনখোলাৰে ৰাইজক তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছিল। অৱশ্যে মেৰীকমে নতুন দিল্লীত প্ৰশিক্ষণ লৈ থকাৰ বাবে ভোট দিবলৈ অহা নাই বুলি জানিবলৈ দিয়ে তেওঁৰ স্বামী কাৰোং ওনখোলাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন