--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মণিপুৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ আজি পুৱা ৭ বজাৰ আৰম্ভ হয়৷ মণিপুৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ আজি পাঁচখন জিলাত অনুষ্ঠিত হয়-ইম্ফল পূব, ইম্ফল পশ্চিম, বিষ্ণুপুৰ, চুৰাচান্দপুৰ আৰু কাংপোকপি। নিৰ্বাচনৰ ফলাফলসমূহ ১০ মাৰ্চত ঘোষণা কৰা হ'ব। ক'ভিড পজিটিভ আৰু কোৱাৰেন্টাইনত থকা ভোটাৰসকলক অন্তিম ঘণ্টাত তেওঁলোকৰ ভোটদান কৰাৰ অনুমতি দিয়া হয়। ৰাজ্যিক নিৰ্বাচন আয়োগৰ মতে ৩৮টা বিধানসভা সমষ্টিৰ বাবে মুঠ ১৭৩জন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। মুঠ প্ৰাৰ্থীৰ ভিতৰত ১৫গৰাকী মহিলা আৰু ৩৯জন প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধমূলক অভিযোগ আছে। ভাৰতীয় জনতা পাৰ্টীয়ে (বিজেপি) ৩৮জন, কংগ্ৰেছে ৩৫জন আৰু জনতা দল ইউনাইটেডে (জেডিইউ) ২৮জন প্ৰাৰ্থী প্ৰদান কৰিছে নিৰ্বাচনত। ইপিনে চামুলামলান গাঁৱৰ উপ-বিভাগীয় কাৰ্যালয় চৌহদত এছ বক্সাৰ মেৰীকমৰ স্বামী কাৰোং ওনখোলাৰে আজি ভোটদান কৰে। অনখোলাৰে ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাৰ চাইকোট (এছটি) বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। ওনখোলাৰে তেওঁৰ সমৰ্থকসকলৰ সৈতে পুৱা ৭ বজাত ভোটকেন্দ্ৰত উপস্থিত হৈছিল৷ কিন্তু ইভিএমৰ কিছু কাৰিকৰী বিজুতিৰ বাবে পলমকৈ ভোটগ্ৰহণ আৰম্ভ হোৱাৰ বাবে ভোটদান কৰিবলৈ প্ৰায় ৩০ মিনিট অপেক্ষা কৰিবলগা হয়। ভোটকেন্দ্ৰত ভোটদান কৰা তেওঁ প্ৰথমজন ভোটাৰ আছিল। ভোট দানৰ পিছত অনখোলাৰে ৰাইজক তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছিল। অৱশ্যে মেৰীকমে নতুন দিল্লীত প্ৰশিক্ষণ লৈ থকাৰ বাবে ভোট দিবলৈ অহা নাই বুলি জানিবলৈ দিয়ে তেওঁৰ স্বামী কাৰোং ওনখোলাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ