--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ: টিনচেল চহৰৰ তাৰকা দম্পতীসকলৰ ভিতৰত যিসকলে প্ৰায়ে শিৰোনাম দখল কৰে, তেওঁলোকৰ ভিতৰত অন্যতম হৈছে মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰ। বয়সৰ পাৰ্থক্যৰ বাবে, তেওঁলোক প্ৰায়েই চৰ্চিত হয়। কেইদিনমান আগতে শুনা গৈছিল যে মালাইকা-অৰ্জুনে প্ৰেমক  মান্য ৰূপ প্ৰদান কৰিবৰ বাবে বিবাহপাশত আবদ্ধ হ’বলৈ গৈ আছে। কিন্তু একেসময়তে আন এক চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছে।

কেইদিনমান আগতে, মালাইকাৰ এপাৰ্টমেণ্টৰ কাষত বান্দ্ৰাত এটা ফ্লেট কিনিছিল অৰ্জুন কাপুৰে। ২০ কোটি টকাত এপাৰ্টমেণ্টটো ক্ৰয় কৰা অৰ্জুন কাপুৰ অতি সোনকালে তালৈ স্থানান্তৰিত হ’ব বুলি চৰ্চা হৈছিল। অট্টালিকাটো মালাইকাৰ ঘৰৰ ওচৰত আছিল। ইয়াৰ মাজতে, এতিয়া শুনা গৈছে যে  তাৰকাজনে তাৎক্ষণিকভাৱে ফ্লেটটো বিক্ৰী কৰিছে। অট্টালিকাটো মালাইকাৰ ঘৰৰ ওচৰত আছিল। কৰণ কুন্দ্ৰা আৰু সোণাক্ষী সিনহায়ো সেই একেটা ভৱনতে ফ্লেট ক্ৰয় কৰিছিল।

শেহতীয়াকৈ, এইটো খবৰো পোৱা গৈছে যে অৰ্জুনে চাৰিটা শোৱনী কোঠাৰ বিলাসী এপাৰ্টমেণ্টটো বিক্ৰী কৰিছে। তেওঁ প্ৰায় ৪ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল। অভিনেতাজনে ২০ কোটি টকাত ক্ৰয় কৰিছিল আৰু কেইমাহমানৰ ভিতৰতে মাত্ৰ ১৬ কোটি টকাত বিক্ৰী কৰিছিল। তেওঁ বৰ্তমান জুহুত থকা তেওঁৰ পুৰণি এপাৰ্টমেণ্টত আছে৷ অৰ্জুনে কিয় তেওঁৰ বান্দ্ৰাৰ এপাৰ্টমেণ্টটো কোটি টকাৰ লোকচানত বিক্ৰী কৰিলে তাকে লৈ এতিয়া বি-টাউনত যথেষ্ট কৌতূহলৰ সৃষ্টি হৈছে৷ নে অৰ্জুন আৰু  মালাইকাৰ মাজত কোনো সমস্যাৰ সৃষ্টি হৈছিল? দুয়োজন তাৰকাই বিয়াত বহাৰ পৰিকল্পনা স্থগিত কৰিছে নেকি?  উত্থাপিত হৈছে বহুতো প্ৰশ্ন৷ উত্তৰ বিচাৰি এতিয়া সকলোৱে  উচিত সময়ৰ বাবে অপেক্ষা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ