--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ: টিনচেল চহৰৰ তাৰকা দম্পতীসকলৰ ভিতৰত যিসকলে প্ৰায়ে শিৰোনাম দখল কৰে, তেওঁলোকৰ ভিতৰত অন্যতম হৈছে মালাইকা অৰোৰা আৰু অৰ্জুন কাপুৰ। বয়সৰ পাৰ্থক্যৰ বাবে, তেওঁলোক প্ৰায়েই চৰ্চিত হয়। কেইদিনমান আগতে শুনা গৈছিল যে মালাইকা-অৰ্জুনে প্ৰেমক  মান্য ৰূপ প্ৰদান কৰিবৰ বাবে বিবাহপাশত আবদ্ধ হ’বলৈ গৈ আছে। কিন্তু একেসময়তে আন এক চাঞ্চল্যকৰ তথ্য সন্মুখলৈ আহিছে।

কেইদিনমান আগতে, মালাইকাৰ এপাৰ্টমেণ্টৰ কাষত বান্দ্ৰাত এটা ফ্লেট কিনিছিল অৰ্জুন কাপুৰে। ২০ কোটি টকাত এপাৰ্টমেণ্টটো ক্ৰয় কৰা অৰ্জুন কাপুৰ অতি সোনকালে তালৈ স্থানান্তৰিত হ’ব বুলি চৰ্চা হৈছিল। অট্টালিকাটো মালাইকাৰ ঘৰৰ ওচৰত আছিল। ইয়াৰ মাজতে, এতিয়া শুনা গৈছে যে  তাৰকাজনে তাৎক্ষণিকভাৱে ফ্লেটটো বিক্ৰী কৰিছে। অট্টালিকাটো মালাইকাৰ ঘৰৰ ওচৰত আছিল। কৰণ কুন্দ্ৰা আৰু সোণাক্ষী সিনহায়ো সেই একেটা ভৱনতে ফ্লেট ক্ৰয় কৰিছিল।

শেহতীয়াকৈ, এইটো খবৰো পোৱা গৈছে যে অৰ্জুনে চাৰিটা শোৱনী কোঠাৰ বিলাসী এপাৰ্টমেণ্টটো বিক্ৰী কৰিছে। তেওঁ প্ৰায় ৪ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল। অভিনেতাজনে ২০ কোটি টকাত ক্ৰয় কৰিছিল আৰু কেইমাহমানৰ ভিতৰতে মাত্ৰ ১৬ কোটি টকাত বিক্ৰী কৰিছিল। তেওঁ বৰ্তমান জুহুত থকা তেওঁৰ পুৰণি এপাৰ্টমেণ্টত আছে৷ অৰ্জুনে কিয় তেওঁৰ বান্দ্ৰাৰ এপাৰ্টমেণ্টটো কোটি টকাৰ লোকচানত বিক্ৰী কৰিলে তাকে লৈ এতিয়া বি-টাউনত যথেষ্ট কৌতূহলৰ সৃষ্টি হৈছে৷ নে অৰ্জুন আৰু  মালাইকাৰ মাজত কোনো সমস্যাৰ সৃষ্টি হৈছিল? দুয়োজন তাৰকাই বিয়াত বহাৰ পৰিকল্পনা স্থগিত কৰিছে নেকি?  উত্থাপিত হৈছে বহুতো প্ৰশ্ন৷ উত্তৰ বিচাৰি এতিয়া সকলোৱে  উচিত সময়ৰ বাবে অপেক্ষা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু