--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত ধুমুহা গতিত ভাইৰেল হৈছে বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ নগ্ন ফটোশ্বুট। আজি সকলোৰে মুখে মুখে মাঁথো নগ্ন ৰণবীৰৰ কথা। একাংশই ফটোবোৰ লাইক কৰিছে আৰু একাংশই তীব্ৰ সমালোচনাও কৰিছে। কিছুমানে ৰণবীৰক লৈ মিমো বনাইছে। ৰণবীৰৰ এই ফটোশ্বুটটো বহুদিনৰ আগতে আহিব লাগিছিল কিন্তু ৰখাই থোৱা হে হৈছিল। এক প্ৰতিবেদন অনুসৰি বহু আগতেই শ্বুটিঙৰ পৰিকল্পনা কৰা হৈছিল। শ্বুটিঙৰ দৃষ্টিভংগীৰ বিষয়ে ৰণবীৰ সিং অতি স্পষ্ট আছিল। ফটোবোৰ বহু আগতেই মুকলি কৰি দিয়াৰ কথা আছিল কিন্তু ৰণবীৰ সিঙৰ বাকী থকা কামৰ বাবে আৰু এখন ছবি মুক্তি পোৱাৰ বাবে ইয়াক পিছুৱাই দিবলগীয়া হৈছিল। মে’ বা জুন মাহত ৰণবীৰৰ নগ্ন ফটোশ্বুট মুকলি কৰাৰ কথা আছিল যদিও ৰণবীৰে অলপ অপেক্ষা কৰিব বিচাৰিছিল।
 অভিনেতাগৰাকীৰ একাংশ অনুৰাগীয়ে এই ফটোশ্বুটটো ভাল লগা বুলি কৈছে আৰু একাংশই কয় যে এইটো যথেষ্ট অশ্লীল ফটোশ্বুট, এনেকুৱা হোৱা উচিত নাছিল। সকলোৱে ভিন ভিন মতামত দি আছে পাছে স্বামী ৰণবীৰৰ নতুন অৱতাৰক লৈ কি প্ৰতিক্ৰিয়া দিলে পত্নী দীপিকা পাডুকনে? সকলোৱে এতিয়া বাট চাই আছে দীপিকাৰ প্ৰতিক্ৰিয়ালৈ। 

দীপিকা পাডুকনে এই ফটোশ্বুটটো যথেষ্ট আকৰ্ষণীয় বুলি বিবেচনা কৰিছে। হয়, আপুনি ঠিকেই পঢ়িছে। ৰণবীৰৰ ফটোসমূহ ছবিসমূহ দেখাৰ পিছত দীপিকা অতিশয় আপ্লুত হৈ পৰিছে। এই শ্বুটটোৰ বাবে দীপিকা আৰম্ভণিৰে পৰাই এক্সাইটেড হৈ আছিল। ফটোশ্বুটৰ এই ধাৰণাটো দীপিকাৰ সঁচাকৈয়ে ভাল লগা বুলি জনাইছে। ছবিবোৰ ইণ্টাৰনেটত মুকলি কৰাৰ আগতেই দীপিকা পাডুকনক দেখুৱাই লোৱা হৈছিল। দীপিকাই সদায় ৰণবীৰক সমৰ্থন কৰে। গতিকে এই শ্বুটটোৰ প্ৰতিও ৰণবীৰক সম্পূৰ্ণৰূপে সমৰ্থন আগবঢ়াইছিল দীপিকাই।
 উল্লেখ্য যে দীপিকাই ৰণবীৰক চিয়েৰলিডাৰ বুলি গণ্য কৰে। ৰণবীৰে নিজেই কৈছে যে তেওঁৰ ফেশ্বন চেন্স দেখি দীপিকা আৰু তেওঁৰ পৰিয়ালে প্ৰথম অৱস্থাত অদ্ভুত অনুভৱ কৰিছিল। এতিয়া ৰণবীৰৰ ফেশ্বনক লৈ সকলো অভ্যস্ত হৈ পৰিছে। ৰণবীৰে কৈছিল যে শহুৰেকৰ ঘৰলৈ গ’লে অৱশ্যে তেওঁ সদায়ে মাৰ্জিত আৰু পৰিশীলিত পোচাক পিন্ধে। প্ৰতিদিনে ৰণবীৰ সিঙে তেওঁৰ ফেশ্বন চইছেৰে অনুৰাগীক আপ্লুত কৰে আৰু এইবাৰ গাত এপদো বস্ত্ৰ নৰখাকৈ সকলোকে হতচকিত কৰি তুলিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু