--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত ধুমুহা গতিত ভাইৰেল হৈছে বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ নগ্ন ফটোশ্বুট। আজি সকলোৰে মুখে মুখে মাঁথো নগ্ন ৰণবীৰৰ কথা। একাংশই ফটোবোৰ লাইক কৰিছে আৰু একাংশই তীব্ৰ সমালোচনাও কৰিছে। কিছুমানে ৰণবীৰক লৈ মিমো বনাইছে। ৰণবীৰৰ এই ফটোশ্বুটটো বহুদিনৰ আগতে আহিব লাগিছিল কিন্তু ৰখাই থোৱা হে হৈছিল। এক প্ৰতিবেদন অনুসৰি বহু আগতেই শ্বুটিঙৰ পৰিকল্পনা কৰা হৈছিল। শ্বুটিঙৰ দৃষ্টিভংগীৰ বিষয়ে ৰণবীৰ সিং অতি স্পষ্ট আছিল। ফটোবোৰ বহু আগতেই মুকলি কৰি দিয়াৰ কথা আছিল কিন্তু ৰণবীৰ সিঙৰ বাকী থকা কামৰ বাবে আৰু এখন ছবি মুক্তি পোৱাৰ বাবে ইয়াক পিছুৱাই দিবলগীয়া হৈছিল। মে’ বা জুন মাহত ৰণবীৰৰ নগ্ন ফটোশ্বুট মুকলি কৰাৰ কথা আছিল যদিও ৰণবীৰে অলপ অপেক্ষা কৰিব বিচাৰিছিল।
 অভিনেতাগৰাকীৰ একাংশ অনুৰাগীয়ে এই ফটোশ্বুটটো ভাল লগা বুলি কৈছে আৰু একাংশই কয় যে এইটো যথেষ্ট অশ্লীল ফটোশ্বুট, এনেকুৱা হোৱা উচিত নাছিল। সকলোৱে ভিন ভিন মতামত দি আছে পাছে স্বামী ৰণবীৰৰ নতুন অৱতাৰক লৈ কি প্ৰতিক্ৰিয়া দিলে পত্নী দীপিকা পাডুকনে? সকলোৱে এতিয়া বাট চাই আছে দীপিকাৰ প্ৰতিক্ৰিয়ালৈ। 

দীপিকা পাডুকনে এই ফটোশ্বুটটো যথেষ্ট আকৰ্ষণীয় বুলি বিবেচনা কৰিছে। হয়, আপুনি ঠিকেই পঢ়িছে। ৰণবীৰৰ ফটোসমূহ ছবিসমূহ দেখাৰ পিছত দীপিকা অতিশয় আপ্লুত হৈ পৰিছে। এই শ্বুটটোৰ বাবে দীপিকা আৰম্ভণিৰে পৰাই এক্সাইটেড হৈ আছিল। ফটোশ্বুটৰ এই ধাৰণাটো দীপিকাৰ সঁচাকৈয়ে ভাল লগা বুলি জনাইছে। ছবিবোৰ ইণ্টাৰনেটত মুকলি কৰাৰ আগতেই দীপিকা পাডুকনক দেখুৱাই লোৱা হৈছিল। দীপিকাই সদায় ৰণবীৰক সমৰ্থন কৰে। গতিকে এই শ্বুটটোৰ প্ৰতিও ৰণবীৰক সম্পূৰ্ণৰূপে সমৰ্থন আগবঢ়াইছিল দীপিকাই।
 উল্লেখ্য যে দীপিকাই ৰণবীৰক চিয়েৰলিডাৰ বুলি গণ্য কৰে। ৰণবীৰে নিজেই কৈছে যে তেওঁৰ ফেশ্বন চেন্স দেখি দীপিকা আৰু তেওঁৰ পৰিয়ালে প্ৰথম অৱস্থাত অদ্ভুত অনুভৱ কৰিছিল। এতিয়া ৰণবীৰৰ ফেশ্বনক লৈ সকলো অভ্যস্ত হৈ পৰিছে। ৰণবীৰে কৈছিল যে শহুৰেকৰ ঘৰলৈ গ’লে অৱশ্যে তেওঁ সদায়ে মাৰ্জিত আৰু পৰিশীলিত পোচাক পিন্ধে। প্ৰতিদিনে ৰণবীৰ সিঙে তেওঁৰ ফেশ্বন চইছেৰে অনুৰাগীক আপ্লুত কৰে আৰু এইবাৰ গাত এপদো বস্ত্ৰ নৰখাকৈ সকলোকে হতচকিত কৰি তুলিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ