--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অক্টোবৰ মাহটোক স্তন কেন্সাৰ সজাগতা মাহ হিচাপে পালন কৰা হয়। ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে স্তন কেন্সাৰৰ পৰিসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণ হৈছে সজাগতাৰ অভাৱ। বহু সময়ত মহিলাসকলেও নাজানে যে তেওঁলোকৰো স্তন কেন্সাৰৰ দৰে ৰোগ হ’ব পাৰে। বিশেষকৈ ৪০ বছৰ বয়সৰ পাছত মহিলাসকলৰ স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যদি আপুনি আৰম্ভণিতে লক্ষণবোৰ চিনাক্ত কৰিব পাৰে নিঃসন্দেহে স্তন কেন্সাৰৰ দৰে মহামাৰীৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰে। স্তন কেন্সাৰৰ লক্ষণসমূহ কি কি আৰু ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানি লওক।

 স্তন কেন্সাৰৰ লক্ষণসমূহ কি কি?

* স্তন বা বাহুৰ তলত গোট মৰা

* স্তন ফুলা বা মোটা হোৱা যেন লগা

* স্তনৰ ছালত বিষ বা ডিম্পলিং অনুভৱ কৰা

* নিপলত ৰঙা দাগ পৰা

* স্তনৰ ছালৰ টুকুৰা টুকুৰ হোৱা

* নিপল টুইচিং আৰু বিষ অনুভৱ হোৱা

* স্তনৰ পৰা তেজ ওলোৱা বা যিকোনো স্ৰাৱ ওলোৱা

* স্তনৰ আকাৰৰ পৰিৱৰ্তন হোৱা

* স্তনত বিষ অনুভৱ হোৱা

 স্তন কেন্সাৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?

১. চিকিৎসকসকলৰ মতে কয় যে ৪০ বছৰ বয়সৰ পাছত মহিলাসকল সজাগ হোৱাটো প্ৰয়োজন। এই সময়ত স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এনে অৱস্থাত ১-২ বছৰৰ মূৰে মূৰে মেম’গ্ৰাফী টেষ্ট কৰিব লাগে। যদি আপোনাৰ পৰিয়ালৰ ইতিহাসত স্তন কেন্সাৰ হৈছে, তেন্তে আপুনি সঘনাই পৰীক্ষা কৰি থকা উচিত

 ২. স্তন কেন্সাৰৰ পৰা হাত সাৰিবলৈ আপোনাৰ বাবে পৰিয়ালৰ ইতিহাসৰ বিষয়ে তথ্য থকাটো অতি প্ৰয়োজন। আপোনাৰ আত্মীয়ৰ স্তন কেন্সাৰ হৈছে তেন্তে ইয়াৰ দ্বাৰা চিকিৎসকে স্তন কেন্সাৰ জিন (BRCA gene) পৰীক্ষা কৰিব আৰু যদি আপোনাৰ মাজত ই পজিটিভ পোৱা যায়, তেন্তে আপুনি স্তন কেন্সাৰৰ আশংকাত ভোগাৰ সম্ভাৱনা অধিক হ’ব পাৰে। এনে অৱস্থাত আপুনি সদায় চেকআপ কৰি থাকিব লাগে।

 ৩. স্তন কেন্সাৰ ধৰা পেলাবলৈ চিকিৎসকে আত্মপৰীক্ষণৰ পৰামৰ্শ দিয়ে। ইয়াৰ বাবে নিয়মিতভাৱে হাতেৰে স্তনটো স্পৰ্শ কৰি হেঁচা মাৰি ধৰিব লাগে। যদি আপুনি কিবা বিষ, গাঁঠি বা বেলেগ কিবা অনুভৱ কৰে তেন্তে লগে লগে চিকিৎসকৰ ওচৰলৈ যাব লাগে। যদি আপুনি বুজি নাপায়, তেন্তে আপুনি আপোনাৰ স্ত্ৰীৰোগ বিশেষজ্ঞৰ সহায় ল’ব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক