--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অক্টোবৰ মাহটোক স্তন কেন্সাৰ সজাগতা মাহ হিচাপে পালন কৰা হয়। ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে স্তন কেন্সাৰৰ পৰিসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণ হৈছে সজাগতাৰ অভাৱ। বহু সময়ত মহিলাসকলেও নাজানে যে তেওঁলোকৰো স্তন কেন্সাৰৰ দৰে ৰোগ হ’ব পাৰে। বিশেষকৈ ৪০ বছৰ বয়সৰ পাছত মহিলাসকলৰ স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যদি আপুনি আৰম্ভণিতে লক্ষণবোৰ চিনাক্ত কৰিব পাৰে নিঃসন্দেহে স্তন কেন্সাৰৰ দৰে মহামাৰীৰ পৰা নিজকে সুৰক্ষিত কৰিব পাৰে। স্তন কেন্সাৰৰ লক্ষণসমূহ কি কি আৰু ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানি লওক।

 স্তন কেন্সাৰৰ লক্ষণসমূহ কি কি?

* স্তন বা বাহুৰ তলত গোট মৰা

* স্তন ফুলা বা মোটা হোৱা যেন লগা

* স্তনৰ ছালত বিষ বা ডিম্পলিং অনুভৱ কৰা

* নিপলত ৰঙা দাগ পৰা

* স্তনৰ ছালৰ টুকুৰা টুকুৰ হোৱা

* নিপল টুইচিং আৰু বিষ অনুভৱ হোৱা

* স্তনৰ পৰা তেজ ওলোৱা বা যিকোনো স্ৰাৱ ওলোৱা

* স্তনৰ আকাৰৰ পৰিৱৰ্তন হোৱা

* স্তনত বিষ অনুভৱ হোৱা

 স্তন কেন্সাৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰি?

১. চিকিৎসকসকলৰ মতে কয় যে ৪০ বছৰ বয়সৰ পাছত মহিলাসকল সজাগ হোৱাটো প্ৰয়োজন। এই সময়ত স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। এনে অৱস্থাত ১-২ বছৰৰ মূৰে মূৰে মেম’গ্ৰাফী টেষ্ট কৰিব লাগে। যদি আপোনাৰ পৰিয়ালৰ ইতিহাসত স্তন কেন্সাৰ হৈছে, তেন্তে আপুনি সঘনাই পৰীক্ষা কৰি থকা উচিত

 ২. স্তন কেন্সাৰৰ পৰা হাত সাৰিবলৈ আপোনাৰ বাবে পৰিয়ালৰ ইতিহাসৰ বিষয়ে তথ্য থকাটো অতি প্ৰয়োজন। আপোনাৰ আত্মীয়ৰ স্তন কেন্সাৰ হৈছে তেন্তে ইয়াৰ দ্বাৰা চিকিৎসকে স্তন কেন্সাৰ জিন (BRCA gene) পৰীক্ষা কৰিব আৰু যদি আপোনাৰ মাজত ই পজিটিভ পোৱা যায়, তেন্তে আপুনি স্তন কেন্সাৰৰ আশংকাত ভোগাৰ সম্ভাৱনা অধিক হ’ব পাৰে। এনে অৱস্থাত আপুনি সদায় চেকআপ কৰি থাকিব লাগে।

 ৩. স্তন কেন্সাৰ ধৰা পেলাবলৈ চিকিৎসকে আত্মপৰীক্ষণৰ পৰামৰ্শ দিয়ে। ইয়াৰ বাবে নিয়মিতভাৱে হাতেৰে স্তনটো স্পৰ্শ কৰি হেঁচা মাৰি ধৰিব লাগে। যদি আপুনি কিবা বিষ, গাঁঠি বা বেলেগ কিবা অনুভৱ কৰে তেন্তে লগে লগে চিকিৎসকৰ ওচৰলৈ যাব লাগে। যদি আপুনি বুজি নাপায়, তেন্তে আপুনি আপোনাৰ স্ত্ৰীৰোগ বিশেষজ্ঞৰ সহায় ল’ব পাৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু