--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাস্থ্যৰ বাবে কিছুমান খাদ্য অতি উপকাৰী। তেনে এবিধ উপকাৰী খাদ্য হল অ'টছ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে অ'টছৰ পৰা তৈয়াৰী কিছুমান বস্তু স্বাস্থ্যকৰ হোৱাৰ লগতে সোৱাদযুক্তও হয়। অ'টছৰ পৰা প্ৰস্তুত কৰা এবিধ স্বাস্থ্যসন্মত ৰেচিপি হল অ'টছ দাল কাবাব।

কিয় খাব লাগে অ'টছ দাল কাবাব?

অ'টছ আৰু মগু দাইল দুয়োটা স্বাস্থ্যগুণেৰে ভৰপূৰ। আন ভজা-পূৰা বস্তু খালে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে যদিও অ'টছৰ পৰা তৈয়াৰী অ'টছ দাল কাবাব স্বাস্থ্যৰ বাবে উপকাৰী। ননষ্টিক কেৰাহীত ভাজিলে আৰু স্বাস্থ্যকৰ তেলত ভাজিলে স্বাস্থ্যৰ ই উপকাৰ সাধিব পাৰে।

ইয়াৰ বাবে কি কি লাগিব?

কৰ্ণফ্লৰ
মগু দাল
অ'টছ
ব্ৰেডৰ গুড়ি
গাজৰ
আদা নহৰু
জিৰা
নিমখ
জলকীয়া
তেল

অ'টছ দাল কাবাবৰ ৰেচিপি

অ'টছ আৰু মচুৰ দালিৰ পৰা কাবাব বনাবলৈ মগু দাইল পানীত তিয়াই থব লাগে। ৫-৬ ঘণ্টাত তিয়াই থোৱাৰ পিছত মগু দাইল কোমল হৈ পৰিব। ইয়াৰ পিছত মিক্সাৰত দি মিহিকৈ পিহি দিব।

গাজৰখিনি ৰুকি লওক। মিক্সাৰত দি ব্ৰেডখিনিও গুড়ি বনাই দিব। আদা-নহৰু পিহি পেষ্ট বনাওক। এতিয়া এটা বাটিত কৰ্ণফ্লৰ লৈ পানীত মিহলাই লওক। এই সকলোবোৰ কথা ভৱিষ্যতে কামত আহিব।

কেৰাহীত অলপ তেল দি, তেল গৰম হোৱাৰ পাছত তাত জিৰা দিব। ইয়াৰ পিছত আদা-নহৰুৰ পেষ্ট দিব। এতিয়া তাত মগু দাইলৰ পেষ্ট দিব। তাৰপাছত গাজৰখিনি দিব। কিছু সময় সিজিবলৈ দিব তাৰপাছত তাত ব্ৰেডৰ গুড়ি দিব। ইয়াৰ পিছত কেৰাহীত কৰ্ণফ্লাৱাৰ মিহলাই দিব। এই মিশ্ৰণটো এনেকৈ কিছু সময় ৰাখক। এতিয়া মিশ্ৰণখিনি উঠাই তাত অ'টছ মিহলাই লওক। সকলো মিশ্ৰণেৰে ঘূৰণীয়া টিক্কি বনাই লওক। ননষ্টিক কেৰাহীত তেল গৰম কৰি কাবাবখিনি ডিপ ফ্ৰাই কৰি ল'ব। হৈ গ'ল তৈয়াৰ আপোনাৰ অ'টছ দাল কাবাব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক