--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্বাস্থ্যৰ বাবে কিছুমান খাদ্য অতি উপকাৰী। তেনে এবিধ উপকাৰী খাদ্য হল অ'টছ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে অ'টছৰ পৰা তৈয়াৰী কিছুমান বস্তু স্বাস্থ্যকৰ হোৱাৰ লগতে সোৱাদযুক্তও হয়। অ'টছৰ পৰা প্ৰস্তুত কৰা এবিধ স্বাস্থ্যসন্মত ৰেচিপি হল অ'টছ দাল কাবাব।

কিয় খাব লাগে অ'টছ দাল কাবাব?

অ'টছ আৰু মগু দাইল দুয়োটা স্বাস্থ্যগুণেৰে ভৰপূৰ। আন ভজা-পূৰা বস্তু খালে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে যদিও অ'টছৰ পৰা তৈয়াৰী অ'টছ দাল কাবাব স্বাস্থ্যৰ বাবে উপকাৰী। ননষ্টিক কেৰাহীত ভাজিলে আৰু স্বাস্থ্যকৰ তেলত ভাজিলে স্বাস্থ্যৰ ই উপকাৰ সাধিব পাৰে।

ইয়াৰ বাবে কি কি লাগিব?

কৰ্ণফ্লৰ
মগু দাল
অ'টছ
ব্ৰেডৰ গুড়ি
গাজৰ
আদা নহৰু
জিৰা
নিমখ
জলকীয়া
তেল

অ'টছ দাল কাবাবৰ ৰেচিপি

অ'টছ আৰু মচুৰ দালিৰ পৰা কাবাব বনাবলৈ মগু দাইল পানীত তিয়াই থব লাগে। ৫-৬ ঘণ্টাত তিয়াই থোৱাৰ পিছত মগু দাইল কোমল হৈ পৰিব। ইয়াৰ পিছত মিক্সাৰত দি মিহিকৈ পিহি দিব।

গাজৰখিনি ৰুকি লওক। মিক্সাৰত দি ব্ৰেডখিনিও গুড়ি বনাই দিব। আদা-নহৰু পিহি পেষ্ট বনাওক। এতিয়া এটা বাটিত কৰ্ণফ্লৰ লৈ পানীত মিহলাই লওক। এই সকলোবোৰ কথা ভৱিষ্যতে কামত আহিব।

কেৰাহীত অলপ তেল দি, তেল গৰম হোৱাৰ পাছত তাত জিৰা দিব। ইয়াৰ পিছত আদা-নহৰুৰ পেষ্ট দিব। এতিয়া তাত মগু দাইলৰ পেষ্ট দিব। তাৰপাছত গাজৰখিনি দিব। কিছু সময় সিজিবলৈ দিব তাৰপাছত তাত ব্ৰেডৰ গুড়ি দিব। ইয়াৰ পিছত কেৰাহীত কৰ্ণফ্লাৱাৰ মিহলাই দিব। এই মিশ্ৰণটো এনেকৈ কিছু সময় ৰাখক। এতিয়া মিশ্ৰণখিনি উঠাই তাত অ'টছ মিহলাই লওক। সকলো মিশ্ৰণেৰে ঘূৰণীয়া টিক্কি বনাই লওক। ননষ্টিক কেৰাহীত তেল গৰম কৰি কাবাবখিনি ডিপ ফ্ৰাই কৰি ল'ব। হৈ গ'ল তৈয়াৰ আপোনাৰ অ'টছ দাল কাবাব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু