--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মহানায়ক অমিতাভ বচ্চনে আজি ৮০ বছৰত ভৰি দিলে। অমিতাভৰ এই বিশেষ দিনটোত আমি আপোনালোকক তেওঁৰ সৈতে জড়িত এটা বিশেষ কথা ক’বলৈ ওলাইছো। অমিতাভ আৰু ৰেখাৰ প্ৰেম কাহিনীৰ বিষয়ে সকলোৱে নিশ্চয় জানে। এসময়ত দুয়োৰে যুটিটো দৰ্শকে বহুত ভাল পাইছিল। 

উল্লেখ্য যে ৰেখাৰ জন্মদিন ১০ অক্টোবৰ আৰু অমিতাভ বচ্চনৰ জন্মদিন ১১ অক্টোবৰ। ৰেখাক শেষবাৰৰ বাবে দেখা গৈছিল অমিতাভৰ সৈতে ‘চিলচিলা’ ছবিখনত। ১৯৮১ চনত পৰিচালক যশ চোপ্ৰাই নিৰ্মাণ কৰিছিল এই ছবিখন। এই ছবিখনৰ পাছতে দুয়োজনে এতিয়ালৈকে একেলগে কাম কৰা নাই। ইয়াৰ আঁৰৰ কাৰণ কি জানো আহক।

প্ৰায় ৪০ বছৰ হ’ল ‘চিলচিলা’ ছবিখনৰ। এই সুদীৰ্ঘ সময়ে অমিতাভ আৰু ৰেখাই ইমান দিনে একেলগে কাম কৰা নাই। এক সাক্ষাৎকাৰৰ সময়ত স্বয়ং অমিতাভ বচ্চনে প্ৰকাশ কৰিছিল যে তেওঁ যোৱা ৪০ বছৰে ৰেখাৰ সৈতে কিয় কাম কৰা নাই। অমিতাভে কৈছে যে যদি কিবা ভাল চিত্ৰনাট্য বনোৱা হয় তেতিয়া ৰেখাৰ সৈতে তেওঁ নিশ্চয় কাম কৰিব। এতিয়ালৈকে তেনে চিত্ৰনাট্য প্ৰস্তুত নোহোৱা বাবেহে দুয়ো একেলগে কাম কৰা নাই।

অমিতাভক যেতিয়া সোধা হৈছিল যে ৰেখাৰ সৈতে অভিনয় কৰিবলৈ সাজু নে? এই প্ৰশ্নটো শুনি অমিতাভ বচ্চনে অতি সৰলতাৰে ‘হয়’ বুলি উত্তৰ দিছিল। 

‘বিবিচি’ক দিয়া এক সাক্ষাৎকাৰত যশ চোপ্ৰাই অমিতাভ আৰু ৰেখাৰ সম্পৰ্কৰ বিষয়ে প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে ৰেখা আৰু অমিতাভৰ মাজত ‘চিলচিলা’ ছবিখনৰ পূৰ্বেই সম্পৰ্ক আছিল। যশ চোপ্ৰাই কৈছিল, ‘চিলচিলা’ ছবিখনৰ সময়ত মই ভয় খাইছিলোঁ, কাৰণ তেওঁৰ বাস্তৱ জীৱনটো ৰিল লাইফলৈ পৰিণত হ’বলৈ ওলাইছিল। চিনেমাখনত জয়া তেওঁৰ পত্নী আৰু ৰেখা তেওঁৰ প্ৰেমিকা আৰু বাস্তৱ জীৱনতো একে কাহিনী চলি আছিল।

উল্লেখ্য যে ১৯৭৩ চনৰ ৩ জুনত অমিতাভ বচ্চন আৰু জয়াৰ বিবাহ হৈছিল। এই বৈবাহিক সম্পৰ্কত দুয়ো বহুতো উত্থান-পতন দেখিছিল যদিও এতিয়াও দুয়ো একেলগে আছে। দুয়োৰে প্ৰেম কাহিনী আৰু বিবাহ ৰাইজৰ বাবে প্ৰেৰণা।









FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’