--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মহানায়ক অমিতাভ বচ্চনে আজি ৮০ বছৰত ভৰি দিলে। অমিতাভৰ এই বিশেষ দিনটোত আমি আপোনালোকক তেওঁৰ সৈতে জড়িত এটা বিশেষ কথা ক’বলৈ ওলাইছো। অমিতাভ আৰু ৰেখাৰ প্ৰেম কাহিনীৰ বিষয়ে সকলোৱে নিশ্চয় জানে। এসময়ত দুয়োৰে যুটিটো দৰ্শকে বহুত ভাল পাইছিল। 

উল্লেখ্য যে ৰেখাৰ জন্মদিন ১০ অক্টোবৰ আৰু অমিতাভ বচ্চনৰ জন্মদিন ১১ অক্টোবৰ। ৰেখাক শেষবাৰৰ বাবে দেখা গৈছিল অমিতাভৰ সৈতে ‘চিলচিলা’ ছবিখনত। ১৯৮১ চনত পৰিচালক যশ চোপ্ৰাই নিৰ্মাণ কৰিছিল এই ছবিখন। এই ছবিখনৰ পাছতে দুয়োজনে এতিয়ালৈকে একেলগে কাম কৰা নাই। ইয়াৰ আঁৰৰ কাৰণ কি জানো আহক।

প্ৰায় ৪০ বছৰ হ’ল ‘চিলচিলা’ ছবিখনৰ। এই সুদীৰ্ঘ সময়ে অমিতাভ আৰু ৰেখাই ইমান দিনে একেলগে কাম কৰা নাই। এক সাক্ষাৎকাৰৰ সময়ত স্বয়ং অমিতাভ বচ্চনে প্ৰকাশ কৰিছিল যে তেওঁ যোৱা ৪০ বছৰে ৰেখাৰ সৈতে কিয় কাম কৰা নাই। অমিতাভে কৈছে যে যদি কিবা ভাল চিত্ৰনাট্য বনোৱা হয় তেতিয়া ৰেখাৰ সৈতে তেওঁ নিশ্চয় কাম কৰিব। এতিয়ালৈকে তেনে চিত্ৰনাট্য প্ৰস্তুত নোহোৱা বাবেহে দুয়ো একেলগে কাম কৰা নাই।

অমিতাভক যেতিয়া সোধা হৈছিল যে ৰেখাৰ সৈতে অভিনয় কৰিবলৈ সাজু নে? এই প্ৰশ্নটো শুনি অমিতাভ বচ্চনে অতি সৰলতাৰে ‘হয়’ বুলি উত্তৰ দিছিল। 

‘বিবিচি’ক দিয়া এক সাক্ষাৎকাৰত যশ চোপ্ৰাই অমিতাভ আৰু ৰেখাৰ সম্পৰ্কৰ বিষয়ে প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে ৰেখা আৰু অমিতাভৰ মাজত ‘চিলচিলা’ ছবিখনৰ পূৰ্বেই সম্পৰ্ক আছিল। যশ চোপ্ৰাই কৈছিল, ‘চিলচিলা’ ছবিখনৰ সময়ত মই ভয় খাইছিলোঁ, কাৰণ তেওঁৰ বাস্তৱ জীৱনটো ৰিল লাইফলৈ পৰিণত হ’বলৈ ওলাইছিল। চিনেমাখনত জয়া তেওঁৰ পত্নী আৰু ৰেখা তেওঁৰ প্ৰেমিকা আৰু বাস্তৱ জীৱনতো একে কাহিনী চলি আছিল।

উল্লেখ্য যে ১৯৭৩ চনৰ ৩ জুনত অমিতাভ বচ্চন আৰু জয়াৰ বিবাহ হৈছিল। এই বৈবাহিক সম্পৰ্কত দুয়ো বহুতো উত্থান-পতন দেখিছিল যদিও এতিয়াও দুয়ো একেলগে আছে। দুয়োৰে প্ৰেম কাহিনী আৰু বিবাহ ৰাইজৰ বাবে প্ৰেৰণা।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী