--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মহানায়ক অমিতাভ বচ্চনে আজি ভৰি দিলে ৮০ বছৰত। এই বয়সতো দুৰন্ত তৰুণ তেওঁ। চিনেমা, সৰু পৰ্দা, বিজ্ঞাপন সকলোতে দপদপাই আছে বিগ বি অমিতাভ বচ্চনে। সাফল্যৰ সোণালী কাহিনী লিখা অমিতাভ বচ্চনৰ বাবে চিনেমা জগতত প্ৰৱেশ কৰাটো ইমান সহজ নাছিল। চিনেমাত নতুনকৈ কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ত অমিতাভ বচ্চনক ‘নট এ ষ্টাৰ মেটেৰিয়েল’ বুলি গণ্য কৰা হৈছিল। কোনো নায়িকাই তেওঁৰ লগত কাম কৰিব নিবিচাৰিব বুলি আলোচনা চলিছিল বলীউডত। 

তেওঁৰ স্মৃতিগ্ৰন্থ ‘দ্য লিজেণ্ডছ অৱ বলীউড’ (২০১৮)ত তেওঁ কৈছে যে তেওঁৰ মাতৃ তেজী বচ্চনে তেওঁৰ বন্ধু প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে যোগাযোগ কৰে, যিয়ে পাছলৈ তেওঁৰ বন্ধু নাৰ্গিছ দত্তক ফোন কৰি স্বামী সুনীল দত্তৰ সৈতে কথা পাতি কিছু চিনেমা জগতত কিছু ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছিল।

অমিতাভৰ ফটো তোলাৰ দায়িত্ব সুনীল দত্তৰ অজন্তা আৰ্টছৰ প্ৰভাৰী ৰাজ গ্ৰ’ভাৰক দিয়া হয় আৰু ঠিক পাছদিনা নাৰ্গিছে চলচ্চিত্ৰ নিৰ্মাতা বি.আৰ. চোপ্ৰাৰ ঘৰলৈ গৈ অমিতাভ বচ্চনৰ ফটোবোৰ দেখুৱালে। চোপ্ৰাই কেৱল এটা কুটিল দৃষ্টিৰে ফটোবোৰ চালে আৰু টেবুলত থৈ দিলে। কিন্তু যেতিয়া বি.আৰ. চোপ্ৰাক কোৱা হ’ল যে ইন্দিৰা গান্ধীয়ে বিষয়টো বিবেচনা কৰিবলৈ দিছে, তেতিয়া বি.আৰ. চোপ্ৰাই ফটোবোৰ আকৌ ভালদৰে চালে আৰু মন্তব্য কৰিলে যে অমিতাভৰ মুখখনত বিশেষ কিবা এটা আছে। এনেদৰেই লাহে লাহে বলীউডত খোজ পেলাইছিল অমিতাভ বচ্চনে। 

প্ৰথমে ৫০০ টকা মাননি পোৱাৰ পৰা আজি সাত অংকৰ মাননি পোৱালৈকে মেগা ছুপাৰষ্টাৰ অমিতাভ বচ্চন এতিয়া বিলাসী জীৱন যাপন কৰি মুম্বাইৰ চাৰিটা বাংলোৰ গৌৰৱান্বিত মালিক। ‘এংগ্ৰী ইয়ং মেন’গৰাকীয়ে বছৰি প্ৰায় ৬০ কোটি টকা উপাৰ্জন কৰে আৰু ৩৫০০ কোটি টকাৰ সম্পত্তিৰ মালিক বুলি জানিব পৰা গৈছে।

বিগ বিৰ উপাৰ্জনৰ উৎসসমূহৰ ভিতৰত আছে চিনেমা আৰু ব্ৰেণ্ডৰ সমৰ্থন। ইয়াৰ বাহিৰেও ৮০ বছৰীয়া অভিনেতাগৰাকীয়ে ৰিয়েল এষ্টেট ব্যৱসায়তো বিনিয়োগ কৰিছে আৰু জাষ্ট ডায়েলকে ধৰি আমেৰিকাৰ টেক ষ্টাৰ্টআপত ধন বিনিয়োগ কৰিছে।

মুম্বাইত অমিতাভ বচ্চনৰ চাৰিটা বাংলো আছে - জলছা, জনক, প্ৰতীক্ষা, ৱটছ। ইয়াৰ লগতে উত্তৰ প্ৰদেশৰ এলাহাবাদত তেওঁৰ পূৰ্বপুৰুষৰ বাসগৃহ আছে, যাক অভিনেতাগৰাকীয়ে শৈক্ষিক ট্ৰাষ্টলৈ ৰূপান্তৰিত কৰিছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ফ্ৰান্সতো অমিতাভ বচ্চনৰ এক সম্পত্তি আছে।

১৯৬৯ চনত 'চাত হিন্দুস্তানী'নামৰ ছবিখনৰ জৰিয়তে বলিউদত খোজ পেলাইছিল বিগ বিয়ে। আৰম্ভণিতে ১৯৬৯ৰ পৰা ১৯৭২ চনলৈকে একাধাৰে ১২খন ছবি ফ্লপ হৈছিল অমিতাভৰ। ইয়াৰ পাছতে ১৯৭৩ চনত ছবিঘৰলৈ আহিল বিগ বি অভিনীত ছবি 'জঞ্জীৰ'। বক্স অফিচত চুপাৰ হিট হোৱাৰ লগতে এই ছবিখনে বলিউদত ‘এংগ্ৰী ইয়ং মেন’ৰূপে বিগ বিৰ এক ভাৱমুৰ্তিও গঢ়ি তুলিছিল।

ইয়াৰ পাছৰে পৰা আৰু উভতি চাব লগা হোৱা নাই অমিতাভে। ইতিমধ্যে ১০০ৰো অধিক ছবিত অভিনয় কৰা অভিতাভ বচ্চনক ভাৰত চৰকাৰে ২০১৫ চনত পদ্ম বিভূষণ, ২০০১চনত পদ্ম ভূষণ আৰু ১৯৮৪ চনত পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল।

বলীউডৰ মহানায়ক হিচাপে প্ৰতিষ্ঠা লাভৰ লগতে এগৰাকী প্ৰকৃত ভদ্ৰলোক হিচাপে নিজৰ ইমেজ গঢ়ি থৈছে অমিতাভ বচ্চনে। মহানায়কগৰাকী কুশলে থাকক...সুস্বাস্থ্যৱান হৈ থাকক.. প্ৰাগ নিউজৰ ফালৰ পৰা জনালো অলেখ শুভকামনা। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী