--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ মহানায়ক অমিতাভ বচ্চনে আজি ভৰি দিলে ৮০ বছৰত। এই বয়সতো দুৰন্ত তৰুণ তেওঁ। চিনেমা, সৰু পৰ্দা, বিজ্ঞাপন সকলোতে দপদপাই আছে বিগ বি অমিতাভ বচ্চনে। সাফল্যৰ সোণালী কাহিনী লিখা অমিতাভ বচ্চনৰ বাবে চিনেমা জগতত প্ৰৱেশ কৰাটো ইমান সহজ নাছিল। চিনেমাত নতুনকৈ কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ত অমিতাভ বচ্চনক ‘নট এ ষ্টাৰ মেটেৰিয়েল’ বুলি গণ্য কৰা হৈছিল। কোনো নায়িকাই তেওঁৰ লগত কাম কৰিব নিবিচাৰিব বুলি আলোচনা চলিছিল বলীউডত। 

তেওঁৰ স্মৃতিগ্ৰন্থ ‘দ্য লিজেণ্ডছ অৱ বলীউড’ (২০১৮)ত তেওঁ কৈছে যে তেওঁৰ মাতৃ তেজী বচ্চনে তেওঁৰ বন্ধু প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে যোগাযোগ কৰে, যিয়ে পাছলৈ তেওঁৰ বন্ধু নাৰ্গিছ দত্তক ফোন কৰি স্বামী সুনীল দত্তৰ সৈতে কথা পাতি কিছু চিনেমা জগতত কিছু ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছিল।

অমিতাভৰ ফটো তোলাৰ দায়িত্ব সুনীল দত্তৰ অজন্তা আৰ্টছৰ প্ৰভাৰী ৰাজ গ্ৰ’ভাৰক দিয়া হয় আৰু ঠিক পাছদিনা নাৰ্গিছে চলচ্চিত্ৰ নিৰ্মাতা বি.আৰ. চোপ্ৰাৰ ঘৰলৈ গৈ অমিতাভ বচ্চনৰ ফটোবোৰ দেখুৱালে। চোপ্ৰাই কেৱল এটা কুটিল দৃষ্টিৰে ফটোবোৰ চালে আৰু টেবুলত থৈ দিলে। কিন্তু যেতিয়া বি.আৰ. চোপ্ৰাক কোৱা হ’ল যে ইন্দিৰা গান্ধীয়ে বিষয়টো বিবেচনা কৰিবলৈ দিছে, তেতিয়া বি.আৰ. চোপ্ৰাই ফটোবোৰ আকৌ ভালদৰে চালে আৰু মন্তব্য কৰিলে যে অমিতাভৰ মুখখনত বিশেষ কিবা এটা আছে। এনেদৰেই লাহে লাহে বলীউডত খোজ পেলাইছিল অমিতাভ বচ্চনে। 

প্ৰথমে ৫০০ টকা মাননি পোৱাৰ পৰা আজি সাত অংকৰ মাননি পোৱালৈকে মেগা ছুপাৰষ্টাৰ অমিতাভ বচ্চন এতিয়া বিলাসী জীৱন যাপন কৰি মুম্বাইৰ চাৰিটা বাংলোৰ গৌৰৱান্বিত মালিক। ‘এংগ্ৰী ইয়ং মেন’গৰাকীয়ে বছৰি প্ৰায় ৬০ কোটি টকা উপাৰ্জন কৰে আৰু ৩৫০০ কোটি টকাৰ সম্পত্তিৰ মালিক বুলি জানিব পৰা গৈছে।

বিগ বিৰ উপাৰ্জনৰ উৎসসমূহৰ ভিতৰত আছে চিনেমা আৰু ব্ৰেণ্ডৰ সমৰ্থন। ইয়াৰ বাহিৰেও ৮০ বছৰীয়া অভিনেতাগৰাকীয়ে ৰিয়েল এষ্টেট ব্যৱসায়তো বিনিয়োগ কৰিছে আৰু জাষ্ট ডায়েলকে ধৰি আমেৰিকাৰ টেক ষ্টাৰ্টআপত ধন বিনিয়োগ কৰিছে।

মুম্বাইত অমিতাভ বচ্চনৰ চাৰিটা বাংলো আছে - জলছা, জনক, প্ৰতীক্ষা, ৱটছ। ইয়াৰ লগতে উত্তৰ প্ৰদেশৰ এলাহাবাদত তেওঁৰ পূৰ্বপুৰুষৰ বাসগৃহ আছে, যাক অভিনেতাগৰাকীয়ে শৈক্ষিক ট্ৰাষ্টলৈ ৰূপান্তৰিত কৰিছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ফ্ৰান্সতো অমিতাভ বচ্চনৰ এক সম্পত্তি আছে।

১৯৬৯ চনত 'চাত হিন্দুস্তানী'নামৰ ছবিখনৰ জৰিয়তে বলিউদত খোজ পেলাইছিল বিগ বিয়ে। আৰম্ভণিতে ১৯৬৯ৰ পৰা ১৯৭২ চনলৈকে একাধাৰে ১২খন ছবি ফ্লপ হৈছিল অমিতাভৰ। ইয়াৰ পাছতে ১৯৭৩ চনত ছবিঘৰলৈ আহিল বিগ বি অভিনীত ছবি 'জঞ্জীৰ'। বক্স অফিচত চুপাৰ হিট হোৱাৰ লগতে এই ছবিখনে বলিউদত ‘এংগ্ৰী ইয়ং মেন’ৰূপে বিগ বিৰ এক ভাৱমুৰ্তিও গঢ়ি তুলিছিল।

ইয়াৰ পাছৰে পৰা আৰু উভতি চাব লগা হোৱা নাই অমিতাভে। ইতিমধ্যে ১০০ৰো অধিক ছবিত অভিনয় কৰা অভিতাভ বচ্চনক ভাৰত চৰকাৰে ২০১৫ চনত পদ্ম বিভূষণ, ২০০১চনত পদ্ম ভূষণ আৰু ১৯৮৪ চনত পদ্মশ্ৰী সন্মান প্ৰদান কৰিছিল।

বলীউডৰ মহানায়ক হিচাপে প্ৰতিষ্ঠা লাভৰ লগতে এগৰাকী প্ৰকৃত ভদ্ৰলোক হিচাপে নিজৰ ইমেজ গঢ়ি থৈছে অমিতাভ বচ্চনে। মহানায়কগৰাকী কুশলে থাকক...সুস্বাস্থ্যৱান হৈ থাকক.. প্ৰাগ নিউজৰ ফালৰ পৰা জনালো অলেখ শুভকামনা। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’