--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'মুকদ্দৰ কা ছিকন্দৰ'ত একেলগে কাম কৰিছিল অমিতাভ আৰু ৰেখাই। চিনেমা হললৈ গৈ সেই চিনেমাখন উপভোগ কৰিছিল অমিতাভৰ পত্নী জয়া বচ্চনে। চিনেমাখনত অমিতাভ আৰু ৰেখাৰ প্ৰেম-ৰোমান্সৰ দৃশ্য দেখি কান্দি উঠিছিল জয়াই। চিনেমা হলৰ একেবাৰে সন্মুখৰ চিটত বহি সেই দৃশ্য চাই আছিল জয়া বচ্চনে। হঠাতে তেওঁৰ চকুৰ পৰা চকুলো বৈ আহিছিল। জয়াই ইমানেই কান্দিছিল যে গাল আৰু ডিঙিৰ পৰা পানী তললৈ নামি গৈছিল অবিৰতভাৱে।

ৰেখাই নিজমুখে বৰ্ণনা কৰিছিল জয়াৰ এই অৱস্থাৰ কথা। ৰেখা সেইদিনা হলঘৰৰ প্ৰজেকচন ৰুমত আছিল আৰু তেওঁ স্ক্ৰীণৰ কাষৰ পৰা জয়াক স্পষ্টকৈ দেখা পাইছিল। কিন্তু জয়াৰ পাছৰ আসনত বহি থকা অমিতাভে সেই চকুপানীবোৰ দেখা নাপালে।

ৰেখাই এক সাক্ষাৎকাৰত এই ঘটনাৰ সবিশেষ বিৱৰণ দিছিল। সেয়া আছিল ১৯৭৮ চনৰ কথা। ৰেখাই এক সাক্ষাৎকাৰত কৈছিল যে 'মুকদ্দৰ কা ছিকন্দৰ'ৰ মুক্তিৰ পূৰ্বে সমগ্ৰ বচ্চন পৰিয়ালৰ বাবে ছবিখনৰ আগতীয়া প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছিল। সেইদিনা ময়ো তাত আছিলো। কিন্তু প্ৰজেকচন ৰুমত। একেবাৰে সন্মুখৰ চিটত বহি আছিল জয়া। মই তেওঁক স্পষ্টকৈ দেখা পাইছিলোঁ। মোৰ আৰু অমিতাভজীৰ মাজৰ অন্তৰংগ দৃশ্যৰ সময়ত জয়াৰ চকুৰ পৰা চকুলো বৈ আহিছিল। জয়াক দেখি মোৰ বৰ বেয়া লাগিছিল।"

১৯৭৮ চনৰ পাছত ১৯৮১ চনত যশ চোপ্ৰাই অমিতাভ, জয়া, ৰেখাক লৈ নিৰ্মাণ কৰিছিল 'চিলচিলা'। তেতিয়ালৈকে তিনিওজনৰ মাজৰ সম্পৰ্ক অৱনমিত হৈছিল। বলীউডত খবৰ বিয়পি পৰিছিল যে ৰেখা আৰু জয়াই ইগৰাকীয়ে সিগৰাকীক দেখিলে মাত নিদিয়ে। দুয়োৰে মাজত মাত-বোল বন্ধ হৈ পৰিছে। কিন্তু ঘটনাৰ বহুদিনৰ পাছত দিয়া এক সাক্ষাৎকাৰত ৰেখাই এই বিষয়টো উৰাবাতৰি বুলি খাৰিজ কৰে।

ৰেখাই আগতে জয়াক ‘দিদিভাই’ বুলি মাতিছিল। ছিমি গৰেৱালৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰেখাই কয়, ‘দিদিভাই বহুত বেছি পৰিপক্ক। তেওঁ অতি ধীৰ-স্থিৰ। তেওঁৰ দৰে মৰ্যাদাসম্পন্ন নাৰী মই কেতিয়াও দেখা নাই।

ৰেখাই লগতে কয় যে, “এটা সময়ত আমাৰ মাজত বহুত ভাল সম্পৰ্ক আছিল। আমি আগতে একেটা এপাৰ্টমেণ্টতে আছিলো। মই জয়াক দিদি ভাই বুলি মাতিছিলোঁ। এতিয়াও মাতো। যিয়েই নহওক, মোৰ পৰা এই সম্পৰ্ক কোনেও কাঢ়ি নিব নোৱাৰে।''

ৰেখাই কয়, “মই সদায় তেনেকৈয়ে ভাবি আহিছো। আৰু মই নিশ্চিত যে তেওঁ এই কথা বুজি পায়।''

জয়াৰ সৈতে ৰেখাৰ মনোমালিন্যৰ বিষয়ে ক’বলৈ গৈ ৰেখাই কয় যে, ''গোটেই কথাটো আছিল উৰাবাতৰি, এই সকলোবোৰ মিডিয়াৰ বাবেই মেক আপ কৰা হৈছিল। দিদি ভাই আৰু মই লগ পালেই সদায় হাঁহিমুখে কথা পাতিছিলো। তেওঁৰ প্ৰতি মোৰ সন্মান প্ৰতি মুহূৰ্ততে বাঢ়ি গৈ আছে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী