--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'মুকদ্দৰ কা ছিকন্দৰ'ত একেলগে কাম কৰিছিল অমিতাভ আৰু ৰেখাই। চিনেমা হললৈ গৈ সেই চিনেমাখন উপভোগ কৰিছিল অমিতাভৰ পত্নী জয়া বচ্চনে। চিনেমাখনত অমিতাভ আৰু ৰেখাৰ প্ৰেম-ৰোমান্সৰ দৃশ্য দেখি কান্দি উঠিছিল জয়াই। চিনেমা হলৰ একেবাৰে সন্মুখৰ চিটত বহি সেই দৃশ্য চাই আছিল জয়া বচ্চনে। হঠাতে তেওঁৰ চকুৰ পৰা চকুলো বৈ আহিছিল। জয়াই ইমানেই কান্দিছিল যে গাল আৰু ডিঙিৰ পৰা পানী তললৈ নামি গৈছিল অবিৰতভাৱে।

ৰেখাই নিজমুখে বৰ্ণনা কৰিছিল জয়াৰ এই অৱস্থাৰ কথা। ৰেখা সেইদিনা হলঘৰৰ প্ৰজেকচন ৰুমত আছিল আৰু তেওঁ স্ক্ৰীণৰ কাষৰ পৰা জয়াক স্পষ্টকৈ দেখা পাইছিল। কিন্তু জয়াৰ পাছৰ আসনত বহি থকা অমিতাভে সেই চকুপানীবোৰ দেখা নাপালে।

ৰেখাই এক সাক্ষাৎকাৰত এই ঘটনাৰ সবিশেষ বিৱৰণ দিছিল। সেয়া আছিল ১৯৭৮ চনৰ কথা। ৰেখাই এক সাক্ষাৎকাৰত কৈছিল যে 'মুকদ্দৰ কা ছিকন্দৰ'ৰ মুক্তিৰ পূৰ্বে সমগ্ৰ বচ্চন পৰিয়ালৰ বাবে ছবিখনৰ আগতীয়া প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছিল। সেইদিনা ময়ো তাত আছিলো। কিন্তু প্ৰজেকচন ৰুমত। একেবাৰে সন্মুখৰ চিটত বহি আছিল জয়া। মই তেওঁক স্পষ্টকৈ দেখা পাইছিলোঁ। মোৰ আৰু অমিতাভজীৰ মাজৰ অন্তৰংগ দৃশ্যৰ সময়ত জয়াৰ চকুৰ পৰা চকুলো বৈ আহিছিল। জয়াক দেখি মোৰ বৰ বেয়া লাগিছিল।"

১৯৭৮ চনৰ পাছত ১৯৮১ চনত যশ চোপ্ৰাই অমিতাভ, জয়া, ৰেখাক লৈ নিৰ্মাণ কৰিছিল 'চিলচিলা'। তেতিয়ালৈকে তিনিওজনৰ মাজৰ সম্পৰ্ক অৱনমিত হৈছিল। বলীউডত খবৰ বিয়পি পৰিছিল যে ৰেখা আৰু জয়াই ইগৰাকীয়ে সিগৰাকীক দেখিলে মাত নিদিয়ে। দুয়োৰে মাজত মাত-বোল বন্ধ হৈ পৰিছে। কিন্তু ঘটনাৰ বহুদিনৰ পাছত দিয়া এক সাক্ষাৎকাৰত ৰেখাই এই বিষয়টো উৰাবাতৰি বুলি খাৰিজ কৰে।

ৰেখাই আগতে জয়াক ‘দিদিভাই’ বুলি মাতিছিল। ছিমি গৰেৱালৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰেখাই কয়, ‘দিদিভাই বহুত বেছি পৰিপক্ক। তেওঁ অতি ধীৰ-স্থিৰ। তেওঁৰ দৰে মৰ্যাদাসম্পন্ন নাৰী মই কেতিয়াও দেখা নাই।

ৰেখাই লগতে কয় যে, “এটা সময়ত আমাৰ মাজত বহুত ভাল সম্পৰ্ক আছিল। আমি আগতে একেটা এপাৰ্টমেণ্টতে আছিলো। মই জয়াক দিদি ভাই বুলি মাতিছিলোঁ। এতিয়াও মাতো। যিয়েই নহওক, মোৰ পৰা এই সম্পৰ্ক কোনেও কাঢ়ি নিব নোৱাৰে।''

ৰেখাই কয়, “মই সদায় তেনেকৈয়ে ভাবি আহিছো। আৰু মই নিশ্চিত যে তেওঁ এই কথা বুজি পায়।''

জয়াৰ সৈতে ৰেখাৰ মনোমালিন্যৰ বিষয়ে ক’বলৈ গৈ ৰেখাই কয় যে, ''গোটেই কথাটো আছিল উৰাবাতৰি, এই সকলোবোৰ মিডিয়াৰ বাবেই মেক আপ কৰা হৈছিল। দিদি ভাই আৰু মই লগ পালেই সদায় হাঁহিমুখে কথা পাতিছিলো। তেওঁৰ প্ৰতি মোৰ সন্মান প্ৰতি মুহূৰ্ততে বাঢ়ি গৈ আছে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’