--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বিদ্যা বালানে 'ডাৰ্টি পিকচাৰ' বোলছবিখনত বোল্ড চিল্ক স্মিথাৰ চৰিত্ৰত অভিনয় কৰি মনোৰঞ্জন জগতত ধুমুহাৰ সৃষ্টি কৰিছিল। তাৰ পিছত 'তুমহাৰে চুলু' বোলছবিখনত বলীউডৰ অভিনেত্ৰীগৰাকীয়ে এগৰাকী উচ্চাকাংক্ষী গৃহিনীৰে ৰেডিঅ' জকী হোৱাৰ কাহিনী কৈছিল। চলচ্চিত্ৰখনত বিভিন্ন ধৰণৰ মহিলাৰ ওপৰত আলোকপাত কৰাৰ বাবে বিদ্যাই দৰ্শক আৰু চলচ্চিত্ৰ সমালোচকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছে।

ভুল ভুলাইয়াৰ অভিনেত্ৰীগৰাকীয়ে অলপতে  চল্লিশৰ দেওনা  সম্পূৰ্ণ কৰিছিল। ৪০ বছৰ সম্পূৰ্ণ কৰাৰ পিছত, বিদ্যাই কয় যে বয়সই ছোৱালীবোৰক অধিক আত্মবিশ্বাসী আৰু সুখী কৰে।

এখন আলোচনীক দিয়া সাক্ষাৎকাৰত বিদ্যাই কয়, "৪০ বছৰৰ পাছতো ছোৱালীবোৰ আৰু অধিক আকৰ্ষণীয়। সাধাৰণতে আমাক লাজকুৰীয়া হ'বলৈ  শিকোৱা হয়। বয়সৰ লগে লগে, ছোৱালীবোৰ অধিক পৰিপক্ক হয়, কিয়নো তেতিয়া তেওঁলোকে একো চিন্তা নকৰে। ই বাঢ়ি গৈ আছে। এইটো এটা আনন্দৰ বিষয়। যেতিয়া কোনেও একো চিন্তা নকৰে, তেতিয়া ধেমালিৰ স্তৰ বৃদ্ধি হ'ব। 

মোৰ এজন বন্ধুৱে কৈছিল যে ৩৫ বছৰৰ পিছত ছোৱালীবোৰে অধিক উপভোগ কৰে। তেওঁ বৰ্ণনা কৰে যে তেওঁ কোনো সম্পৰ্কত জড়িত হ'ব নিবিচাৰে। তেওঁ কৈছিল যে পঁয়ত্ৰিশৰ পিছত ছোৱালীবোৰে একো চিন্তা নকৰে বুলিও বিদ্যাই কয়।

বিদ্যা বালানক কিছু দিন পূৰ্বে  ভাৰতৰ বিখ্যাত গণিতজ্ঞ শকুন্তলাৰ জীৱনীমূলক ছবিত দেখা গৈছিল৷ ইয়াৰ উপৰিও, অভিনেত্ৰীগৰাকীক হিন্দী ছবি 'পিংক'ৰ তামিল ৰিমেকত অজিত কুমাৰৰ বিপৰীতে দেখা যাব। এইখন বিদ্যাৰ প্ৰথম তামিল চলচ্চিত্ৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?