--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বিদ্যা বালানে 'ডাৰ্টি পিকচাৰ' বোলছবিখনত বোল্ড চিল্ক স্মিথাৰ চৰিত্ৰত অভিনয় কৰি মনোৰঞ্জন জগতত ধুমুহাৰ সৃষ্টি কৰিছিল। তাৰ পিছত 'তুমহাৰে চুলু' বোলছবিখনত বলীউডৰ অভিনেত্ৰীগৰাকীয়ে এগৰাকী উচ্চাকাংক্ষী গৃহিনীৰে ৰেডিঅ' জকী হোৱাৰ কাহিনী কৈছিল। চলচ্চিত্ৰখনত বিভিন্ন ধৰণৰ মহিলাৰ ওপৰত আলোকপাত কৰাৰ বাবে বিদ্যাই দৰ্শক আৰু চলচ্চিত্ৰ সমালোচকৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিছে।

ভুল ভুলাইয়াৰ অভিনেত্ৰীগৰাকীয়ে অলপতে  চল্লিশৰ দেওনা  সম্পূৰ্ণ কৰিছিল। ৪০ বছৰ সম্পূৰ্ণ কৰাৰ পিছত, বিদ্যাই কয় যে বয়সই ছোৱালীবোৰক অধিক আত্মবিশ্বাসী আৰু সুখী কৰে।

এখন আলোচনীক দিয়া সাক্ষাৎকাৰত বিদ্যাই কয়, "৪০ বছৰৰ পাছতো ছোৱালীবোৰ আৰু অধিক আকৰ্ষণীয়। সাধাৰণতে আমাক লাজকুৰীয়া হ'বলৈ  শিকোৱা হয়। বয়সৰ লগে লগে, ছোৱালীবোৰ অধিক পৰিপক্ক হয়, কিয়নো তেতিয়া তেওঁলোকে একো চিন্তা নকৰে। ই বাঢ়ি গৈ আছে। এইটো এটা আনন্দৰ বিষয়। যেতিয়া কোনেও একো চিন্তা নকৰে, তেতিয়া ধেমালিৰ স্তৰ বৃদ্ধি হ'ব। 

মোৰ এজন বন্ধুৱে কৈছিল যে ৩৫ বছৰৰ পিছত ছোৱালীবোৰে অধিক উপভোগ কৰে। তেওঁ বৰ্ণনা কৰে যে তেওঁ কোনো সম্পৰ্কত জড়িত হ'ব নিবিচাৰে। তেওঁ কৈছিল যে পঁয়ত্ৰিশৰ পিছত ছোৱালীবোৰে একো চিন্তা নকৰে বুলিও বিদ্যাই কয়।

বিদ্যা বালানক কিছু দিন পূৰ্বে  ভাৰতৰ বিখ্যাত গণিতজ্ঞ শকুন্তলাৰ জীৱনীমূলক ছবিত দেখা গৈছিল৷ ইয়াৰ উপৰিও, অভিনেত্ৰীগৰাকীক হিন্দী ছবি 'পিংক'ৰ তামিল ৰিমেকত অজিত কুমাৰৰ বিপৰীতে দেখা যাব। এইখন বিদ্যাৰ প্ৰথম তামিল চলচ্চিত্ৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’