--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খ্যাতিৰ শিখৰত থকাৰ পাছতো যেন কিবা এটা পোৱা নাই স্কাৰলেট জোহানছনে! হলিউডৰ আগশাৰীৰ অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ এনেধৰণেই এক আক্ষেপ ব্যক্ত কৰিছে।

স্কাৰলেটে শেহতীয়াকৈ মন্তব্য কৰিছে যে কিশোৰী বয়সৰ পৰাই তেওঁ অভিনয় কৰি আহিছে। হলিউডলৈ তেওঁ নিজৰ অভিনয় প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ আহিছিল। কিন্তু অভিনয়ৰ সলনি তেওঁক এগাৰী সুন্দৰী নাৰী হিচাপেহে গণ্য কৰা হ’ল। অৰ্থাৎ তেওঁৰ গুণৰ সলনি ৰূপকহে সকলোৱে আঁকোৱালি ল’লে।

উল্লেখযোগ্য যে ইতিমধ্যে দুবাৰৰ অস্কাৰৰ মনোনয়ন লাভ কৰিছে স্কাৰলেটে। সমালোচকৰ দ্বাৰাও তীব্ৰভাৱে প্ৰশংসিত হৈ আহিছে অভিনেত্ৰীগৰাকী। হলিউডৰ অভিজ্ঞতাও কম নহয় তেওঁৰ। আছে ২৮ বছৰৰ অভিজ্ঞতা।

কিন্তু ইয়াৰ পাছতো তেওঁ আক্ষেপ কৰি কয় যে হলিউডত যিধৰণৰ চিনেমা কৰিবলৈ তেওঁ ইচ্ছা কৰি আহিছে, সেইধৰণৰ চিনেমাৰ অফাৰ লাভ কৰা নাই। তাৰ কাৰণ হৈছে হলিউডত প্ৰথমৰ পৰাই তেওঁক অভিনেত্ৰীৰ সলনি যৌনতাৰ দেৱী হিচাপে উপস্থাপন কৰা হৈ আহিছে। ফলস্বৰূপে অত্যধিক গ্লেমাৰাছ চৰিত্ৰতহে তেওঁক অভিনয়ৰ সুযোগ দিয়া হৈছে।

স্কাৰলেটে কয় যে তেওঁৰ পূৰ্বেও বহু অভিনেত্ৰীয়ে হলিউডত এই অভিজ্ঞতা লাভ কৰি আহিছে। ইয়াৰ মাজত অন্যতম মেৰিলীন মনৰো। সেইবাবেই চিনেমাৰ  চৰিত্ৰ নিৰ্বাচন আৰু নিজৰ ভাৱমূৰ্তি নিৰ্মাণৰ ক্ষেত্ৰত সচেতন হৈ পৰিছে স্কাৰলেট।

উল্লেখযোগ্য যে স্কাৰলেটৰ বৰ্তমান বয়স ৩৭। কেইবাখনো জনপ্ৰিয় আৰু কালজয়ী চিনেমাত অভিনয়ৰ সুযোগ পোৱা স্কাৰলেটক বিশ্বৰ প্ৰভাৱশালী ব্যক্তিসকলৰ ভিতৰত অন্যতম হিচাপে জনা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’