--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খ্যাতিৰ শিখৰত থকাৰ পাছতো যেন কিবা এটা পোৱা নাই স্কাৰলেট জোহানছনে! হলিউডৰ আগশাৰীৰ অভিনেত্ৰীগৰাকীয়ে শেহতীয়াকৈ এনেধৰণেই এক আক্ষেপ ব্যক্ত কৰিছে।

স্কাৰলেটে শেহতীয়াকৈ মন্তব্য কৰিছে যে কিশোৰী বয়সৰ পৰাই তেওঁ অভিনয় কৰি আহিছে। হলিউডলৈ তেওঁ নিজৰ অভিনয় প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ আহিছিল। কিন্তু অভিনয়ৰ সলনি তেওঁক এগাৰী সুন্দৰী নাৰী হিচাপেহে গণ্য কৰা হ’ল। অৰ্থাৎ তেওঁৰ গুণৰ সলনি ৰূপকহে সকলোৱে আঁকোৱালি ল’লে।

উল্লেখযোগ্য যে ইতিমধ্যে দুবাৰৰ অস্কাৰৰ মনোনয়ন লাভ কৰিছে স্কাৰলেটে। সমালোচকৰ দ্বাৰাও তীব্ৰভাৱে প্ৰশংসিত হৈ আহিছে অভিনেত্ৰীগৰাকী। হলিউডৰ অভিজ্ঞতাও কম নহয় তেওঁৰ। আছে ২৮ বছৰৰ অভিজ্ঞতা।

কিন্তু ইয়াৰ পাছতো তেওঁ আক্ষেপ কৰি কয় যে হলিউডত যিধৰণৰ চিনেমা কৰিবলৈ তেওঁ ইচ্ছা কৰি আহিছে, সেইধৰণৰ চিনেমাৰ অফাৰ লাভ কৰা নাই। তাৰ কাৰণ হৈছে হলিউডত প্ৰথমৰ পৰাই তেওঁক অভিনেত্ৰীৰ সলনি যৌনতাৰ দেৱী হিচাপে উপস্থাপন কৰা হৈ আহিছে। ফলস্বৰূপে অত্যধিক গ্লেমাৰাছ চৰিত্ৰতহে তেওঁক অভিনয়ৰ সুযোগ দিয়া হৈছে।

স্কাৰলেটে কয় যে তেওঁৰ পূৰ্বেও বহু অভিনেত্ৰীয়ে হলিউডত এই অভিজ্ঞতা লাভ কৰি আহিছে। ইয়াৰ মাজত অন্যতম মেৰিলীন মনৰো। সেইবাবেই চিনেমাৰ  চৰিত্ৰ নিৰ্বাচন আৰু নিজৰ ভাৱমূৰ্তি নিৰ্মাণৰ ক্ষেত্ৰত সচেতন হৈ পৰিছে স্কাৰলেট।

উল্লেখযোগ্য যে স্কাৰলেটৰ বৰ্তমান বয়স ৩৭। কেইবাখনো জনপ্ৰিয় আৰু কালজয়ী চিনেমাত অভিনয়ৰ সুযোগ পোৱা স্কাৰলেটক বিশ্বৰ প্ৰভাৱশালী ব্যক্তিসকলৰ ভিতৰত অন্যতম হিচাপে জনা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?