--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় চলচ্চিত্ৰ জগতত এক কিংবদন্তী চৰিত্ৰ হিচাপে সদায়ে জিলিকি থাকিব গব্বৰ। বলীউডৰ বহুল জনপ্ৰিয় ‘শ্বোলে’ত গব্বৰৰ নাম ভূমিকাত অভিনয় কৰি অভাৱনীয় খ্যাতি অৰ্জন কৰিছিল আমজাদ খানে। শ্বোলেৰ এই গব্বৰ চৰিত্ৰটোৰ পাছত ভাৰতীয় চলচ্চিত্ৰ জগতত এইবাৰ চলচ্চিত্ৰ প্ৰেমীয়ে দেখা পাব আন এক গব্বৰক। জনপ্ৰিয় অ'টিটি প্লেটফৰ্ম নেটফ্লিক্সৰ জৰিয়তে এইবাৰ দৰ্শকৰ কাষ চাপিবলৈ সাজু হৈছে গব্বৰ। এই গব্বৰ আন কোনো নহয়, চলচ্চিত্ৰত নতুনকৈ ভুমুকি মাৰিবলৈ সাজু হোৱা এই গব্বৰ হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অপেনিং বেটাৰ শিখৰ ধাৱান। 

ভাৰতীয় ক্ৰিকেট শিবিৰত গব্বৰ হিচাপে জনাজাত শিখৰ ধাৱানে নিজৰ বিস্ফোৰক বেটিঙেৰে ২২ গজৰ বিশ্বত নিজকে প্ৰতিষ্ঠিত কৰাৰ পিছত এইবাৰ অভিনয় জগতত আত্মপ্ৰকাশৰ বাবে সাজু হৈছে। নেটফ্লিক্সত মুক্তি পাবলগীয়া হিন্দী ভাষাৰ ছবি ‘ডাবল এক্সএল’ৰ জৰিয়তে অভিনেতা হিচাপে অভিষেক ঘটাবলৈ আগবাঢ়িছে ধাৱান। বলীউডৰ দুই জনপ্ৰিয় অভিনেত্ৰী হোমা কুৰেশ্বি আৰু সোনাক্ষী সিনহা অভিনীত আহিবলগীয়া ছবি ‘ডাবল এক্সএল’ত এক বিশেষ ভূমিকাত দেখিবলৈ পোৱা যাব ক্ৰিকেট তাৰকাগৰাকীক। 

চলচ্চিত্ৰখনৰ এটা দৃশ্য সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। চুলিৰ এক আকৰ্ষণীয় ষ্টাইলেৰে ক'লা চুট পৰিহিত ধাৱানক এই দৃশ্যটোত ৰঙা গাউন পৰিহিত হোমাৰ নৃত্যৰত অৱস্থাত দেখা গৈছে। প্ৰকাশ পোৱাৰ পাছতে ছবিখনে সামাজিক মাধ্যমত খলকনি তুলিছে। প্ৰিয় ক্ৰিকেট তাৰকাগৰাকীক এই নতুন ৰূপত দেখি স্বাভাৱিকতেই ৰোমাঞ্চিত হৈ পৰিছে অনুৰাগীসকল।

জানিব পৰা মতে, ‘ডাবল এক্সএল’ নামৰ এই সামাজিক বাৰ্তা বহনকাৰী কমেডি চিনেমাখনত দুগৰাকী মেদবহুল মহিলাৰ জীৱন যাত্ৰাৰ কাহিনী বৰ্ণনা কৰা হৈছে। ছবিখনত মিৰাটৰ এগৰাকী ক্ৰীড়া উপস্থাপক ৰাজশ্ৰী ত্ৰিবেদীৰ চৰিত্ৰত অভিনয় কৰিছে হোমা কুৰেশ্বিয়ে। আনহাতে আন এক কেন্দ্ৰীয় চৰিত্ৰ নতুন দিল্লীৰ ফেশ্বন ডিজাইনাৰ চাইৰা খান্নাৰ নাম ভূমিকাত অভিনয় কৰিছে সোনাক্ষী সিনহাই। সমাজৰ তথাকথিত সৌন্দৰ্যৰ ধাৰণাৰ সৈতে এই দুই মহিলাই কিদৰে প্ৰত্যাহ্বান জনায়, সেই কাহিনীক লৈ চিনেমাখন নিৰ্মাণ কৰা হৈছে। মানদণ্ড তৈয়াৰ কৰে। সতৰাম ৰমণীৰ দ্বাৰা পৰিচালিত এই ছবিখনে ৪ নৱেম্বৰত নেটফ্লিক্সত মুক্তি পাব।

আনহাতে চিনেমাখনত অভিনয় সন্দৰ্ভত শিখৰ ধাৱানে কয় যে ছবিখনৰ কাহিনীয়ে তেওঁৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল আৰু অভিনয়ৰ বাবে সন্মতি প্ৰকাশ কৰিছিল। "এজন খেলুৱৈ হিচাপে আমাৰ জীৱন সদায় অতি ব্যস্ত হৈ থাকে। ভাল মনোৰঞ্জনমূলক চলচ্চিত্ৰ চোৱা মোৰ এক প্ৰিয় কাম। অভিনয়ৰ এই সুযোগ মোৰ ওচৰলৈ অহাৰ পিছত মই যেতিয়া চিনেমাখনৰ কাহিনীটো শুনিছিলো, কাহিনীটোৱে মোৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল। চিনেমাখনে সমগ্ৰ সমাজৰ বাবে এক সুন্দৰ বাৰ্তা বহন কৰিব। মই আশা কৰো যে চিনেমাখনত দেখুওৱাৰ দৰেই যুৱক-যুৱতীসকলে যিকোনো পৰিস্থিতিতে তেওঁলোকৰ স্বপ্ন অনুসৰণ কৰি থাকিব।"

ছবিখনত হোমা, সোনাক্ষী আৰু ধাৱানৰ উপৰিও জাহিৰ ইকবাল আৰু মাহত ৰাঘৱেন্দ্ৰৱেও অভিনয় কৰিছে। ভূষণ কুমাৰ, কৃষ্ণ কুমাৰ, বিপুল ডি শ্বাহ, অশ্বিন ভাৰ্ডে, ৰাজেশ বহেল, চাকিব ছালিম, হোমা কুৰেছি আৰু মুদাছাৰ আজিজে প্ৰযোজনা কৰা এই চিনেমাখন টি-চিৰিজ, ৱাকাউ ফিল্মছ আৰু ৰিক্লিনিং চিটছ চিনেমাৰ দ্বাৰা উপস্থাপন কৰা হৈছে। ক্ৰিকেট বিশ্বত নিজৰ আক্ৰমণাত্মক শৈলীৰে অনুৰাগীৰ মন জয় কৰা ধাৱানে এতিয়া অভিনেতা হিচাপে কিদৰে চলচ্চিত্ৰপ্ৰেমীক আকৰ্ষিত কৰে, সেয়া লক্ষণীয় হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’