--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বয়স মাথোঁ এটা সংখ্যা। মনোবল, ইচ্ছাশক্তি আৰু সাহস থাকিলে যিকোনো বয়সতে যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰি। তাকেই যেন হৰিদ্বাৰৰ ৭০ বছৰীয়া এগৰাকী বৃদ্ধাই পুনৰ প্ৰমাণ কৰিলে। হৰিদ্বাৰৰ হৰ কী পৌৰী দলঙৰ পৰা ‘তৰুণ’ বৃদ্ধাগৰাকীয়ে জঁপিয়ায় গংগা নৈত। কেৱল জঁপিওৱাই নহয়, সাঁতোৰ মৰাও দেখিবলৈ পোৱা গ’ল তেওঁক। এক কথাত ক’বলৈ গ’লে বৃদ্ধা বয়সত এক অনাকাংক্ষিত, দৃষ্টিনন্দন সমৰকলাৰ চমক।

অশোক বসোয়া নামৰ এগৰাকী ব্যক্তিয়ে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল এই ভিডিঅ’টো। কেপচনত বৃদ্ধাগৰাকীয়ে লিখিছে, ‘আইতাৰ জাঁপ’;  তাৰ পিছত ভাইৰেল হৈ পৰিল ভিডিঅ’টো। নেটিজেনে বৃদ্ধাগৰাকীৰ এনে দুঃসাহসিক ক্ৰীড়াৰ শ’লাগ লৈছে, জনাইছে অভিবাদন। সন্মান জনাইছে বৃদ্ধাগৰাকীৰ নিৰ্ভীক মানসিকতাক। যিটো সময়ত সাধাৰণতে এই বয়সৰ বৃদ্ধাসকলে ঘৰতে জিৰণি ল’বলৈ পছন্দ কৰে, সেইসময়তে হৰিদ্বাৰৰ এই ভাইৰেল ভিডিঅ’টোৰ যোগেদি বৃদ্ধাগৰাকীয়ে দিছে নতুন সাহস।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ