--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই দেশৰ,আজৱ ঘটনা৷ উত্তৰ প্ৰদেশৰ ফিৰোজাবাদ জিলাত জিলা ন্যায়াধীশ হৰবীৰ সিঙে এজন ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ড আৰু ৫৫হাজাৰ টকাৰ জৰিমনা বিহিছে। ইয়াৰ উপৰিও জৰিমনা পৰিশোধ নকৰিলে দোষীক ১১ মাহৰ অতিৰিক্ত কাৰাদণ্ড ভুগিব লাগিব বুলি ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে এই হত্যাকাণ্ডত ৯ জন অভিযুক্তৰ মৃত্যু হৈছে।


ঘটনা অনুসৰি ১৯৮১ চনত ১০ জন দলিতক নৃশংসভাৱে হত্যা কৰাৰ লগতে আন দুজন লোক আহত হয়।সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি এই গোচৰটো থানা শিকোহাবাদৰ গাঁও সাদুপুৰৰ সৈতে জড়িত। য'ত ১৯৮১ চনত ১০ জন দলিতক নৃশংসভাৱে হত্যা কৰা হৈছিল আৰু আন দুজন আহত হৈছিল। যাৰ সন্দৰ্ভত ১০ জন অভিযুক্তৰ বিৰুদ্ধে প্ৰতিবেদন দাখিল কৰা হৈছিল। গণহত্যাৰ পাছত ৰাজ্য আৰু দেশৰ সকলো নেতা গাঁওখনলৈ আহিছিল। ঘটনাৰ সময়ত শিকোহাবাদ থানা মইনপুৰী জিলাত আছিল আৰু ১৯৮৯ চনত ফিৰোজাবাদ জিলা হিচাপে ঘোষণা কৰাৰ পিছত ফিৰোজাবাদলৈ আহিছিল।


উল্লেখযোগ্য যে তদন্তৰ অন্তত আৰক্ষীয়ে ১০জন অভিযুক্তৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰে। বিচাৰৰ সময়ত ৯ জন অভিযুক্তৰ মৃত্যু হৈছে। আনহাতে, জিলা ন্যায়াধীশ হৰবীৰ সিঙে অভিযুক্তসকলৰ ভিতৰত এজন অভিযুক্ত গংগা দয়াল (৯০ বছৰ বয়সৰ) শিকোহাবাদৰ গড়ী দনচাহাই থানাৰ বাসিন্দা লজ্জাৰামৰ পুত্ৰক দোষী সাব্যস্ত কৰিছে। চৰকাৰৰ হৈ যুক্তি প্ৰদৰ্শন কৰে জিলা চৰকাৰৰ অধিবক্তা ৰাজীৱ উপাধ্যায়ে। জিলা ৰাজহুৱা অধিবক্তাৰ ৰাজীৱ উপাধ্যায়ৰ মতে, ১৯৮১ চনৰ ডিচেম্বৰ মাহত শিকোহাবাদ থানা এলেকাৰ অন্তৰ্গত সাধপুৰ নামৰ এখন গাঁৱত এই হত্যাকাণ্ড সংঘটিত হৈছিল। ঘটনা সন্দৰ্ভত গাঁৱৰ গাঁওবুঢ়াজনে আৰক্ষীক অৱগত কৰিছিল।













FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ