--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীত পুনৰ সংঘটিত হৈছে এটা লোমহৰ্ষক ঘটনা৷ দিল্লীৰ উধম সিং নগৰ অঞ্চলত কাজিয়াৰ সময়ত এজন লোকে ভুলবশতঃ প্ৰেমিকাক হত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। অপ্ৰত্যাশিত মৃত্যুত বিভ্ৰান্ত আৰু ভয় খাই অভিযুক্তই শ্বেভিং ব্লেডেৰে মহিলাগৰাকীৰ ডিঙি ফালি ওচৰৰ পথাৰত পেলাই দিয়া বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

আৰক্ষী অধীক্ষক অভয় প্ৰতাপ সিঙে জনোৱা মতে, বিগত ৮ বছৰ ধৰি অভিযুক্তৰ সৈতে অবৈধ সম্পৰ্ক আছিল। আগতে মৃতকে নিজৰ লগত কাম কৰা শ্ৰমিকৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷। দুয়োৰে নিজৰ নিজৰ সংগীৰ লগত বিবাহিত আছিল যদিও ইজনে সিজনৰ লগত সম্পৰ্ক ৰাখিছিল।


মৃতদেহ উদ্ধাৰৰ প্ৰায় দুদিনমান পূৰ্বে দুয়োৰে মাজত হোৱা কাজিয়াৰ সময়ত অভিযুক্তই মহিলাগৰাকীক ঠেলি দিয়ে। তললৈ পৰি মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ ফলত থিতাতে মৃত্যু হয়।আৰক্ষীয়ে দিল্লীৰ কানোৰী গাঁৱৰ পথাৰত পৰি থকা সাবিত্ৰী দেৱী নামৰ মৃতদেহটো উদ্ধাৰ কৰে। তদন্তৰ অংশ হিচাপে ইয়াক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল।

ইফালে, কাশীপুৰৰ আৰক্ষী অধীক্ষক প্ৰতাপ সিঙে জানিবলৈ দিয়া মতে, অভিযুক্তৰ স্বীকাৰোক্তিৰ পিছতে আই পি চিৰ সংশ্লিষ্ট ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে বিষয়াসকলে। লগতে বিষয়াগৰকীয়ে অৱগত কৰে যে তেওঁলোকে অভিযুক্তৰ পৰা হত্যাৰ অস্ত্ৰটোও উদ্ধাৰ কৰিছে।

এতিয়া বিষয়াসকলে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছে যাতে তদন্ত অধিক আগবাঢ়িব পাৰে।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক