--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীত পুনৰ সংঘটিত হৈছে এটা লোমহৰ্ষক ঘটনা৷ দিল্লীৰ উধম সিং নগৰ অঞ্চলত কাজিয়াৰ সময়ত এজন লোকে ভুলবশতঃ প্ৰেমিকাক হত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। অপ্ৰত্যাশিত মৃত্যুত বিভ্ৰান্ত আৰু ভয় খাই অভিযুক্তই শ্বেভিং ব্লেডেৰে মহিলাগৰাকীৰ ডিঙি ফালি ওচৰৰ পথাৰত পেলাই দিয়া বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

আৰক্ষী অধীক্ষক অভয় প্ৰতাপ সিঙে জনোৱা মতে, বিগত ৮ বছৰ ধৰি অভিযুক্তৰ সৈতে অবৈধ সম্পৰ্ক আছিল। আগতে মৃতকে নিজৰ লগত কাম কৰা শ্ৰমিকৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷। দুয়োৰে নিজৰ নিজৰ সংগীৰ লগত বিবাহিত আছিল যদিও ইজনে সিজনৰ লগত সম্পৰ্ক ৰাখিছিল।


মৃতদেহ উদ্ধাৰৰ প্ৰায় দুদিনমান পূৰ্বে দুয়োৰে মাজত হোৱা কাজিয়াৰ সময়ত অভিযুক্তই মহিলাগৰাকীক ঠেলি দিয়ে। তললৈ পৰি মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ ফলত থিতাতে মৃত্যু হয়।আৰক্ষীয়ে দিল্লীৰ কানোৰী গাঁৱৰ পথাৰত পৰি থকা সাবিত্ৰী দেৱী নামৰ মৃতদেহটো উদ্ধাৰ কৰে। তদন্তৰ অংশ হিচাপে ইয়াক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল।

ইফালে, কাশীপুৰৰ আৰক্ষী অধীক্ষক প্ৰতাপ সিঙে জানিবলৈ দিয়া মতে, অভিযুক্তৰ স্বীকাৰোক্তিৰ পিছতে আই পি চিৰ সংশ্লিষ্ট ধাৰাত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে বিষয়াসকলে। লগতে বিষয়াগৰকীয়ে অৱগত কৰে যে তেওঁলোকে অভিযুক্তৰ পৰা হত্যাৰ অস্ত্ৰটোও উদ্ধাৰ কৰিছে।

এতিয়া বিষয়াসকলে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছে যাতে তদন্ত অধিক আগবাঢ়িব পাৰে।
















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস