--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পুৱা ৬ বজাৰ পৰা ই ডিৰ শতাধিক বিষয়াই এই তালাচী চলায়। তালাচীৰ সময়ত ই ডিৰ বিষয়াসকলে টোল কালেকশ্যন বুথ আৰু নিৰীক্ষণ চকীসমূহৰো সন্ধান কৰে।

ডিজিটেল ডেস্ক : ঝাৰখণ্ড আৰু পশ্চিম বংগত কয়লা মাফিয়াৰ বিৰুদ্ধে শুকুৰবাৰে ব্যাপক অভিযান চলায় আইন বলবৎকাৰী সঞ্চালকালয়ে (ইডি)। ধনৰ অবৈধ সৰবৰাহৰ গোচৰৰ সংক্ৰান্তত ই ডিয়ে দুয়োখন ৰাজ্যৰ ৪২ ঠাইত তালাচী চলায়।


পুৱা ৬ বজাৰ পৰা ই ডিৰ শতাধিক বিষয়াই এই তালাচী চলায়। তালাচীৰ সময়ত ই ডিৰ বিষয়াসকলে টোল কালেকশ্যন বুথ আৰু নিৰীক্ষণ চকীসমূহৰো সন্ধান কৰে। তালাচীত ই ডিৰ বিষয়াই বৃহৎ পৰিণাণৰ নগদ ধন, গহনাসহ বহুতো সম্পত্তি জব্দ কৰে। 


সূত্ৰসমূহে প্রকাশ কৰা মতে, ই ডিৰ ৰাঁচী শাখাৰ এটা দলে কয়লা চুৰি আৰু চোৰাং ব্যৱসায়ৰ সৈতে জড়িত অনুসন্ধানৰ বাবে ঝাৰখণ্ডৰ ১৮ ঠাইত তালাচী চলায়। এই সংক্রান্তত কয়লা মাফিয়া অনিল গোবেল, সঞ্জয় উধ্যোগ, লালু বাবু সিং আৰু অমৰ মণ্ডলৰ বিভিন্ন চৌহদত তালাচী চলায়। দেবপ্রভা কোম্পানীৰ সঞ্চালক লাল বাবু সিং আৰু তেওঁৰ ভাতৃ কৃপানাথ সিঙৰ ধানবাদ আৰু ঝৰিয়াত থকা চৌহদসমূহত তালাচী চলায়। 


এই অভিযানৰ সময়ত কয়লা মাফিয়া কেইজনৰ পৰা নগদ ধনসহ বহুতো সম্পত্তি জব্দ কৰা হয়। আনহাতে, পশ্চিম বংগৰ প্ৰায় ২৪ ঠাইত ই ডিয়ে ব্যাপক তালাচী চলায়। এই তালাচী কয়লাৰ অবৈধ খনন আৰু মজুতৰ বিৰুদ্ধে চলোৱা হৈছিল। পশ্চিম বংগত নৰেন্দ্ৰ খৰকা, যুধিষ্ঠিৰ ঘোষ, কৃষ্ণ মুৰাৰী কায়ল, চিন্ময় মণ্ডলসহ কেইবাজনো কয়লা ব্যৱসায়ীৰ চৌহদত ই ডিয়ে তালাচী চলায়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ