--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • পুৱা ৬ বজাৰ পৰা ই ডিৰ শতাধিক বিষয়াই এই তালাচী চলায়। তালাচীৰ সময়ত ই ডিৰ বিষয়াসকলে টোল কালেকশ্যন বুথ আৰু নিৰীক্ষণ চকীসমূহৰো সন্ধান কৰে।

ডিজিটেল ডেস্ক : ঝাৰখণ্ড আৰু পশ্চিম বংগত কয়লা মাফিয়াৰ বিৰুদ্ধে শুকুৰবাৰে ব্যাপক অভিযান চলায় আইন বলবৎকাৰী সঞ্চালকালয়ে (ইডি)। ধনৰ অবৈধ সৰবৰাহৰ গোচৰৰ সংক্ৰান্তত ই ডিয়ে দুয়োখন ৰাজ্যৰ ৪২ ঠাইত তালাচী চলায়।


পুৱা ৬ বজাৰ পৰা ই ডিৰ শতাধিক বিষয়াই এই তালাচী চলায়। তালাচীৰ সময়ত ই ডিৰ বিষয়াসকলে টোল কালেকশ্যন বুথ আৰু নিৰীক্ষণ চকীসমূহৰো সন্ধান কৰে। তালাচীত ই ডিৰ বিষয়াই বৃহৎ পৰিণাণৰ নগদ ধন, গহনাসহ বহুতো সম্পত্তি জব্দ কৰে। 


সূত্ৰসমূহে প্রকাশ কৰা মতে, ই ডিৰ ৰাঁচী শাখাৰ এটা দলে কয়লা চুৰি আৰু চোৰাং ব্যৱসায়ৰ সৈতে জড়িত অনুসন্ধানৰ বাবে ঝাৰখণ্ডৰ ১৮ ঠাইত তালাচী চলায়। এই সংক্রান্তত কয়লা মাফিয়া অনিল গোবেল, সঞ্জয় উধ্যোগ, লালু বাবু সিং আৰু অমৰ মণ্ডলৰ বিভিন্ন চৌহদত তালাচী চলায়। দেবপ্রভা কোম্পানীৰ সঞ্চালক লাল বাবু সিং আৰু তেওঁৰ ভাতৃ কৃপানাথ সিঙৰ ধানবাদ আৰু ঝৰিয়াত থকা চৌহদসমূহত তালাচী চলায়। 


এই অভিযানৰ সময়ত কয়লা মাফিয়া কেইজনৰ পৰা নগদ ধনসহ বহুতো সম্পত্তি জব্দ কৰা হয়। আনহাতে, পশ্চিম বংগৰ প্ৰায় ২৪ ঠাইত ই ডিয়ে ব্যাপক তালাচী চলায়। এই তালাচী কয়লাৰ অবৈধ খনন আৰু মজুতৰ বিৰুদ্ধে চলোৱা হৈছিল। পশ্চিম বংগত নৰেন্দ্ৰ খৰকা, যুধিষ্ঠিৰ ঘোষ, কৃষ্ণ মুৰাৰী কায়ল, চিন্ময় মণ্ডলসহ কেইবাজনো কয়লা ব্যৱসায়ীৰ চৌহদত ই ডিয়ে তালাচী চলায়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু