--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দিল্লী বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত ডাঃ মুজাম্মিল ছাকিলে জৈছ চালিত সন্ত্রাসবাদী ডাক্তৰৰ গোটটোৱে পৰিকল্পনাৰ বিষয়ত মুখ খুলিছে।

ডিজিটেল ডেস্ক : ভাৰতৰ বিভিন্ন চহৰত আক্ৰমণৰ পৰিকল্পনা ২০২৩ চনৰে পৰা কৰি আছিল সন্ত্রাসবাদী ডাক্তৰৰ গোটটোৱে। দিল্লীত বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ সময়ত এই বিস্ফোৰক স্বীকাৰোক্তি দিছে সন্ত্রাসবাদী ডাক্তৰ মুজাম্মিল ছাকিলে।


দিল্লী বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত ডাঃ মুজাম্মিল ছাকিলে জৈছ চালিত সন্ত্রাসবাদী ডাক্তৰৰ গোটটোৱে পৰিকল্পনাৰ বিষয়ত মুখ খুলিছে। ২০২৩ চনতে দেশৰ বহুকেইখন চহৰত আক্ৰমণৰ ব্লুপ্রিন্ট ৰচা হৈছিল। 


দিল্লীৰ লালকিল্লাৰ সমীপত হোৱা বিস্ফোৰণটোৰ প্ৰকৃত উদ্দেশ্য আছিল দেশৰ বিভিন্ন চহৰত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত কৰাটো। আত্মঘাতী বোমাৰু ওমৰ মহম্মদৰ সহযোগী ডাঃ মুজাম্মিল ছাকিলক নিয়াই জেৰা কৰা সময়ত স্বীকাৰ কৰে যে দুবছৰ পূৰ্বৰ পৰাই দেশত ধাৰাবাহিক বিস্ফোৰণৰ পৰিকল্পনা কৰা হৈছিল। 


এই উদ্দেশ্যৰে মুজাম্মিলে বিস্ফোৰক, ৰিমোট আৰু বোমা প্রস্তুতৰ সঁজুলি সংগ্ৰহ কৰিছিল। মুজাম্মিলক এম 'নিয়াম নাইট্রেট সংগ্ৰহৰ দায়িত্বও দিয়া হৈছিল। মুজাম্মিলে হাৰিয়ানাৰ গুৰুগ্ৰাম আৰু নুহৰ পৰা ৩ লাখ টকাৰ ২৬ কুইণ্টল এন পি কে সাৰ ক্ৰয় কৰিছিল বোমা প্রস্তুতৰ বাবে। আনহাতে, ফৰিদাবাদৰ পৰা বিস্ফোৰক সামগ্রী সংগ্ৰহ কৰিছিল বুলি মুজাম্মিলে নিয়াৰ জেৰাত স্বীকাৰোক্তি দিয়ে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু