--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিজাব পৰিধান নকৰাটোৱেই কাল হ’ল এগৰাকী যুৱতীৰ। জানিব পৰা মতে ১৩ ছেপ্টেম্বৰৰ দিনা এগৰাকী যুৱতীয়ে তেওঁৰ আত্মীয় ঘৰলৈ যোৱাৰ সময়তে আধা ৰাস্তাতে যুৱতীগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইয়াৰ তিনিদিনৰ পাছত অৰ্থাৎ ১৬ ছেপ্টেম্বৰৰ নিশা আৰক্ষীৰ জিম্মাতে যুৱতীগৰাকীৰ মৃত্যু হৈছিল।

যুৱতীগৰাকীৰ আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ যাওঁতেই হিচাব নিপিন্ধাৰ অপৰাধত তেওঁক আৰক্ষীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা যুৱতীগৰাকীৰ নাম আছিল মহচা অমীনী, তেওঁৰ বয়স আছিল প্ৰায় ২২ বছৰ। যুৱতীগৰাকীৰ মৃত্যুৰ পাছত মৃত মহচাৰ মাতৃয়ে আৰক্ষীৰ লোকসকলেই মহচাক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে।

তেওঁ কৈছে যে আৰক্ষীৰ লোকসকলে মহচাক গ্ৰেপ্তাৰ কৰি বেয়াকৈ প্ৰহাৰ কৰাৰ ফলতেই মৃত্যু ঘটা বুলি অভিযোগ উত্থাপিত হৈছে। কিন্তু আৰক্ষীৰ লোকসকলে এই অভিযোগ অস্বীকাৰ কৰিছে।

ঘটনাটো ইৰানৰ। স্মৰ্তব্য যে ইৰানত হিজাব পৰিধান কৰাটো বাধ্যতামূলক আছিল। হিজাব পৰিধান নকৰাসকল শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল। সেয়েহে মহচাৰ ক্ষেত্ৰতো তেনে এক অনুৰূপ ঘটনাই সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ