--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী এতিয়া পানীৰ তলত! দিল্লীৰ প্ৰায় ৯৫ শতাংশ এলেকা এতিয়া বানত ডুব গৈছে। যোৱা কেইদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণে দিল্লীত ভয়ংকৰ বানৰ সৃষ্টি কৰিছে।  যমুনা নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। দিল্লীত উচ্চ সতৰ্কতা অৱলম্বন কৰা হৈছে। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা দিল্লীৰ বানৰ  ছবি আৰু ভিডিঅ'বোৰে মানুহক এতিয়া আতংকিত কৰি  তুলিছে।  

দিল্লীত এইবাৰ বানৰ  ৪৫ বছৰ পুৰণি অভিলেখ ভংগ  হৈছে। ১৯৭৮  চনত যমুনাৰ পানীৰ স্তৰ ২০৪.৭৯ মিটাৰ  হৈছিল। এইবাৰ পানীৰ  স্তৰ  ২০৮.৪৮ মিটাৰ হৈছে। যমুনাৰ পানীয়ে বহু এলেকা বুৰাই পেলাইছে।  কাশ্মীৰে গেট, মজনু কি তিলা, আইটিঅ', লালকিল্লা আৰু দিল্লী সচিবালয় প্লাবিত হৈছে।

দিল্লীৰ ৰাষ্ট্ৰীয় স্মাৰক ইণ্ডিয়া গেটো জলমগ্ন হোৱাৰ সম্ভাৱনা আছে।  ডুব গৈছে ৰিং ৰোড আৰু আইপি ফ্লাইঅভাৰৰ ওচৰৰ এলেকাও। ফলত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰিছে।দিল্লীৰ চৰকাৰে বানৰ বাবেই লালকিল্লা দৰ্শনাৰ্থীৰ বাবে বন্ধ ঘোষণা কৰিছে, লগতে দেওবাৰলৈ দিল্লীৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। 

আনকি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰৰ সন্মুখতো বানৰ তাণ্ডৱ চলিছে। উল্লেখ্য সমগ্ৰ উত্তৰ ভাৰতে যোৱা কেইদিনমানধৰি ধাৰাসাৰ বৰষুণৰ সন্মুখীন হৈ আছে। দিল্লী, পঞ্জাৱ, হিমাচল প্ৰদেশ  বৰষুণ আৰু ভূমিস্খলন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। বহু ঠাইত বাট-পথৰ চিন-মোকাম নোহোৱা হৈ পৰিছে। ইয়াৰ মাজতে  হাৰিয়ানাৰ হাতনিকুণ্ড বান্ধৰ পৰা পানী এৰি দিয়া হৈছে। ফলত, যমুনাৰ পানীৰ স্তৰ বিপদসীমাত কৈ তিনি মিটাৰ বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ