--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী এতিয়া পানীৰ তলত! দিল্লীৰ প্ৰায় ৯৫ শতাংশ এলেকা এতিয়া বানত ডুব গৈছে। যোৱা কেইদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণে দিল্লীত ভয়ংকৰ বানৰ সৃষ্টি কৰিছে।  যমুনা নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে। দিল্লীত উচ্চ সতৰ্কতা অৱলম্বন কৰা হৈছে। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা দিল্লীৰ বানৰ  ছবি আৰু ভিডিঅ'বোৰে মানুহক এতিয়া আতংকিত কৰি  তুলিছে।  

দিল্লীত এইবাৰ বানৰ  ৪৫ বছৰ পুৰণি অভিলেখ ভংগ  হৈছে। ১৯৭৮  চনত যমুনাৰ পানীৰ স্তৰ ২০৪.৭৯ মিটাৰ  হৈছিল। এইবাৰ পানীৰ  স্তৰ  ২০৮.৪৮ মিটাৰ হৈছে। যমুনাৰ পানীয়ে বহু এলেকা বুৰাই পেলাইছে।  কাশ্মীৰে গেট, মজনু কি তিলা, আইটিঅ', লালকিল্লা আৰু দিল্লী সচিবালয় প্লাবিত হৈছে।

দিল্লীৰ ৰাষ্ট্ৰীয় স্মাৰক ইণ্ডিয়া গেটো জলমগ্ন হোৱাৰ সম্ভাৱনা আছে।  ডুব গৈছে ৰিং ৰোড আৰু আইপি ফ্লাইঅভাৰৰ ওচৰৰ এলেকাও। ফলত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰিছে।দিল্লীৰ চৰকাৰে বানৰ বাবেই লালকিল্লা দৰ্শনাৰ্থীৰ বাবে বন্ধ ঘোষণা কৰিছে, লগতে দেওবাৰলৈ দিল্লীৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে। 

আনকি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰৰ সন্মুখতো বানৰ তাণ্ডৱ চলিছে। উল্লেখ্য সমগ্ৰ উত্তৰ ভাৰতে যোৱা কেইদিনমানধৰি ধাৰাসাৰ বৰষুণৰ সন্মুখীন হৈ আছে। দিল্লী, পঞ্জাৱ, হিমাচল প্ৰদেশ  বৰষুণ আৰু ভূমিস্খলন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। বহু ঠাইত বাট-পথৰ চিন-মোকাম নোহোৱা হৈ পৰিছে। ইয়াৰ মাজতে  হাৰিয়ানাৰ হাতনিকুণ্ড বান্ধৰ পৰা পানী এৰি দিয়া হৈছে। ফলত, যমুনাৰ পানীৰ স্তৰ বিপদসীমাত কৈ তিনি মিটাৰ বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস