--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভগ্ন পৰিয়ালৰ দুখে খেদিছেআলোক মৌৰ্যক৷মহকুমাধিপতি (এছডিএম) জ্যোতি মৌৰ্যৰ বিৰুদ্ধে প্ৰতাৰণা আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰা আলোক মৌৰ্যই কয় যে তেওঁৰ পৰিয়ালটোৰ সকলো শেষ হৈছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা এক আছুতীয়া বাৰ্তালাপত আলোক মৌৰ্যই কয় যে, ' তৃতীয় এজন ব্যক্তিৰ বাবে মোৰ আৰু মোৰ পত্নীৰ মাজত তৰ্ক-বিতৰ্ক হয়, যাৰ ফলত মোৰ পৰিয়ালটো ছিন্ন-ভিন্ন হৈ পৰিল আৰু আজি সকলো শেষ হৈ গ’ল'৷ আমাৰ বিবাহ দুয়োটা পৰিয়ালৰ সন্মতি সাপেক্ষে কৰা হৈছিল। বিয়াৰ পাছত জ্যোতিয়ে পঢ়া-শুনা চলাব বিচাৰিছিল আৰু মই তাইক সহায় কৰিছিলোঁ। ২০১৫ চনত তাই পৰীক্ষাত উত্তীৰ্ণ হৈ অফিচাৰ হৈছিল।কম দৰমহা থকাৰ পাছতো মই সকলো প্ৰকাৰে জ্যোতিৰ শিক্ষাক সমৰ্থন কৰিছিলো।এতিয়া তাই মোৰ মূল্যক অৱজ্ঞা কৰিছিল।"

উল্লেখ্য যে, প্ৰতাপগড়ৰ পঞ্চায়তীৰাজ বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আলোকে জ্যোতিয়ে এছডিএম হোৱাৰ পাছত তেওঁক এৰি থৈ যোৱাৰ অভিযোগ উত্থাপন কৰাত জ্যোতি মৌৰ্যৰ কাহিনীয়ে শিৰোনাম দখল কৰে।

আলোকে দাবী কৰে যে তেওঁৰ পত্নীৰ পঢ়া-শুনা আৰু ৰাজ্য চৰকাৰৰ বিষয়া পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ প্ৰস্তুতিৰ বাবে তেওঁৰ পুঁজি দিছিল। আনকি তেওঁ ঋণ লৈছিল যাতে তাইৰ সপোন পূৰণৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণো পাব পাৰে৷

পাছত আলোকে দাবী কৰে যে গাজিয়াবাদত হোমগাৰ্ড কমাণ্ডেণ্ট হিচাপে নিযুক্তি দিয়া মনীষ ডুবেৰ সৈতে জ্যোতিৰ অবৈধ সম্পৰ্ক আছিল।

আভ্যন্তৰীণ তদন্তত বিভাগটোৰ ভাবমূৰ্তি কলংকিত কৰাৰ বাবে মনীষ ডুবেক দায়ী বুলি ধৰা পৰে, তাৰ পাছত তেওঁক নিলম্বন কৰাৰ পৰামৰ্শ দিয়া হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস