--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা তিমিৰ বমি সৰবৰাহ চক্ৰৰ সন্ধান পোৱা গৈছে তামিলনাডুত। টুটিকোৰিন উপকূলত অভিযান চলাই ৰাজ্যখনৰ ৰাজহ বিভাগে ১৮ কেজি বমি জব্দ কৰে। যাৰ বৰ্তমান বজাৰ মূল্য প্ৰায় ৩১ কোটি ৬৭ লাখ টকা।

যোৱা ১৮ মে’ত ৰাজহ বিভাগৰ বিষয়াসকলে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল যে তামিলনাডুৰ উপকূলৰ পৰা তিমিৰ বমি চোৰাংভাৱে অনা হৈছে। সেই খবৰ পাই শনিবাৰে বিষয়াসকলে টুটিকোৰিন উপকূলত অভিযান চলায়।

গাড়ীৰে চোৰাংভাৱে বমিখিনি সৰবৰাহ কৰা হৈছিল। তদন্তকাৰী দলে গাড়ীখন জব্দ কৰি সন্মুখৰ চিটৰ তলৰ পৰা ১৮ কেজি ১০০ গ্ৰাম বমি উদ্ধাৰ কৰে। লগতে ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হয়।

ধৃত লোককেইজনে জনোৱা মতে, তিমিৰ বমি প্ৰায়ে টুটিকোৰিন উপকূলৰ পৰা চোৰাংভাৱে অনা হয়। কিন্তু ক’ত সৰবৰাহৰ হয় সেই সন্দৰ্ভত তেওঁলোকে মুখ খোলা নাই। অৱশ্যে তদন্তকাৰী বিষয়াসকলে এই বমি ক’ৰ পৰা সৰবৰাহ কৰা হৈছিল সেই কথা জানিবলৈ চেষ্টা চলাইছে। কেৱল সেয়াই নহয়, তেওঁলোকে এই সৰবৰাহৰ চক্ৰটো ক’ত ক’ত বিয়পি পৰিছে সেই কথাও জানিবলৈ চেষ্টা চলাইছে।

তিমিৰ বমিক ‘এম্বাগ্ৰিছ’ বুলি কোৱা হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত ‘স্পাৰ্ম হোয়েল’ৰ বমিৰ বিৰাট দাম। চাহিদাও বেছি। এই তিমি প্ৰজাতিটো বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ অধীনত সংৰক্ষিত প্ৰাণীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ