--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা তিমিৰ বমি সৰবৰাহ চক্ৰৰ সন্ধান পোৱা গৈছে তামিলনাডুত। টুটিকোৰিন উপকূলত অভিযান চলাই ৰাজ্যখনৰ ৰাজহ বিভাগে ১৮ কেজি বমি জব্দ কৰে। যাৰ বৰ্তমান বজাৰ মূল্য প্ৰায় ৩১ কোটি ৬৭ লাখ টকা।

যোৱা ১৮ মে’ত ৰাজহ বিভাগৰ বিষয়াসকলে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল যে তামিলনাডুৰ উপকূলৰ পৰা তিমিৰ বমি চোৰাংভাৱে অনা হৈছে। সেই খবৰ পাই শনিবাৰে বিষয়াসকলে টুটিকোৰিন উপকূলত অভিযান চলায়।

গাড়ীৰে চোৰাংভাৱে বমিখিনি সৰবৰাহ কৰা হৈছিল। তদন্তকাৰী দলে গাড়ীখন জব্দ কৰি সন্মুখৰ চিটৰ তলৰ পৰা ১৮ কেজি ১০০ গ্ৰাম বমি উদ্ধাৰ কৰে। লগতে ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হয়।

ধৃত লোককেইজনে জনোৱা মতে, তিমিৰ বমি প্ৰায়ে টুটিকোৰিন উপকূলৰ পৰা চোৰাংভাৱে অনা হয়। কিন্তু ক’ত সৰবৰাহৰ হয় সেই সন্দৰ্ভত তেওঁলোকে মুখ খোলা নাই। অৱশ্যে তদন্তকাৰী বিষয়াসকলে এই বমি ক’ৰ পৰা সৰবৰাহ কৰা হৈছিল সেই কথা জানিবলৈ চেষ্টা চলাইছে। কেৱল সেয়াই নহয়, তেওঁলোকে এই সৰবৰাহৰ চক্ৰটো ক’ত ক’ত বিয়পি পৰিছে সেই কথাও জানিবলৈ চেষ্টা চলাইছে।

তিমিৰ বমিক ‘এম্বাগ্ৰিছ’ বুলি কোৱা হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত ‘স্পাৰ্ম হোয়েল’ৰ বমিৰ বিৰাট দাম। চাহিদাও বেছি। এই তিমি প্ৰজাতিটো বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ অধীনত সংৰক্ষিত প্ৰাণীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস