--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নগালেণ্ডৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন, চমুকৈ ‘আফস্পা’ প্ৰত্যাহাৰৰ পৰামৰ্শ দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ গৃহ-মন্ত্ৰণালয়ে গঠন কৰা সমিতিৰ প্ৰতিবেদন দাখিলৰ সময়সীমা উকলিছে৷ বিগত বৰ্ষৰ ৪ ডিচেম্বৰত নগালেণ্ডৰ মন জিলাত সংঘটিত গণহত্যাৰ দেশজোৰা প্ৰতিক্ৰিয়াস্বৰূপে আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ৰ প্ৰচেষ্টাত সেই বছৰৰে ২৩ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হৈছিল বৈঠক৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নগালেণ্ডৰ উপ-মুখ্যমন্ত্ৰীসহিতে কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত আছিল৷ ভাৰতৰ ৰেজিষ্ট্ৰাৰ জেনেৰেল বিবেক যোশীৰ অধ্যক্ষতাত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিছিল সমিতি৷ যিখন সমিতিৰ সদস্য আছিল পীযূষ গোৱেলো৷ সেই সমিতিক নগালেণ্ডৰ পৰা আফস্পা প্ৰত্যাহাৰ সন্দৰ্ভত প্ৰতিবেদন আৰু পৰামৰ্শ প্ৰদান কৰিবলৈ ৪৫দিনৰ সময়সীমা দিয়া হৈছিল৷ নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই আগতে কৈছিল যে সমিতিখনে ইয়াৰ পৰামৰ্শ প্ৰতিবেদন উপস্থাপন কৰিবলৈ ৪৫দিন সময় পাইছিল (৯ ফেব্ৰুৱাৰীৰ ভিতৰত)। গৃহ-মন্ত্ৰণালয়ৰ নিৰ্দেশনাত কোৱা হৈছিল যে, সমিতিখনে পৰৱৰ্তী তিনিমাহৰ ভিতৰত (২৬ মাৰ্চ, ২০২২) উপযুক্ত পৰামৰ্শ আগবঢ়াব লাগিব। ২০২১ৰ ৪ ডিচেম্বৰত ভাৰতীয় সেনাৰ ২১টা পেৰা বিশেষ বাহিনীৰ কমাণ্ডোসকলে বিদ্ৰোহীবিৰোধী অভিযানত ১৩জনকৈ নাগৰিকক গুলীয়াই হত্যা কৰে। সেনা গোটৰ দ্বাৰা ৪ ডিচেম্বৰৰ আক্ৰমণৰ বিৰুদ্ধে বৰ্ধিত অসামৰিক ক্ষোভৰ পৰিপ্ৰেক্ষিতত গঠন কৰা হৈছিল সমিতি৷ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ৰ দাবী অনুসৰি ৪৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বিচৰা নগালেণ্ডৰ পৰা সশস্ত্ৰ বাহিনী(বিশেষ ক্ষমতা) আইন বা প্ৰত্যাহাৰৰ অধ্যয়নৰ বাবে ডিচেম্বৰত কেন্দ্ৰীয় গৃহ-মন্ত্ৰণালয়ে গঠন কৰা সমিতিয়ে এতিয়াও প্ৰতিবেদন দাখিল কৰিব পৰা নাই৷ স্বাভিমানী নগালেণ্ডবাসীয়ে ভাৰতীয় সেনাৰ সেই গণহত্যাৰ বিৰুদ্ধে দল-মত নিৰ্বিশেষে একত্ৰিত হৈ ‘আফস্পা’ প্ৰত্যাহাৰৰ দাবী জোৰদাৰ কৰি তুলিছিল৷ আনকি, ৰাজ্যখনৰ বিজেপি নেতা সোচ্চাৰ হৈ পৰিছিল গৃহমন্ত্ৰী শ্বাহৰ বিৰুদ্ধে৷ কেন্দ্ৰীয় চৰকাৰে ‘আফস্পা’ প্ৰত্যাহাৰৰ বাবে সমিতি গঠন কৰি দিয়াৰ পাছত নগালেণ্ডবাসী আশ্বস্ত হৈছিল৷ কিন্তু, ৪৫দিন উকলি যোৱাৰ পাছতো প্ৰতিবেদন দাখিল নকৰি নগালেণ্ডবাসীক প্ৰতাৰণা কৰিলে নেকি কেন্দ্ৰীয় চৰকাৰে, এই প্ৰশ্ন এতিয়া সৰ্বত্ৰ উচ্চাৰিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য