--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ নাগৰিকৰে চান কাঢ়ি ধনকুবেৰত পৰিণত হৈছে ভাৰতৰ একাংশ লোক৷ ভাৰতৰ ৰাজকোষৰ ধন আত্মসাৎ কৰি বহিঃৰাষ্ট্ৰলৈ পলায়ন কৰা ভাৰতৰ পলাতক প্ৰবঞ্চকসকলক ওভোতাই আনিবলৈও তৎপৰ নহয় কেন্দ্ৰীয় চৰকাৰ৷ শেহতীয়াকৈ পোহৰলৈ আহিছে ভাৰতৰ পৰা পলায়ন কৰা ধনকুবেৰ বিজয় মালিয়া, নীৰৱ মোদী আৰু মেহুল চকচীৰ পৰা ভাৰতৰ বেংকলৈ ১৮,০০০ কোটি টকা ঘূৰাই অনা হৈছে৷ কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক জনাইছে এই তথ্য৷ ধন ৰপ্তানিৰ গোচৰৰ সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়, চমুকৈ ইডিক প্ৰদান কৰা ক্ষমতাৰ বিস্তৃত পৰিসৰক প্ৰত্যাহ্বান জনোৱা এটা গোটৰ আৱেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰিছে এই তথ্য৷ ভাৰতত প্ৰৱৰ্তন সঞ্চালকালয়ে অবৈধ ধনৰ সৰবৰাহৰ গোচৰৰ তদন্ত অব্যাহত ৰাখিছে আৰু দেশৰ পৰা বিজয় মালিয়াসহিতে পলায়ন কৰা ধনকুবেৰসকলৰ ধনৰ মুঠ পৰিমাণ হৈছে ৬৭,০০০ কোটি টকা৷ কেন্দ্ৰীয় চৰকাৰৰ হৈ উপস্থিত হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতৰ দ্বাৰা প্ৰদান কৰা সুৰক্ষাৰ বাবে কেনেদৰে বৃহৎ পৰিমাণৰ ধন এতিয়াও আবদ্ধ হৈ আছে আৰু পুনৰুদ্ধাৰ পৰ্যায় অতিক্ৰম কৰিবলৈ এতিয়াও কিমান বাকী, তাক প্ৰতিফলিত কৰিবলৈ পৰিসংখ্যাবোৰ উল্লেখ কৰে। তেওঁ কয়, হাজাৰ হাজাৰ কোটি টকা লুট কৰি দেশ ত্যাগ কৰা কিছুমান লোকে আদালতৰ সুৰক্ষা লাভ কৰিছে। বিগত সময়ছোৱাত কপিল চিবাল, অভিষেক মনু সিংভি আৰু মুকুল ৰোহতগীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ অধিবক্তাই উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰিছে, অবৈধ ধন সৰবৰাহ প্ৰতিৰোধ আইন বা পিএমএলএৰ শেহতীয়া সংশোধনীসমূহৰ সম্ভাৱ্য অপব্যৱহাৰৰ ফালে আঙুলিয়াই দিছে। বিদেশৰ পৰিস্থিতিৰ তুলনাত ভাৰতত এই আইনৰ অধীনত তদন্তৰ বাবে অতি কম সংখ্যক গোচৰহে গ্ৰহণ কৰা হৈছে বুলি কেন্দ্ৰই ন্যায়াধীশ এ এম খানউইলকাৰ, দিনেশ মহেশ্বৰী আৰু চিটি ৰবিকুমাৰৰ বিচাৰপীঠক অৱগত কৰে৷ উদাহৰণস্বৰূপে কেন্দ্ৰই লণ্ডনৰ উদ্ধৃতি দিছিল, য’ত এবছৰত ৭,৯০০টা গোচৰ ‘মানি লণ্ডাৰিং আইন’ৰ অধীনত ৰুজু কৰা হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰত ১,৫৩২টা, চীনত ৪,৭৯১টা, অষ্ট্ৰিয়াত ১,০৩৬টা, হংকঙত ১,৮২৩টা বেলজিয়ামত ১,৮৬২টা আৰু ৰাছিয়াত ২,৭৬৪টা গোচৰ ৰুজু হৈছে৷ কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি, ভাৰতত বিগত ৫ বছৰত প্ৰতিবছৰে তদন্তৰ বাবে লোৱা গোচৰৰ সংখ্যা ২০১৫-১৬ বৰ্ষত ১১১টাৰ পৰা ২০২০-২১ বৰ্ষত ৯৮১লৈ বৃদ্ধি পাইছে৷ বিগত পাঁচ বছৰত ২০১৬-১৭ বৰ্ষৰ পৰা ২০২০-২১ চনলৈ এনে ধৰণৰ অপৰাধৰ বাবে ৩৩ লাখ এজাহাৰ দাখিল কৰা হৈছে। কিন্তু, তদন্তৰ বাবে মাত্ৰ ২,০৮৬ টা গোচৰ গ্ৰহণ কৰা হৈছে বুলি কেন্দ্ৰই উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক