--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড ছবি জগতৰ সৰ্বকালৰ জনপ্ৰিয় ক্লাছিক ছবি ‘শ্বোলে’ই ১৯৭৫ চনৰ ১৫ আগষ্টত মুক্তি লাভ কৰিছিলে। ছবিখন সকলো দিশৰ পৰাই ভৰপূৰ আছিল। একচন, কমেডী, ৰোমাঞ্চ আৰু ট্ৰেজেডীৰে পৰিপূৰ্ণ আছিল শ্বোলে। যাৰবাবে ৰমেশ চিপ্পীয়ে পৰিচালনা কৰা এই ছবিখন ছুপাৰ ডুপাৰ হিট হৈছিল। শ্বোলেত মাল্টি ষ্টাৰ আছিল যদিও সকলোৰে চৰিত্ৰবোৰ এনেকুৱা আছিল যে আজিও অভিনেতাসকলক তেওঁলোকৰ ছবিৰ চৰিত্ৰটোৰ নামেৰে মানুহে মাতে। ইয়াৰে এটা হৈছে আমজাদ খানৰ চৰিত্ৰ। উল্লেখ্য যে ‘গব্বৰ’ হিন্দী চিনেমাৰ এনে এজন ভয়ংকৰ খলনায়ক যাৰ নাম ইতিহাসত লিপিবদ্ধ হৈ আছে। কৰ্ণাটকৰ বেংগালুৰু আৰু মহীশূৰৰ মাজত অৱস্থিত পাহাৰেৰে আগুৰি থকা ‘ৰামনগৰাম’ত সমগ্ৰ ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল।

দক্ষিণ ভাৰতৰ ‘ৰামনগৰাম’ক ডকাইতৰ আতংকত ভুগি থকা উত্তৰ ভাৰতৰ এখন গাঁও ‘ৰামগড়’ৰ ৰূপ দিয়া হৈছিল৷ আচলতে ‘শ্বোলে’ৰ ৰামগড় হৈ পৰা গাঁওখন আছিল বেংগালুৰপ আৰু মহীশূৰৰ মাজৰ ওখ মালভূমিৰ কোলাত অৱস্থিত এখন সৰু গাঁও ৰামানগৰম। ইয়াত দুবছৰতকৈও অধিক সময় ধৰি ছবিখনৰ শ্বুটিং হৈছিল। মেকাৰসকলে ৰামগড়ৰ ৰূপত এখন সম্পূৰ্ণ বসতিপূৰ্ণ গাঁও স্থাপন কৰিলে। গাঁওখনলৈ যাবলৈ এটা পকী পথ নিৰ্মাণ কৰা হৈছিল। এই গাঁওখন শ্বোলেৰ আগৰ পৰাই আছিল যদিও শ্বোলেৰ পাছতহে এই গাঁওখনে ৰাইজৰ মাজত পৰিচিতি লাভ কৰিছিল। পৰৱৰ্তী বছৰবোৰত ই পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুও হৈ পৰিছিল। যেতিয়া ছবিখনৰ শ্বুটিং শেষ হ’ল, তেতিয়া ৰাইজে ৰামানগৰমৰ এটা অংশ ‘চিপ্পী নগৰ’ বুলি নামকৰণ কৰি প্ৰযোজকসকলক ধন্যবাদ জনাইছিল।

১৯৭৩ চনৰ পৰা ১৯৭৫ চনৰ ভিতৰত শ্বোলে ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। আজিও ঠাকুৰৰ গাঁও ৰামগড় আৰু গব্বৰৰ এলেকা চাবলৈ বৃহৎ সংখ্যক লোক ইয়াত উপস্থিত হয়। বিবিচিৰ এক প্ৰতিবেদন অনুসৰি যেতিয়া শ্বোলেৰ শ্বুটিং শেষ হৈছিল তেতিয়া প্ৰডাকচন টিমে গাঁওখন ধ্বংস কৰি পেলাইছিল। মুম্বাইলৈ উভতি অহাৰ সময়ত প্ৰযোজক জি পি চিপ্পিয়ে ৰামগড় গাঁও স্থাপনৰ বাবে কিনা মূল্যৱান সামগ্ৰীসমূহ স্থানীয় ব্যৱসায়ী পি ভি নাগৰাজনক এক লাখ টকাত বিক্ৰী কৰাৰ কথা আছিল যদিও সেয়া হৈ নুঠিল। অৱশেষত গাঁওখনৰ নিৰ্মাণত ব্যৱহৃত সকলো সামগ্ৰী বিতৰণ কৰা হ’ল। কিছুমান সামগ্ৰী নিলাম কৰা হ’ল। আৰু ফিল্ম ইউনিটৰ সৈতে কাম কৰা শ্ৰমিকসকলক বহুত মেটেৰিয়েল দিয়া হৈছিল।

উল্লেখ্য যে ১৯৭৫ চনত যেতিয়া শ্বোলেই মুক্তি লাভ কৰিছিল তেতিয়া ই বৰ ভাল সঁহাৰি পোৱা নাছিল। সমালোচকসকলেও ছবিখনৰ সন্দৰ্ভত অতি বেয়া ৰিভিউ দিছিল। কিন্তু দুসপ্তাহৰ মন্থৰতাৰ পিছত শ্বোলেই যি গতি ধৰিলে, সেই গতিয়ে ইতিহাস ৰচনা কৰিলে। শ্বোলেক ভাৰতৰ ইতিহাসত এতিয়ালৈকে সৰ্বাধিক সফল চলচ্চিত্ৰ বুলি গণ্য কৰা হয়।

এই গাঁৱত ভৰি দিয়াৰ লগে লগে পৰ্যটকসকলৰ ছবিখনৰ প্ৰতিটো দৃশ্য মনত পৰি যায়। আগতে ৰামানগৰম এখন সাধাৰণ গাঁও আছিল, কিন্তু শ্বোলেৰ পিছত ই যথেষ্ট বিখ্যাত হৈ পৰিছিল। ইয়ালৈ পৰ্যটক আহিবলৈ ধৰিলে। আজি ৰামগড় বিখ্যাত পৰ্যটনস্থলীতকৈ কোনো গুণে কম নহয়। ৰামানগৰম ওৰফে ৰামগড়ৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ’ল ইমান বছৰৰ পাছতো গাওঁখনৰ পৰিৱেশটো হুবহু ছবিখনত দেখুওৱাৰ দৰেই হৈ আছে। মানুহে ইয়াৰ নিজান সজীৱ পৰিৱেশ, ওখ-ডাঙৰ পাহাৰ বৰ ভালপায়।

ইয়াত ৰামগড় ৰিজৰ্ট এণ্ড স্পা চেণ্টাৰ এটাও আৰম্ভ কৰা হৈছে। ৰিজৰ্টখনৰ মেনেজাৰক ঠাকুৰ আৰু স্পা মাষ্টৰক গব্বৰৰ ৰূপত দেখা যায়।

আমি জানো যে প্ৰতিটো মুদ্ৰাৰ দুটা ফাল থাকে। মানুহে ইয়াক লৈ সুখী হোৱাৰ বিপৰীতে কোনোবা নহয় কোনোবা এটা সময়ত তেওঁলোকৰ মাজতো অসন্তুষ্টিৰ সৃষ্টি হয়।

আচলতে ইয়াত কিছুমান মানুহৰ মতে শ্বোলেৰ শ্বুটিঙৰ পিছত গাঁওখনৰ বৈশিষ্ট কাঢ়ি লৈ ​​যোৱা হ'ল। আগতে ৰামানগৰম পাহাৰ আৰু বিৰল প্ৰজাতিৰ শগুণৰ বাবে বিখ্যাত আছিল, কিন্তু ছবিৰ শ্বুটিঙৰ সময়ত কৰা গুলীচালনা, অবিৰত বোমাবৰ্ষণ, কোলাহল আৰু বন্দুকৰ গুলীৰ বাবে ইয়াৰ পৰা শগুণে প্ৰব্ৰজন কৰিবলৈ আৰম্ভ কৰিছিল।

বাৰু, য’ত কিছু উপকাৰ আছে তাত কিছু ক্ষতিও আছে। আজিও ইয়ালৈ অহা মানুহে জয় আৰু বীৰুৰ বন্ধুত্বক দেখে, পাহাৰত গব্বৰৰ মাত অনুৰণিত হয়, বসন্তীক মনত পেলাই মানুহৰ মুখলৈ হাঁহি আহে আৰু ৰাধাক স্মৰণ কৰি মানুহ ভাবুক হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২১ জুনৰ নীট-ইউ জিৰ প্ৰৱেশ-পত্ৰ জাৰি
জলবায়ুৰ পৰিৱৰ্তন; সংকটৰ গৰাহত হিমালয়ৰ পৰিৱেশতন্ত্র
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement